আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অনুমোদন লাভ কৰাৰ পিছত মাত্ৰ ৯৬ ঘণ্টাৰ ভিতৰতে ইৰানত বৃহৎ সামৰিক অভিযান আৰম্ভ কৰিবলৈ সাজু হৈ আছে আমেৰিকাৰ সেনা। যিকোনো মুহূৰ্ততে ইৰানত পুনৰ আক্ৰমণ চলাব পাৰে বুলি ইংগিত দিছিল ট্ৰাম্পে। অৱশ্যে, সামৰিক অভিযানৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ মাজতো ইৰানৰ সৈতে আলোচনাৰ পথ মুকলি ৰাখিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। তেওঁৰ মতে, তেওঁ বিচাৰিলেই যিকোনো সময়তে ইৰানৰ সৈতে যুদ্ধৰ অন্ত পেলাব পৰা যাব।
আনহাতে, আমেৰিকাক সকীয়নি দিছে ইৰানেও। পশ্চিম এছিয়াত শান্তি প্ৰতিষ্ঠাৰ লক্ষ্যৰে যোৱা সোমবাৰে ছৌদি আৰব, পাকিস্তান আৰু তুৰস্কৰ সৈতে বৈঠকত মিলিত হৈছিল ইৰান। ইয়াৰ পিছতে তেহৰানে আমেৰিকাক সকীয়াই দিয়ে যে ইৰানৰ ওপৰত পুনৰ আক্ৰমণ চলোৱা হ’লে ইৰানৰ লগতে য়েমেনৰ হুথি বিদ্ৰোহীয়েও প্ৰত্যাক্ৰমণ চলাব পাৰে। পশ্চিম এছিয়াৰ বিভিন্ন অঞ্চলত মোতায়েন হৈ থকা আমেৰিকাৰ সামৰিক বাহিনী এই আক্ৰমণৰ লক্ষ্য হ’ব পাৰে।
আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ এক প্ৰতিবেদনতো একেধৰণৰ আশংকা প্ৰকাশ কৰা হৈছে।
ইৰানত পুনৰ আক্ৰমণৰ সম্ভাৱনাৰ মাজতে পেণ্টাগনে নতুন সামৰিক অভিযানৰ বাবে প্ৰস্তুতি চলাইছে। CNN-ৰ প্ৰতিবেদন অনুসৰি, দুজন আমেৰিকান বিষয়াক উদ্ধৃত কৰি কোৱা হৈছে যে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নিৰ্দেশ লাভ কৰাৰ পিছত পৰৱৰ্তী ৯৬ ঘণ্টাৰ ভিতৰতে পশ্চিম এছিয়াত মোতায়েন হৈ থকা মাৰ্কিন বাহিনীয়ে ইৰানত বৃহৎ সামৰিক অভিযান আৰম্ভ কৰিবলৈ সক্ষম হ’ব।
সম্ভাৱ্য অভিযানৰ বাবে প্ৰয়োজনীয় সংখ্যক সেনা, অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য সামৰিক সা-সৰঞ্জাম ইতিমধ্যে অঞ্চলটোত মজুত ৰখা হৈছে বুলি বিষয়াসকলে জানিবলৈ দিছে।
তেওঁলোকৰ মতে, এইবাৰৰ অভিযান কেৱল ইৰানৰ ক্ষেপণাস্ত্ৰ উৎক্ষেপণ কেন্দ্ৰ অথবা ৰাডাৰ ব্যৱস্থাৰ দৰে নিৰ্দিষ্ট সামৰিক লক্ষ্যত সীমাবদ্ধ নাথাকিব। ইয়াৰ পৰিসৰ অধিক বিস্তৃত হোৱাৰ সম্ভাৱনা আছে।
চলিত বছৰৰ আৰম্ভণিতে ট্ৰাম্পে সামৰিক অভিযান স্থগিত ৰখাৰ পিছৰে পৰা ৱাশ্বিংটনে মূলতঃ অস্থায়ী লক্ষ্যবস্তুসমূহক কেন্দ্ৰ কৰি আক্ৰমণ চলাই আহিছিল। কিন্তু এইবাৰ নতুন অভিযান আৰম্ভ হ’লে সেয়া অধিক ব্যাপক হ’ব পাৰে বুলি প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে।
আমেৰিকাৰ বিষয়াসকলৰ মতে, ইৰানৰ সামৰিক বাহিনী এতিয়া আমেৰিকাৰ সামৰিক ৰণকৌশলৰ বিষয়ে পূৰ্বতকৈ অধিক অৱগত। এই বিষয়টোক বিবেচনাত লৈয়ে সম্ভাৱ্য অভিযানৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে।
অৱশ্যে, আগন্তুক মধ্যৱৰ্তী নিৰ্বাচনৰ পিছত ইৰানৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰা হ’ব, সেই সন্দৰ্ভত ট্ৰাম্পে এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই। এই বিষয়ত হোৱাইট হাউছৰ তৰফৰ পৰাও কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা হোৱা নাই।
ইফালে, ইৰানৰ ওপৰত নতুনকৈ আক্ৰমণ চলোৱাৰ সম্ভাৱনাই পশ্চিম এছিয়াত সামৰিক উত্তেজনা অধিক বৃদ্ধি কৰাৰ আশংকা সৃষ্টি কৰিছে। আমেৰিকা আৰু ইৰানৰ মাজত আলোচনাৰ সম্ভাৱনা এতিয়াও সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই যদিও, পৰিস্থিতি কোন দিশে আগবাঢ়ে সেয়া এতিয়া ট্ৰাম্পৰ পৰৱৰ্তী সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব।
