কাইলৈ ৰাজ্যজুৰি কলেজ শিক্ষকৰ ‘কলম বন্ধ’ আৰু ধৰ্ণা কাৰ্যসূচী

ৰাজ্যৰ প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ শিক্ষকসকলৰ দীৰ্ঘদিনীয়া সমস্যা আৰু প্ৰাপ্য দাবীসমূহৰ সমাধানৰ দাবীত কাইলৈ, ৩০ অক্টোবৰত ৰাজ্যজুৰি ‘কলম বন্ধ’ আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব অসম কলেজ শিক্ষক সংস্থা (ACTA)-ই। সংস্থাটোৰ আহ্বানমৰ্মে অসমৰ সকলো প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

সংস্থাটোৱে এক প্ৰেছ বিবৃতিযোগে জানিবলৈ দিয়া অনুসৰি, বিশ্ববিদ্যালয় অনুদান আয়োগৰ (UGC) নীতি-নিৰ্দেশনা অনুসৰি পদোন্নতি, দৰমহা, পেঞ্চন আৰু অন্যান্য সেৱা-সম্পৰ্কীয় সমস্যাসমূহৰ সমাধানৰ দাবীত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সেই অনুসৰি, শিক্ষকসকলে কাইলৈ নিজ নিজ মহাবিদ্যালয়ৰ প্ৰাংগণত কলম বন্ধ কাৰ্যসূচী পালন কৰাৰ লগতে শান্তিপূৰ্ণ ধৰ্ণা প্ৰদৰ্শন কৰিব।

ACTAৰ সভাপতি ড০ বিপুল চক্ৰৱৰ্তী আৰু সাধাৰণ সম্পাদক ড০ পৰাগ জ্যোতি মহন্তই অভিযোগ কৰা অনুসৰি, প্ৰশাসনিক জটিলতা, নীতিগত অমীমাংসিত বিষয় আৰু চৰকাৰৰ বিত্তীয় দায়বদ্ধতা পালনত হোৱা পলমৰ ফলত ৰাজ্যৰ প্ৰাদেশিকীকৃত মহাবিদ্যালয়সমূহৰ শিক্ষকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। UGCৰ নীতি-নিৰ্দেশনা সঠিকভাৱে ৰূপায়ণ নোহোৱাৰ ফলত শিক্ষকসকলৰ পদোন্নতি আৰু সেৱা-সম্পৰ্কীয় অধিকাৰতো প্ৰভাৱ পৰিছে বুলি সংস্থাটোৱে দাবী কৰিছে।

সংস্থাটোৱে চৰকাৰৰ ওচৰত OM 2013 পৰ্টেল পুনৰ মুকলি, নতুন পেঞ্চন আঁচনি (NPS) বাতিল কৰি পুৰণি পেঞ্চন আঁচনি (OPS) পুনৰ প্ৰৱৰ্তন, পূৰ্বৰ চাকৰিৰ কাল গণনা, কেৰিয়াৰ এডভান্সমেণ্ট স্কিম (CAS)ৰ অধীনত পদোন্নতি আৰু যোগ্যতাৰ তাৰিখৰ পৰা বিত্তীয় সুবিধা প্ৰদানৰ দাবী জনাইছে।

ইয়াৰ উপৰি, নিৰ্দিষ্ট দৰমহা লাভ কৰা শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ, বকেয়া ধন আৰু MPhil/PhDৰ অতিৰিক্ত দৰমহা বৃদ্ধি মুকলি, উপযুক্ত ছুটিৰ নিয়ম প্ৰৱৰ্তন, পদোন্নতিৰ ক্ষেত্ৰত থকা প্ৰশাসনিক জটিলতা দূৰ কৰা, অৱসৰৰ বয়স ৬৫ বছৰলৈ বৃদ্ধি আৰু পাৰস্পৰিক বদলিৰ ব্যৱস্থা সহজ কৰাৰ দাবীও উত্থাপন কৰিছে ACTAই। লগতে, মহাবিদ্যালয়সমূহৰ খালী পদসমূহত পৰ্যাপ্ত শিক্ষক নিযুক্তিৰো দাবী জনাইছে সংস্থাটোৱে।

প্ৰতিবাদী কাৰ্যসূচী সফল কৰি তুলিবলৈ সংস্থাটোৱে ৰাজ্যৰ সকলো সদস্য শিক্ষক-শিক্ষয়িত্ৰীক ঐক্যবদ্ধভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। শিক্ষক সমাজৰ মৰ্যাদা ৰক্ষা আৰু উচ্চশিক্ষা খণ্ডৰ সমস্যাসমূহৰ সমাধানৰ বাবে এই প্ৰতিবাদক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অভিহিত কৰিছে সংস্থাটোৱে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইউক্ৰেইনৰ ৰে’ল ষ্টেচনত ৰাছিয়াৰ ভয়ংকৰ ড্ৰ’ন আক্ৰমণ, নিহত ১৩, আহত ১০

ইউক্ৰেইনৰ ড্নিপ্ৰ’ অঞ্চলৰ এটা ৰে’ল ষ্টেচনত বৃহস্পতিবাৰে ৰাছিয়াৰ জেট...