বন্দনাই কিহেৰে টুকুৰা টুকুৰ কৰিছিল স্বামী আৰু শাহুৱেকক

গুৱাহাটীৰ লোমহৰ্ষক হত্য়াকাণ্ডৰ তদন্ত অব্যাহত আছে। আজি আৰক্ষীয়ে এই লোমহৰ্ষক হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতা আৰু দুই সহযোগী অৰূপ দাস আৰু ধনটি ডেকাক লগত লৈ নাৰেংগীৰ বোন্দা অঞ্চলত। পুৱাই তিনি অভিযুক্তক নুনমাটি থানাত জেৰা কৰাৰ পিছত চলোৱা হয় এই অভিযান।

অভিযানত বোন্দাজানত উদ্ধাৰ হয় হত্যাকাণ্ডত ব্যবহাৰ কৰা দাখন। এখন বোন্দাৰ সমীপৰ এটা সূতিত আৰক্ষীয়ে উদ্ধাৰ কৰে দাখন। এই দাখনেৰেই অমৰজ্যোতি আৰু শংকৰীক হত্যা কৰি টুকুৰা টুকুৰ কৰিছিল মৃতদেহ।

বন্দনাই পাথৰকোৱেৰীৰ এখন কমাৰৰ দোকানত বনাই আনিছিল এই দাখন। এই লোমহৰ্ষক হত্যাকাণ্ডত ব্যৱহাৰ কৰা দাখন ৩৫০ টকাৰে কিনিছিল বন্দনাই। হত্যাকাণ্ডৰ পিছত মৃতদেহ খণ্ড খণ্ড কৰাৰ পিছতে বোন্দাজান অঞ্চলত পেলাই দিছিল তেজলগা দাখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সম্পৰ্কবোৰত ঘুণে ধৰিছে নেকি!

পত্নী নিৰুদ্দেশ হোৱা বুলি ফেচবুকত পোষ্ট নেতা নৰেন তাঁতীৰ।...

ইৰাণৰ সৈতে সংঘৰ্ষৰ মাজতে গাজা আক্ৰমণ ইজৰাইলৰ

ইৰাণৰ সৈতে চলি থকা সংঘাতৰ মাজতো ইজৰাইলে গাজাত আক্ৰমণ...

শিশুৰ মাজত দায়িত্ববোধৰ অভাৱ? সমাধানৰ উপায় দিলে ছানী লিয়নে

অভিনয়ত সময় দিয়াৰ লগতে অভিনেত্ৰী ছানী লিয়নে তেওঁৰ পৰিয়ালৰ...

ট্ৰাম্পৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱত ইজৰাইলৰ সন্মতি, ইৰাণৰ অৱস্থান এতিয়াও অস্পষ্ট

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰস্তাৱিত যুদ্ধবিৰতিত ইজৰাইলে সন্মতি জনাইছে।...