অসংক্ৰামক ৰোগ কি? ইয়াক প্ৰতিৰোধ কৰাৰ উপায় কি, কেনেকৈ আমাৰ শৰীৰত থিতাপি লয়?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ৰ উদ্যোগত প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত অসংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু ব্যৱস্থাপনা সম্পৰ্কে সোমবাৰে এখনি এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট চিকিত্‍সক তথা লোহোৱালস্থিত ভাৰতীয় চিকিত্‍সা গৱেষণা পৰিষদ- আঞ্চলিক চিকিত্‍সা গৱেষণা কেন্দ্ৰৰ এপিডেমিঅ’লজী আৰু উচ্চ ৰক্তচাপ বিভাগৰ বিজ্ঞানী ডাঃ প্ৰশান্ত কুমাৰ বৰা। পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটোত সভাপতিৰ দায়িত্ব বহন কৰে প্ৰতিষ্ঠানৰ অধ্যক্ষ অনুজ কুমাৰ ভট্টাচাৰ্যই। তেওঁ সভাপতিৰ আসনৰ পৰা বক্তব্য প্ৰদান কৰি কয় যে, “পৃথিৱীত পোৱা জীৱাণুৰ পৰিমাণ অসীম| তেনেস্থলত কোনবোৰ জীৱাণুৱে আমাৰ শৰীৰত কেতিয়া, কেনেকৈ থিতাপি লয় আমি কোনেও সঠিক সময়ত ধৰিব নোৱাৰো| গতিকে যিকোনো নেতিবাচক পৰ্যায়লৈ গতি কৰাৰ আগতে আমি সজাগ হোৱাটো খুবেই প্ৰয়োজন|”

সভাপতিৰ বক্তব্যৰ পাছতেই অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থকা ডাঃ প্ৰশান্ত কুমাৰ বৰাই অসংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু ব্যৱস্থাপনা তথা কাৰ্ডিয়াক এৰেষ্ট আৰু কাৰ্ডিওপালমোনাৰী ৰিচাচিটেচন (চিপিআৰ) সম্পৰ্কে বিশদ বিৱৰণ দাঙি ধৰে। অসংক্ৰামক ৰোগ যেনে ডায়েবেটিছ, কেঞ্চাৰ, ৰক্তচাপ আদিৰ উত্‍পত্তিৰ কাৰণ, প্ৰতিৰোধ আৰু প্ৰতিকাৰ সম্পৰ্কে সহজ ভাষাত বক্তব্য আগবঢ়াই। পাৱাৰ পইণ্ট উপস্থাপনৰ জৰিয়তে তেওঁ উত্থাপন কৰা বিভিন্ন গুৰুত্বপূৰ্ণ তথ্যবোৰৰ দ্বাৰা প্ৰশিক্ষাৰ্থী তথা সভাত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তি বিশেষভাৱে লাভাম্বিত হয়। কৰ্মশালাখনৰ অন্তিম পৰ্যায়ত প্ৰশিক্ষাৰ্থী তথা প্ৰতিষ্ঠানৰ প্ৰবক্তাসকলৰ তৰফৰ পৰা উপস্থাপন কৰা বিভিন্ন বিষয়ৰ প্ৰশ্নৰ উত্তৰ তেওঁ সাৱলীলভাৱে প্ৰদান কৰে। বি.এড দ্বিতীয় ষান্মাসিকৰ প্ৰশিক্ষাৰ্থী জয়কান্ত শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত জ্যেষ্ঠ প্ৰবক্তা দেৱজিত্‍ বৰদলৈ, তৃষ্ণা হাজৰিকা, প্ৰবক্তা দুলেন চন্দ্ৰ গোহাঁই, হেমন্ত কুমাৰ দত্ত, অনিমা গোস্বামী, স্বপ্নালী বৰুৱা, দীপামণি ফুকন, পল্লৱী কলিতা, ৰঞ্জন বৰা আৰু স্বৰাজ ফুকন উপস্থিত থাকে| অনুষ্ঠানত শেষত HIV/AIDS ৰোগৰ সজাগতা বৃদ্ধি সম্পৰ্কে প্ৰতিষ্ঠানৰ প্ৰশিক্ষাৰ্থী ভৱানী গায়নৰ পৰিচালনা তথা প্ৰশিক্ষাৰ্থীসকলৰ অভিনয়ৰে সমৃদ্ধ এখনি চুটি ছবি প্ৰদৰ্শন কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্ব বজাৰত খাৰুৱা তেলৰ দাম হ্ৰাস: ভাৰতত পেট্ৰ’ল-ডিজেলৰ দাম কমোৱাৰ ইংগিত কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ

অনাগত কেইটামান সপ্তাহ ধৰি যদিহে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ...

পবিতৰা অভয়াৰণ্যত বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱা: ৰাজ্যত ৪খনকৈ নতুন বন আঁচনি ঘোষণা

চলিত বৰ্ষৰ ১ জুলাইৰ পৰা ৭ জুলাইলৈ ৰাজ্যজুৰি উদযাপন...

ভাৰতলৈ ১০ বিলিয়ন ডলাৰৰ জাপানী বিনিয়োগ আনিব ১২০খন ব্যৱসায়িক চুক্তিয়ে: হায়দৰাবাদ হাউছৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে নতুন দিল্লীৰ হায়দৰাবাদ হাউছত জাপানৰ...