অসংক্ৰামক ৰোগ কি? ইয়াক প্ৰতিৰোধ কৰাৰ উপায় কি, কেনেকৈ আমাৰ শৰীৰত থিতাপি লয়?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ৰ উদ্যোগত প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত অসংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু ব্যৱস্থাপনা সম্পৰ্কে সোমবাৰে এখনি এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট চিকিত্‍সক তথা লোহোৱালস্থিত ভাৰতীয় চিকিত্‍সা গৱেষণা পৰিষদ- আঞ্চলিক চিকিত্‍সা গৱেষণা কেন্দ্ৰৰ এপিডেমিঅ’লজী আৰু উচ্চ ৰক্তচাপ বিভাগৰ বিজ্ঞানী ডাঃ প্ৰশান্ত কুমাৰ বৰা। পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটোত সভাপতিৰ দায়িত্ব বহন কৰে প্ৰতিষ্ঠানৰ অধ্যক্ষ অনুজ কুমাৰ ভট্টাচাৰ্যই। তেওঁ সভাপতিৰ আসনৰ পৰা বক্তব্য প্ৰদান কৰি কয় যে, “পৃথিৱীত পোৱা জীৱাণুৰ পৰিমাণ অসীম| তেনেস্থলত কোনবোৰ জীৱাণুৱে আমাৰ শৰীৰত কেতিয়া, কেনেকৈ থিতাপি লয় আমি কোনেও সঠিক সময়ত ধৰিব নোৱাৰো| গতিকে যিকোনো নেতিবাচক পৰ্যায়লৈ গতি কৰাৰ আগতে আমি সজাগ হোৱাটো খুবেই প্ৰয়োজন|”

সভাপতিৰ বক্তব্যৰ পাছতেই অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থকা ডাঃ প্ৰশান্ত কুমাৰ বৰাই অসংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু ব্যৱস্থাপনা তথা কাৰ্ডিয়াক এৰেষ্ট আৰু কাৰ্ডিওপালমোনাৰী ৰিচাচিটেচন (চিপিআৰ) সম্পৰ্কে বিশদ বিৱৰণ দাঙি ধৰে। অসংক্ৰামক ৰোগ যেনে ডায়েবেটিছ, কেঞ্চাৰ, ৰক্তচাপ আদিৰ উত্‍পত্তিৰ কাৰণ, প্ৰতিৰোধ আৰু প্ৰতিকাৰ সম্পৰ্কে সহজ ভাষাত বক্তব্য আগবঢ়াই। পাৱাৰ পইণ্ট উপস্থাপনৰ জৰিয়তে তেওঁ উত্থাপন কৰা বিভিন্ন গুৰুত্বপূৰ্ণ তথ্যবোৰৰ দ্বাৰা প্ৰশিক্ষাৰ্থী তথা সভাত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তি বিশেষভাৱে লাভাম্বিত হয়। কৰ্মশালাখনৰ অন্তিম পৰ্যায়ত প্ৰশিক্ষাৰ্থী তথা প্ৰতিষ্ঠানৰ প্ৰবক্তাসকলৰ তৰফৰ পৰা উপস্থাপন কৰা বিভিন্ন বিষয়ৰ প্ৰশ্নৰ উত্তৰ তেওঁ সাৱলীলভাৱে প্ৰদান কৰে। বি.এড দ্বিতীয় ষান্মাসিকৰ প্ৰশিক্ষাৰ্থী জয়কান্ত শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত জ্যেষ্ঠ প্ৰবক্তা দেৱজিত্‍ বৰদলৈ, তৃষ্ণা হাজৰিকা, প্ৰবক্তা দুলেন চন্দ্ৰ গোহাঁই, হেমন্ত কুমাৰ দত্ত, অনিমা গোস্বামী, স্বপ্নালী বৰুৱা, দীপামণি ফুকন, পল্লৱী কলিতা, ৰঞ্জন বৰা আৰু স্বৰাজ ফুকন উপস্থিত থাকে| অনুষ্ঠানত শেষত HIV/AIDS ৰোগৰ সজাগতা বৃদ্ধি সম্পৰ্কে প্ৰতিষ্ঠানৰ প্ৰশিক্ষাৰ্থী ভৱানী গায়নৰ পৰিচালনা তথা প্ৰশিক্ষাৰ্থীসকলৰ অভিনয়ৰে সমৃদ্ধ এখনি চুটি ছবি প্ৰদৰ্শন কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বেলুচিস্তানৰ ইতিহাস আৰু সমসাময়িক পৰিস্থিতি

বেলুচিস্তান পাকিস্তানৰ এখন প্ৰদেশ। দেশৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত বেলুচিস্তান...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব গ্ৰহণ NIAৰ

জম্মু আৰু কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয়...

৫ হাজাৰ পাকিস্তানী নাগৰিকৰ তালিকা আৰক্ষীৰ হাতত তুলি দিছে IBয়ে

ইন্টেলিজেন্স ব্যুৰো (আই বি)য়ে দিল্লীত বসবাস কৰা প্ৰায় ৫,০০০...

পথচাৰীৰ গাৰ ওপৰেৰে চলিল নিয়ন্ত্ৰণহীন বাহন

কানাডাত ভয়াৱহ পথ দুৰ্ঘটনা। পথচাৰীৰ গাৰ ওপৰেৰে চলিল নিয়ন্ত্ৰণহীন...