বড়ো ভাষাৰ উন্নত অভিধান প্ৰস্তুত কৰিবলৈ বড়ো সাহিত্য সভাক মুখ্যমন্ত্ৰীৰ আহ্বান

সুপ্রাচীন প্ৰজ্ঞা আৰু বৰ্ণাঢ্য লোক-সংস্কৃতিৰে সমৃদ্ধ বড়োসকল অসমৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি আৰু ভাষা-সাহিত্যৰ অমূল্য ৰত্ন : মুখ্যমন্ত্রী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰ জিলাৰ পাটগাঁৱৰ ৰাণী খালাইশ্রী ফৌথাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে মুকলি সভাত ভাষণ প্ৰদান কৰি কয় যে বড়ো জনগোষ্ঠীৰ চিন্তা-চেতনাক গভীৰভাৱে আলোড়িত কৰি অহা এটি জাতীয় অনুষ্ঠান হৈছে বড়ো সাহিত্য সভা। বিগত দশকসমূহত বড়ো জনগোষ্ঠীক অধিক গতিশীল আৰু প্ৰাণৱন্ত কৰাত বড়ো সাহিত্য সভায়ে এক সাগৰসদৃশ ভূমিকা গ্ৰহণ কৰি আহিছে। বড়ো জনগোষ্ঠীৰ গুৰিয়ালসদৃশ এই জাতীয় অনুষ্ঠানৰ ৬২ সংখ্যক অধিৱেশনত উপস্থিত থাকিবলৈ পাই তেওঁ অতিকৈ আনন্দিত হৈছে বুলিও কয়। সুপ্রাচীন প্ৰজ্ঞা আৰু বৰ্ণাঢ্য লোক-সংস্কৃতিৰে সমৃদ্ধ বড়োসকল অসমৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি আৰু ভাষা-সাহিত্যৰ অমূল্য ৰত্ন। লোক-সাহিত্য চৰ্চাৰ চহকী পৰম্পৰাৰ অধিকাৰী বড়ো জনগোষ্ঠীয়ে বৃহত্তৰ অসমীয়া জাতিৰ অগ্রগামী যাত্ৰাক নতুন গতি দিছে। এই চহকী জনগোষ্ঠীটোৰ ভাষা আৰু সাহিত্যৰ সুপৰিকল্পিত বিকাশ আৰু শ্ৰীবৃদ্ধিত বিগত ছয় দশকৰো অধিককাল নিৰৱচ্ছিন্নভাৱে অহোপুৰুষাৰ্থ কৰি অহা বড়ো সাহিত্য সভাই আজি বড়ো ভাষা আৰু সাহিত্যক স্বকীয় ৰূপত উজ্জ্বলি উঠাৰ বাবে এখন উপযুক্ত মঞ্চ তৈয়াৰ কৰিবলৈ সক্ষম হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্রীয়ে এই জাতীয় অনুষ্ঠানটিৰ প্ৰতিষ্ঠাত মুখ্য ভূমিকা লোৱা পুৰোধা ব্যক্তিসকল ক্ৰমে প্রয়াত সতীশ চন্দ্ৰ বসুমতাৰী, মদাৰাম ব্ৰহ্ম, ৰূপনাথ ব্ৰহ্ম, বীৰেন্দ্ৰ ব্ৰহ্ম পাটগিৰী, জয়চন্দ্ৰ হাগজেৰ, সোণাৰাম থাওছেনকে ধৰি জনগোষ্ঠীটোৰ জ্ঞাত-অজ্ঞাত প্ৰতিগৰাকী মহান ব্যক্তিৰ প্ৰতি গভীৰ শ্রদ্ধা নিবেদন কৰে।

মাতৃভাষাৰ গুৰুত্ব আৰু গভীৰতা উপলব্ধি কৰি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই উল্লেখ কৰা উদ্ধৃতি দাঙি মুখ্যমন্ত্ৰীয়ে কয় যে উন্নতি আৰু মন্দিৰৰ সিংহদুৱাৰ হৈছে মাতৃভাষা। মাতৃভাষাৰ প্ৰতি থকা অম্লান প্রেমেই স্ব-গৰিমাৰে মহিমামণ্ডিত হৈ বিশ্ব মানচিত্ৰত এটা জাতিক সগৌৰৱে জীয়াই থাকিবলৈ সাহস আৰু প্ৰেৰণা দিয়ে। নিজস্ব মাতৃভাষাৰ শ্ৰীবৃদ্ধিৰ জৰিয়তে বড়ো সাহিত্য সভাই জনগোষ্ঠাটোৰ ভাষা, লোক সংস্কৃতি আৰু ঐতিহাসিক পৰম্পৰাক মহিমামণ্ডিত কৰি তুলিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্রীয়ে কয় যে বড়ো ভাষা আৰু সাহিত্যই জনগোষ্ঠীটোৰ জাতীয় স্বৰূপ প্ৰকাশ কৰি যি বৌদ্ধিক চেতনা প্রদান কৰি আহিছে তাৰ জৰিয়তে আজি বড়ো জনগোষ্ঠীৰ এক শক্তিশালী প্রতিচ্ছৱি ৰাষ্ট্ৰৰ সন্মুখত উদ্ভাষিত হৈ উঠিছে। বড়ো সাহিত্য সভাই এই দীঘলীয়া পৰিক্ৰমাত বড়ো ভাষা-সাহিত্যৰ শ্ৰীবৃদ্ধিৰ লগতে বড়ো ভাষাক এক শিক্ষাৰ মাধ্যম হিচাপে গঢ়ি তোলাত অগ্রণী ভূমিকা লবলৈ সক্ষম হৈছে। অসম চৰকাৰৰ সহযোগী চৰকাৰী ভাষা হিচাপে স্বীকৃতি লাভ কৰা আৰু ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীত স্থান লাভ কৰাকে আদি কৰি জনগোষ্ঠীটোৰ বহু উল্লেখযোগ্য সফলতাত নির্ণায়ক ভূমিকা গ্ৰহণ কৰি বড়ো সাহিত্য সভাই এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে বুলি মুখ্যমন্ত্রীয়ে কয়। বড়োলেণ্ড আন্দোলনৰ কালছোৱাকে ধৰি অঞ্চলটোত সৃষ্টি হোৱা অশান্ত পৰিস্থিতিত ঐক্য আৰু শান্তি বাহাল ৰখাৰ ক্ষেত্ৰতো বড়ো সাহিত্য সভাই এক নিৰপেক্ষ আৰু অভিভাৱক সুলভ ভূমিকা গ্ৰহণ কৰি সকলোৰে আদৰৰ অনুষ্ঠানৰূপে উদ্ভাষিত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

মুখ্যমন্ত্রীয়ে কয় যে অহা বছৰৰ পৰা দ্বাদশ শ্রেণীলৈকে বড়ো মাধ্যমত শিক্ষা প্ৰদান কৰা হ’ব। তেওঁ লগতে কয় যে মহাবিদ্যালয়সমূহতো বড়ো ভাষাৰ অধ্যাপক নিযুক্তিৰ ক্ষেত্ৰত সফলতা লাভ কৰা হৈছে। তেওঁ কয় যে বিটিআৰৰ আৰু ১০ খন মহাবিদ্যালয় প্রাদেশিকীকৰণ কৰা হ’ব আৰু এই ব্যয় ৰাজ্য চৰকাৰে বহন কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা ২৬ জানুৱাৰীত বিটিআৰৰ সীমা গহপুৰলৈ বৃদ্ধি কৰা কথা ঘোষণা কৰা হৈছিল। ইয়ে বড়ো সমাজৰ জাতীয় সত্ত্বাক অধিক শক্তিশালী কৰি তুলিব। বড়োসকলৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰত বদৌফা উপেন্দ্ৰ নাথ ব্ৰহ্মই লোৱা ভূমিকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অহা ৩১ মাৰ্চত সমগ্ৰ ৰাজ্যখনতে ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। বড়োলেণ্ড এলেকাত শান্তি আৰু সমন্বয়ৰ পৰিৱেশ অধিক শক্তিশালী কৰাৰ বাবে হাতত হাত ধৰি কাম কৰিব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়। অসম বিধান সভাত বড়ো ভাষাত ভাষণ, কাৰ্য পৰিচালনাকে ধৰি সকলো কাগজ পত্ৰ প্ৰকাশ কৰি অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে লোৱা ভূমিকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ই বড়ো ভাষাৰ প্ৰতি উপযুক্ত সন্মান প্ৰদৰ্শন কৰাকে বুজায়। ১৯৬২ চনত অসম অসামৰিক সেৱাৰ নিয়ম অনুসৰি চৰকাৰী বিষয়াসকলে যিকোনো এটা জনগোষ্ঠীয় ভাষা শিকাটো বাধ্যতামূলক আছিল যদিও এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা লোৱা হোৱা নাছিল। বড়োলেণ্ড প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আই এ এছ, আই পি এছ, এ চি এছ আৰু এ পি এছ বিষয়াসকলৰ বাবে বাধ্যতামূলক জনগোষ্ঠীটোৰ ভাষা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰচেষ্টাত সমগ্ৰ অঞ্চলটোতে শান্তি বিৰাজ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে উন্নয়নৰ প্ৰক্ৰিয়াটো অধিক ত্বৰান্বিত কৰিবলৈ শান্তি আৰু আন্দোলন বিবর্জিত এক পৰিৱেশ নিৰ্মাণ কৰাতো অতিশয় প্রয়োজনীয়। মুখ্যমন্ত্রীয়ে কয় যে জনজাতীয় সমাজখনত শিক্ষাৰ জনপ্ৰিয়তা আৰু উৎকৃষ্টতাৰ বাবে কাম কৰাৰ সময় আহি পৰিছে। চিৰাং জিলাই শিক্ষাৰ ক্ষেত্ৰত নিম্নমানৰ ফলাফল দেখুওৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা আৰু বিটিআৰ প্ৰশাসনে শৈক্ষিক দিশৰ উন্নয়ন সাধনৰ বাবে সুক্ষ্মভাৱে বিশ্লেষণ কৰিব লাগিব। জনগোষ্ঠীসমূহে ৰাজনৈতিক আৰু আত্মনিয়ন্ত্ৰণৰ ইস্পিত ফল লাভ কৰাৰ পিছত শৈক্ষিক উৎকৃষ্টতাৰ বাবে কাম কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। আজি সকলো ক্ষেত্ৰতে প্ৰতিযোগিতাৰ পৰিৱেশ নিৰ্মাণ হৈছে। এই ক্ষেত্ৰত জনগোষ্ঠীসমূহৰ নতুন প্ৰজন্মক প্রতিযোগিতামুখী মানসিকতাৰে আগুৱাই যোৱাৰ দিশতো সকলোৱে ঐকান্তিকতাৰে কাম কৰিব লাগিব। শৈক্ষিক উন্নয়নত প্ৰজ্ঞা আৰু জ্ঞান সাধনাৰ বিকল্প থাকিব নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে আৱেগৰ পৰিৱৰ্তে বিৱেকত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।

যোৱা বছৰ তামুলপুৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ অধিৱেশনত প্ৰতিখন জিলা সাহিত্য সভালৈ ৫০ লাখ টকাকৈ আগবঢ়োৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইতিমধ্যে গোৱালপাৰা, ধেমাজি, ডিব্ৰুগড়, কাৰ্বি আংলং, নগাওঁ, নলবাৰী জিলা সাহিত্য সভালৈ ৫০ লাখ টকাকৈ মঞ্জুৰিত অনুমোদন জনোৱা হৈছে। সৰ্বমুঠ ২১ খন জিলা সাহিত্য সভালৈ আৰ্থিক অনুদান আগবঢ়োৱা হ’ব বুলি তেওঁ কয়। মুখ্যমন্ত্রীয়ে বড়ো সাহিত্য সভাক এখন উন্নত অভিধান প্ৰস্তুত কৰি তুলিবলৈ আহ্বান জনায়। ইয়াৰ বাবে ৰাজ্য চৰকাৰে উদাৰভাৱে আৰ্থিক সাহায্য আগবঢ়াব বুলিও তেওঁ কয়।

আজিৰ এই সভাত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, হস্ততাঁত আৰু বস্ত্ৰ শিল্প আদি বিভাগৰ মন্ত্ৰী ইউ জি ব্রহ্ম, কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক লৰেন্স ইছলাৰী, বিটিআৰৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী, বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰী, আবছুৰ সভাপতি দ্বিপেন বড়ো আদিকে ধৰি গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত। ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাই...

হঠাতে চেনি খোৱা বন্ধ কৰিলে শৰীৰত কি কি সমস্যা হ’ব পাৰে?

চেনি নোখোৱাটো সদায় স্বাস্থ্যৰ বাবে ভাল। কিন্তু হঠাৎ চেনি...

ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাৰ আক্ৰমণৰ পিছতে প্ৰকাশ পালে উপগ্ৰহৰ প্ৰথমখন ছবি

দেওবাৰ পুৱতি নিশা (ভাৰতীয় সময় অনুসৰি) ইৰাণৰ তিনিটা পৰমাণু...

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক। ইংলেণ্ডৰ বাৰ্মিংহামৰ পৰা বিমানখন দিল্লীলৈ...