অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডৰ গুৰুত্বপূৰ্ণ জাননী।

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডৰ গুৰুত্বপূৰ্ণ জাননী । শিক্ষাৰ্থীৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই বেটাৰমেণ্ট পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি

২০২৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে NEET-UG, অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বেটাৰমেণ্ট (Betterment) পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।

শিক্ষাৰ্থীসকলে নিজৰ প্ৰয়োজন অনুসৰি সকলো বিষয়তে অথবা নিৰ্দিষ্ট যিকোনো বিষয়ত বেটাৰমেণ্ট পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুবিধা লাভ কৰিব। দুয়োটা পৰীক্ষাৰ ভিতৰত যিটো পৰীক্ষাত অধিক নম্বৰ লাভ কৰিব, সেই নম্বৰহে ২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰমাণপত্ৰ আৰু নম্বৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ’ব।

বেটাৰমেণ্ট পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া শিক্ষাৰ্থীসকলে ২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে নিজৰ পঞ্জীয়নভুক্ত শিক্ষানুষ্ঠানত প্ৰযোজ্য ব্যৱস্থা অনুসৰি ব্যৱহাৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ লগতে প্ৰকল্পৰ প্ৰতিবেদন জমা দিব লাগিব।

ইয়াৰ উপৰি, বেটাৰমেণ্ট পৰীক্ষাৰ সুবিধা গ্ৰহণ কৰি ২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থীসকলে তত্ত্বীয় (Theory), ব্যৱহাৰিক (Practical) আৰু প্ৰকল্প (Project) আদিৰ নম্বৰ প্ৰদানৰ নতুন পদ্ধতি অনুসৰি পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভুৱা অসুস্থতাৰ অভিনয়, জে’লৰক্ষীক আক্ৰমণ, চাবি কাঢ়ি লৈ মূল দুৱাৰ খুলি পলায়ন! তামিলনাডুত আজৱ কাণ্ড

তামিলনাডুৰ এখন কাৰাগাৰত ১৭জন বন্দীয়ে সংঘটিত কৰিলে আজৱ কাণ্ড।...

কাইলৈ ৰাজ্যজুৰি কলেজ শিক্ষকৰ ‘কলম বন্ধ’ আৰু ধৰ্ণা কাৰ্যসূচী

ৰাজ্যৰ প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ শিক্ষকসকলৰ দীৰ্ঘদিনীয়া সমস্যা আৰু প্ৰাপ্য দাবীসমূহৰ...

ইউক্ৰেইনৰ ৰে’ল ষ্টেচনত ৰাছিয়াৰ ভয়ংকৰ ড্ৰ’ন আক্ৰমণ, নিহত ১৩, আহত ১০

ইউক্ৰেইনৰ ড্নিপ্ৰ’ অঞ্চলৰ এটা ৰে’ল ষ্টেচনত বৃহস্পতিবাৰে ৰাছিয়াৰ জেট...