দুমাহৰ ভিতৰতে ১০ কোটিলৈ বৃদ্ধি ChatGPTৰ ব্যৱহাৰকাৰী

ইণ্টাৰনেটৰ পৃথিৱীত আলোড়ন তুলি আহি আছে ChatGPT
দুমাহৰ ভিতৰতে ১০ কোটিলৈ বৃদ্ধি ChatGPTৰ ব্যৱহাৰকাৰী
ফেচবুক-গুগলতকৈও অধিক জনপ্ৰিয় হৈ উঠিব ChatGPT!
ChatGPTয়ে যিকোনো বিষয়ৰ বিস্তৃত বিৱৰণীসহ দিব আপোনাৰ সকলো জিজ্ঞাসাৰ উত্তৰ
কৃত্ৰিম বুদ্ধিমত্তাৰে ChatGPT হৈ পৰিব সৰ্ববৃহৎ Virtual Assistant!

আপুনি এতিয়াৰে পৰা গুগলৰ পৰা কিবা বিষয় জানিবলৈ টাইপ কৰিব নালাগে। নতুনকৈ আৰম্ভ হোৱা ChatGPT চ্যাটবটে আপোনাৰ সকলো প্ৰশ্নৰ বিস্তৃত উত্তৰ দিব টেক্সট মেছেজেৰে। ChatGPT, অৰ্থাৎ চ্যাট জেনেৰেটিভ প্ৰিট্ৰেইণ্ড ট্ৰেন্সফৰ্মাৰ হৈছে– কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি টেক্সট মেছেজেৰে আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ দিয়া এক চ্যাটবট। ChatGPTত আপোনাৰ জিজ্ঞাসাৰ বিষয়টো টাইপ কৰাৰ লগে লগে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত আহিব বিস্তৃত বিৱৰণীসহ উত্তৰ। ফলত যিকোনো বিষয় সন্দৰ্ভত জ্ঞান আহৰণ কৰিবলৈ আপোনাক লাগিব অতি কম সময়। যেন অংক, বিজ্ঞান, ভাষা, সাহিত্য সকলো দিশতে জ্ঞানৰ ভাণ্ডাৰ তথা বুদ্ধিমান আৰু আপোনাৰ হৈ লিখিব পৰা এক Virtual Personal Assistant সাজু হৈ উঠিছে আপোনাৰ বাবে! আপুনি যিয়েই লিখিবলৈ কয়, যি বিষয়েই প্ৰশ্ন সোধে, তাৰ লিখিত উত্তৰ মুহূৰ্ততে দিব কৃত্ৰিম বুদ্ধিমত্তাসংযুক্ত এই চ্যাটবটে। ২০২২ চনৰ ৩০ নৱেম্বৰত আৰম্ভ হোৱা ChatGPTৰ ব্যৱহাৰকাৰীৰ সংখ্যা দুমাহৰ ভিতৰত সমগ্ৰ বিশ্বজুৰি ১০ কোটিৰো অধিক হৈছেগৈ।

ChatGPTত আছে ১৭৫ বিলিয়ন পেৰামিটাৰ
ChatGPT হৈ পৰিছে বিশ্বৰ শক্তিশালী AI লেংগুৱেজ প্ৰচেছিং মডেল
এই চ্যাটবটে কেইবাখনো আগশাৰীৰ বিশ্ববিদ্যালয়ৰ MBA পৰীক্ষাত উত্তীৰ্ণ হৈছে সফলতাৰে

কিমান জ্ঞানী এই চ্যাটবট? পৰীক্ষা কৰিবৰ বাবে বিশ্বৰ বিখ্যাত বিজনেছ স্কুলৰ MBA পৰীক্ষাত উত্তৰ দিবলৈ ব্যৱহাৰ কৰা হৈছিল ChatGPT। সকলো পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ উত্তীৰ্ণ হোৱাই নহয়, এনে পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰা ইতিহাসৰ প্ৰথম কৃত্ৰিম বুদ্ধিমান Virtual Assistantৰ অভিলেখ স্থাপন কৰিছে। এই চ্যাটবটে আনকি বিভিন্ন বিষয়ৰ প্ৰবন্ধ লিখাৰ লগতে গীত, কবিতা, নাটক আদি ৰচনাতো সহায়ক হ’ব। কম্পিউটাৰ প্ৰগ্ৰামৰ ত্ৰুটি আঁতৰোৱাতো সহায়ক হৈ পৰিব ChatGPT। অৱশ্যে এতিয়াও বিকাশৰ পথত থকা ChatGPTয়ে কেতিয়াবা কৃত্ৰিম বুদ্ধিমত্তাৰ ভ্ৰমৰ বাবে ভুল তথ্য দিয়াৰ আশংকা নথকা নহয়। তথাপি ChatGPTয়ে মানৱ সভ্যতাৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত অভূতপূৰ্ব প্ৰভাৱ পেলোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে। আপুনিও ChatGPT ব্যৱহাৰ কৰি উপকৃত হ’ব পাৰে ব্যাপক ৰূপত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...