কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছে। এই ঘটনাক লৈ নিজৰ X হেণ্ডেলৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো কটাক্ষ কৰিছে দলটোৱে। ছিকিমৰ দিশৰ পৰা ভাৰতৰ আকাশমাৰ্গ উলংঘা কৰি প্ৰৱেশ কৰিছিল চীনৰ এখন যুদ্ধবিমান। ১২ নৱেম্বৰৰ পুৱা এই ঘটনা সংঘটিত হোৱা বুলি দাবী কৰিছে Outlookৰ এটা প্ৰতিবেদনত। এই খবৰ প্ৰকাশ পোৱাৰ পিছতে সৰৱ হৈ পৰিছে কংগ্ৰেছো। চীনৰ বায়ুসেনাই যদি সঁচাকৈয়ে এনে কাৰ্য সংঘটিত কৰিছে, তেন্তে ভাৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব, সেই প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছে।
অৱশ্যে শনিবাৰ পৰ্যন্ত এই ঘটনাক লৈ ভাৰতীয় বায়ুসেনাৰ তৰফৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই। এই প্ৰতিবেদন প্ৰকাশৰ সময়লৈকে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়েও এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।
এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ছিকিমৰ দিশৰ পৰা ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰিছিল চীনৰ এখন যুদ্ধবিমান। প্ৰতিবেদন অনুসৰি, ১২ নৱেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে পুৱা প্ৰায় ৮ বজাত ২৫ হাজাৰ ফুট উচ্চতাত উৰি থকা চীনা যুদ্ধবিমানখনে ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰিছিল।
কেৱল কিছু মুহূৰ্তৰ বাবেই নহয়, প্ৰায় ২০ৰ পৰা ২৫ মিনিট পৰ্যন্ত ভাৰতৰ আকাশমাৰ্গত অৱস্থান কৰিছিল চীনা যুদ্ধবিমানখন বুলি প্ৰতিবেদনটোত দাবী কৰা হৈছে।
প্ৰতিবেদন অনুসৰি, ভাৰতৰ আকাশমাৰ্গত চীনা যুদ্ধবিমানখন প্ৰৱেশ কৰাৰ পিছতে ভাৰতীয় বায়ুসেনাই বাৰে বাৰে সতৰ্কবাণী প্ৰেৰণ কৰিছিল। কিন্তু তাৰ পিছতো দীৰ্ঘ সময় ধৰি নিজৰ অৱস্থান সলনি কৰা নাছিল যুদ্ধবিমানখনে।
অৱশ্যে কি ধৰণৰ চীনা যুদ্ধবিমান ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰিছিল, সঠিক কোনটো সময়ত ই ভাৰতীয় আকাশমাৰ্গ এৰি গৈছিল, ভাৰতৰ তৰফৰ পৰা কিমানবাৰ সতৰ্কবাণী প্ৰেৰণ কৰা হৈছিল অথবা সেই সতৰ্কবাণীৰ প্ৰতি চীনা যুদ্ধবিমানখনৰ পৰা কোনো সঁহাৰি দিয়া হৈছিল নেকি, সেই সন্দৰ্ভত এতিয়াও স্পষ্ট তথ্য প্ৰকাশ পোৱা নাই।
এই প্ৰতিবেদনক আধাৰ কৰি কংগ্ৰেছে নিজৰ X হেণ্ডেলত এটা পোষ্ট কৰিছে। চীনৰ বিৰুদ্ধে উত্থাপিত এনে গুৰুতৰ অভিযোগৰ পিছত কেন্দ্ৰীয় চৰকাৰে কি স্থিতি গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব বুলি মন্তব্য কৰিছে দলটোৱে।
লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ চীনক কোনো ধৰণে ‘ক্লিন চিট’ দিব নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছে।
উল্লেখযোগ্য যে, যি অঞ্চলত চীনা যুদ্ধবিমানৰ ভাৰতীয় আকাশমাৰ্গ উলংঘাৰ অভিযোগ উত্থাপন হৈছে, তাৰ ওচৰতে অৱস্থিত অতি গুৰুত্বপূৰ্ণ শিলিগুৰি কৰিডৰ।
পশ্চিমবংগত অৱস্থিত এই শিলিগুৰি কৰিডৰৰ প্ৰস্থ মাত্ৰ প্ৰায় ২২ কিলোমিটাৰ। এই সংকীৰ্ণ ভূখণ্ডৰ মাজেৰেই উত্তৰ-পূব ভাৰতৰ সৈতে দেশৰ বাকী অংশৰ স্থলপথেৰে যোগাযোগ ৰক্ষা কৰা হয়।
আনহাতে, ছিকিমৰ সীমান্ত চীনৰ তিব্বতৰ সৈতে সংলগ্ন। ডোকলামো এই অঞ্চলৰ ওচৰতে অৱস্থিত। ২০১৭ চনত ডোকলামক কেন্দ্ৰ কৰি ভাৰত আৰু চীনৰ মাজত দীৰ্ঘদিন ধৰি সামৰিক অচলাৱস্থাৰ সৃষ্টি হৈছিল।
ৰাজনৈতিক বিশ্লেষকৰ এটা অংশৰ মতে, চীনা যুদ্ধবিমানৰ ভাৰতীয় আকাশমাৰ্গত প্ৰৱেশৰ এই অভিযোগ সঁচা হ’লে বিষয়টো যথেষ্ট উদ্বেগজনক।
ভাৰত-চীন সীমান্তত সামৰিক বিমানৰ গতিবিধিক লৈ ইয়াৰ পূৰ্বেও একাধিকবাৰ উদ্বেগৰ সৃষ্টি হৈছিল।
জুন, ২০২২: পূব লাডাখত ভাৰতীয় সেনাৰ অৱস্থানৰ ওচৰে-পাজৰে চীনা সামৰিক বিমানৰ উপস্থিতি দেখা গৈছিল।
২০২০ চন: পূব লাডাখত ভাৰত আৰু চীনৰ মাজত সংঘাতৰ সময়ত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (LAC)ৰ ওচৰত চীনা হেলিকপ্টাৰৰ গতিবিধি পৰিলক্ষিত হৈছিল।
এতিয়া ছিকিমৰ আকাশমাৰ্গত চীনা যুদ্ধবিমান প্ৰৱেশৰ এই অভিযোগক লৈ সৃষ্টি হৈছে নতুন বিতৰ্ক। অৱশ্যে ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰালয় বা বায়ুসেনাৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া আৰু নিশ্চিত তথ্যৰ বাবে অপেক্ষা অব্যাহত আছে।
