ঘৰৰ সন্মুখত ডিজেৰ বিকট শব্দ, মাতৃৰ কোলাতেই স্তব্ধ হ’ল কণমানিৰ হৃদস্পন্দন; ২০ দিনীয়া কন্যা শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য

উত্তৰ প্ৰদেশৰ নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ডিজে বজোৱাক লৈ সৃষ্টি হৈছে বিতৰ্ক। মাত্ৰ ২০ দিনীয়া কণমানি ছোৱালীজনীক কোলাত লৈ নিশ্চিন্তে শুই আছিল মাতৃ। হঠাৎ বিকট শব্দত ভাঙি গ’ল তেওঁৰ টোপনি। লগে লগে কেঁচুৱাজনীয়ে উচুপি উচুপি কান্দিবলৈ ধৰিলে। শব্দৰ তীব্ৰতা বাঢ়ি যোৱাৰ লগে লগে কণমানিজনীৰ কান্দোন আৰু অস্থিৰতাও বাঢ়িবলৈ ধৰিলে। কিন্তু তাৰ পিছতেই সকলো নিস্তব্ধ হৈ পৰিল। সন্তানৰ বুকুত হাত থৈ মাতৃয়ে অনুভৱ কৰিলে যে তাত আৰু কোনো স্পন্দন নাই। লগে লগে হাস্পতাললৈ লৈ যোৱা হ’ল যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে।

উত্তৰ প্ৰদেশৰ বলিয়াত মাত্ৰ ২০ দিনীয়া এটি নৱজাতকৰ কৰুণ মৃত্যুক কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। পৰিয়ালৰ অভিযোগ অনুসৰি, ঘৰৰ সন্মুখত অত্যধিক উচ্চ শব্দত ডিজে বজোৱাৰ ফলতে অসুস্থ হৈ পৰিছিল শিশুটি। ইয়াৰ পিছতেই মৃত্যু হয় কণমানিজনীৰ।

ঘটনাটো বলিয়াৰ মনিয়ৰ থানাৰ অন্তৰ্গত মুড়িয়াৰী গাঁৱৰ। জানিব পৰা মতে, শুকুৰবাৰ, ১৩ নৱেম্বৰৰ দুপৰীয়া গাঁওখনত লক্ষ্মী প্ৰতিমা বিসৰ্জনৰ শোভাযাত্ৰা উলিওৱা হৈছিল। সেই সময়ত ৰিমা দেৱীয়ে তেওঁৰ ২০ দিনীয়া কন্যা সন্তানটিক লৈ ঘৰৰ জুপুৰিটোত শুই আছিল। পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, শোভাযাত্ৰাত অংশ লোৱা ডিজে সংলগ্ন এখন ট্ৰাক আহি তেওঁলোকৰ ঘৰৰ সন্মুখত ৰয়। সেই সময়ত অত্যন্ত উচ্চ শব্দত গান বজোৱা হৈছিল।

ইয়াৰ পিছতেই হঠাৎ শিশুটিয়ে কান্দিবলৈ আৰম্ভ কৰে। কিছু সময়ৰ ভিতৰতে শিশুটিৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে। পৰিয়ালৰ লোকৰ অভিযোগ, শিশুটিৰ শৰীৰটো কঠিন হৈ পৰিছিল আৰু হৃদস্পন্দনো বন্ধ হৈ গৈছিল।

এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে। পৰিয়ালৰ অভিযোগ অনুসৰি, ডিজেৰ শব্দ কমাবলৈ তেওঁলোকে বাৰে বাৰে অনুৰোধ জনাইছিল। আনকি ঘৰৰ সন্মুখত ট্ৰাকখন ৰখাবলৈও মানা কৰিছিল। কিন্তু তেওঁলোকৰ কোনো অনুৰোধতে কৰ্ণপাত কৰা নহ’ল বুলি অভিযোগ কৰিছে শিশুটিৰ আত্মীয়-স্বজনৰ।

শিশুটিৰ এগৰাকী আত্মীয়ই জানিবলৈ দিয়া মতে, ৰিমাৰ শহুৰেকৰ ঘৰত মাতৃ আৰু নৱজাতকক চোৱাচিতা কৰিবলৈ কোনো নাছিল। সেয়েহে প্ৰায় দহ দিন পূৰ্বে তেওঁ সন্তানটিক লৈ পিতৃগৃহলৈ আহিছিল। তাত পৰিয়ালৰ লোকসকলেই মাতৃ আৰু কন্যাৰ যত্ন লৈ আছিল। কিন্তু সকলোৰে চকুৰ সন্মুখতে সংঘটিত হ’ল এই হৃদয়বিদাৰক ঘটনা।

শিশুটিৰ অৱস্থা সংকটজনক হোৱা দেখি পৰিয়ালৰ সদস্যসকলে ততাতৈয়াকৈ স্থানীয় চিকিৎসকৰ ওচৰলৈ লৈ যায়। কিন্তু কোনো চিকিৎসাই শিশুটিক বচাব নোৱাৰিলে। এনেদৰে কণমানি সন্তানক হেৰুৱাই মাতৃ ৰিমা দেৱীৰ লগতে পৰিয়ালৰ আন সদস্যসকলো শোকত ভাগি পৰিছে।

ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। পৰিয়ালৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। ডিজে সংলগ্ন ট্ৰাকখন জব্দ কৰাৰ লগতে ডিজে অপাৰেটৰজনকো আটক কৰা হৈছে।

বলিয়াৰ উপ-আৰক্ষী অধীক্ষক জয়শংকৰ মিশ্ৰই জানিবলৈ দিয়া মতে, শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ নিশ্চিত হ’ব পৰা যাব। প্ৰতিবেদনৰ ভিত্তিত পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৰিগাঁও চহৰৰ মাজমজিয়াত পথত মাছৰ উজান; মাছ নিবলৈ মানা কৰি ৰাইজক কাতৰ আহ্বান ব্যৱসায়ীৰ

মৰিগাঁও চহৰৰ মাজমজিয়াৰ মেইন পুলিচ পইণ্টত সংঘটিত হয় এক...

চৰকাৰী পথ বেদখলৰ অভিযোগ, বুলড’জাৰেৰে বিজেপি বিধায়ক মৈথিলী ঠাকুৰৰ ঘৰৰ দেৱাল ভাঙিলে প্ৰশাসনে

বিহাৰৰ বিজেপি বিধায়ক তথা লোকসংগীত শিল্পী মৈথিলী ঠাকুৰৰ বিৰুদ্ধে...

কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাত নিহত ২৬জনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন, পৰিয়ালক চমজাই দিয়া হ’ল মৃতদেহ

কাজিৰঙাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ২৬গৰাকী লোকৰ...