বিহাৰৰ বিজেপি বিধায়ক তথা লোকসংগীত শিল্পী মৈথিলী ঠাকুৰৰ বিৰুদ্ধে চৰকাৰী ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰী পথ বেদখল কৰাৰ অভিযোগৰ পিছতে শুকুৰবাৰে প্ৰশাসনৰ বিষয়াসকলে দৰভংগাৰ পোখৰাভিন্দা গাঁৱত উপস্থিত হৈ ভূমি জৰীপ কৰে। জৰীপত চৰকাৰী পথৰ একাংশ বেদখল কৰি দেৱাল নিৰ্মাণ কৰাৰ তথ্য পোহৰলৈ অহা বুলি প্ৰশাসনৰ দাবী। ইয়াৰ পিছতে বুলড’জাৰ চলাই সেই দেৱাল ভাঙি পেলায় প্ৰশাসনে।
প্ৰশাসন আৰু স্থানীয় বাসিন্দাসূত্ৰে জানিব পৰা মতে, পোখৰাভিন্দা গাঁৱৰ কেইবাজনো লোকে প্ৰশাসনৰ ওচৰত অভিযোগ দাখিল কৰিছিল যে মৈথিলীৰ পৰিয়ালে চৰকাৰী পথ, গাঁৱৰ দেৱতা তিৱাৰী বাবাৰ ভূমি, ৰাধাকৃষ্ণ মন্দিৰ, সাৰ্বজনীন শ্ৰাদ্ধস্থলী আৰু এটা নলা বেদখল কৰি ৰাখিছে। এই সন্দৰ্ভত তেওঁলোকে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়তো অভিযোগ জনাইছিল। ইয়াৰ উপৰি ৰাজ্য চৰকাৰৰ ‘সহযোগ’ পৰ্টেলতো অভিযোগ দাখিল কৰা হৈছিল।
ইয়াৰ পিছতে ডেপুটি কালেক্টৰ অজয় কুমাৰ আৰু চক্ৰ বিষয়া অলোক কুমাৰে গাঁওখন পৰিদৰ্শন কৰে। অভিযোগকাৰী আৰু স্থানীয় বাসিন্দাসকলৰ উপস্থিতিতে ভূমি জৰীপ কৰা হয়। জৰীপত চৰকাৰী পথৰ একাংশ বেদখল কৰি দেৱাল নিৰ্মাণ কৰাৰ তথ্য পোৱা যায় বুলি প্ৰশাসনে দাবী কৰে। লগে লগে বুলড’জাৰ চলাই দেৱালখন ভাঙি পথটো সাধাৰণ ৰাইজৰ যাতায়াতৰ বাবে মুকলি কৰি দিয়া হয়।
অভিযোগৰ প্ৰাথমিক সত্যতা পোৱা গৈছে বুলি উল্লেখ কৰি ডেপুটি কালেক্টৰ অজয় কুমাৰে কয়, “চৰকাৰী পথ বেদখল কৰাৰ বিষয়টো প্ৰাথমিক জৰীপত ধৰা পৰিছে। সেয়েহে দ্ৰুতগতিত সেই নিৰ্মাণকাৰ্য আঁতৰাই দিয়া হৈছে।”
আন অভিযোগকাৰীসকলক শনিবাৰে প্ৰয়োজনীয় নথি-পত্ৰসহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে। তেওঁলোকৰ অভিযোগ আৰু ভূমি সম্পৰ্কীয় নথি-পত্ৰ পৰীক্ষা কৰাৰ পিছত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব।
চৰকাৰী ভূমিৰ উপৰি মৈথিলীৰ পিতৃ ৰমেশ ঠাকুৰৰ বিৰুদ্ধেও ব্যক্তিগত ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপন কৰিছে পোখৰাভিন্দা গাঁৱৰ বাসিন্দা গগন কুমাৰ মিশ্ৰই। যোৱা ৭ নৱেম্বৰত চক্ৰ বিষয়াৰ ওচৰত দাখিল কৰা লিখিত অভিযোগত তেওঁ দাবী কৰে যে ৰমেশ ঠাকুৰে তেওঁৰ তিনি ডেচিমেল মাটি বেদখল কৰিছে। কেৱল সেয়াই নহয়, বেদখল আঁতৰাবলৈ ক’লে তেওঁক মিছা গোচৰত ফচাই দিয়াৰ ভাবুকি দিয়া বুলিও অভিযোগ উত্থাপন কৰিছে গগন কুমাৰ মিশ্ৰই।
আনহাতে, মন্দিৰৰ ভূমি বেদখলৰ অভিযোগ সন্দৰ্ভত গাঁওবাসীক মধুবনীৰ প্ৰশাসনৰ কাষ চাপিবলৈ পৰামৰ্শ দিয়া হৈছে।
ইফালে, পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছে মৈথিলী ঠাকুৰে। তেওঁৰ দাবী, এই অভিযোগসমূহৰ কোনো ভিত্তি নাই আৰু ভূমি সম্পৰ্কীয় সকলো প্ৰয়োজনীয় নথি-পত্ৰ তেওঁৰ হাতত আছে।
অৱশ্যে ইয়াৰ পিছতো এই বিষয়টোক লৈ বিতৰ্ক অব্যাহত আছে। আৰজেডিৰ নেতা তেজস্বী যাদৱে মৈথিলী ঠাকুৰ আৰু তেওঁৰ পিতৃৰ বিৰুদ্ধে কেইবাশ কোটি টকাৰ ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপন কৰিছে। এনডিএৰ বিধায়কসকলৰ বিৰুদ্ধে সাধাৰণ লোকৰ সম্পত্তি বেদখল কৰাৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰাও এই সন্দৰ্ভত উত্তৰ বিচাৰিছে তেজস্বী যাদৱে।
