ভাৰতীয় সেনাক ক্ৰমাৎ দুৰ্বল কৰি আনিছে নৰেন্দ্ৰ মোদীয়ে

✒️ অচিন্ত্য শৰ্মা

যোৱা ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উত্থাপন কৰা ৰাষ্ট্ৰীয় বাজেটে দেশৰ নিৰাপত্তা পৰিমণ্ডলত সৃষ্টি কৰিছে বিৰূপ প্ৰতিক্ৰীয়াৰ। ২০২৩-২৪ চনৰ বিত্তীয় বৰ্ষটোৰ বাবে উত্থাপিত উক্ত বাজেটত প্ৰতিৰক্ষা খণ্ডৰবাবে পৰ্যাপ্ত ব্যৱস্থা নৰখাৰ অভিযোগক লৈয়েই সৃষ্টি হৈছে এনে প্ৰতিক্ৰীয়াৰ। লক্ষণীয়ভাবে এইবাৰৰ কেন্দ্ৰীয় বাজেটত দেশৰ প্ৰতিৰক্ষাখণ্ডৰ বাবে ৯৪ হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে। এই পৰিমাণ বিগত বৰ্ষৰ ৫ লাখ ২৫ হাজাৰ কোটি টকাতকৈ ৬৯ হাজাৰ কোটি টকা বা ১২.৫ শতাংশ অধিক। পিচে এই বিশাল ধনৰাখিৰ ৪ লাখ ৩২ হাজাৰ কোটি টকাই খৰচ হ’ব দৰ্মহা, পেঞ্চন আদিৰ নিচিনা নিয়মীয়া শিতানসমূহত। নতুন অস্ত্ৰ-শস্ত্ৰ ক্ৰয় আদিৰ নিচিনা অত্যাবশ্যকীয় খৰচ কৰা হ’ব মাত্ৰ ১লাখ ৬২ হাজাৰ কোটি টকাহে। বিগত বৰ্ষত এইসমূহ ক্ষেত্ৰৰ বাবে বাজেটত ১ লাখ ৫২ হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছিল। সেই হিচাপত এইবাৰৰ নতুন অস্ত্ৰ-শস্ত্ৰ আদি ক্ৰয়ৰ বাবে বাজেটত যোৱাবছৰতকৈ ১০ হাজাৰ কোটি টকা বা ৭ শতাংশ অধিক ধন ধাৰ্য কৰা হৈছে। দেখাত এয়া এক উল্লেখযোগ্য বৰ্দ্ধিত আবন্টন। কিন্তু এইখিনিতে আমি মনত ৰাখিব লাগিব যে বিগত বৰ্ষত দেশত মুদ্ৰাস্ফিতিও ঘটিছে প্ৰায় ৬ শতাংশ হাৰত। অহা বিত্তীয় বৰ্ষটোত অব্যাহত থাকিব মুদ্ৰাস্ফিতি। অৰ্থাৎ এই বৰ্দ্ধিত আবন্টন মূল্যবৃদ্ধিৰ বাবে সময়ত অৰ্থহীন হৈ পৰিব। অথচ ভাৰতীয় সামৰিক বাহিনীৰ হাতত সম্প্ৰতি আছে বহুকেইটা বিশাল ক্ৰয় পৰিকল্পনা।

অদূৰ ভবিষ্যতে ভাৰতে ক্ৰয় কৰিব লগা অস্ত্ৰ-শস্ত্ৰ তালিকাত আছে বিভিন্ন পৰ্যায়ৰ যুদ্ধবিমান, নতুন লঘূ টেংক, ছাবমেৰিণ, ড্ৰোন, ক্ষেপনাস্ত্ৰ, হেলিকপ্তাৰ আৰু ৰাইফল ইত্যাদি। তদুপৰি সেনাৰ বাবে চলি আছে অন্য কেতবোৰ আধুনিকীকৰণ প্ৰকল্পৰ কাৰ্যৰূপায়ন। এনে অৱস্থাত সমগ্ৰ প্ৰতিৰক্ষা খণ্ডৰ বাবে পৰ্যাপ্ত ধন বাজেটত আবন্টিত নোহোৱাৰ ক্ষোভ প্ৰকাশ কৰিছে ভাৰতীয় সেনাৰ প্ৰাক্তন অধিনায়ক, অৱসৰপ্ৰাপ্ত জেনেৰেল বেদ প্ৰকাশ মল্লিকে। জেনেৰেল মল্লিকে সতৰ্ক কৰি দি কয় যে ধনৰ অভাবত ভাৰতীয় সেনাৰ আধুনিকীকৰণ প্ৰক্ৰিয়া স্থবিৰ হৈ পৰিব। দৰাচলতে ভাৰতীয় সেনাৰ অস্ত্ৰ-শস্ত্ৰ ক্ৰয়কে ধৰি আধুনীকিকৰণ প্ৰতিক্ৰীয়াৰ বাবে বাজেটত ধায্য ধনৰ বৃদ্ধিৰ গতি মোদী চৰকাৰে কমাইহে আনিছে। ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটৰ এইটো শিতানত পূৰ্বৱৰ্তী ১৯ শতাংশ অধিক ধন ধাৰ্য কৰ হৈছিল। ২০২২-২৩ বিত্তীয় বৰ্ষ বাজেটত ধাৰ্য কৰা হৈছিল ২০২১-২২ বৰ্ষৰ বাজেটতকৈ ১৩ শতাংশ অধিক ধন। আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটৰ এইটো শিতানত ধাৰ্য কৰা ধনৰ পৰিমাণ হৈছে ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেটত ধাৰ্য কৰা ধনতকৈ মাত্ৰ ৭ শতাংশ অধিক। এনেদৰে বাস্তবিত অৰ্থত দেশৰবাবে প্ৰতিৰক্ষা ব্যয় কমাই আনিছে মোদী চৰকাৰে। ইয়ে সেনাৰ আধুনীকিকৰণ প্ৰক্ৰিয়াকেই যে বাধাগ্ৰস্ত কৰিছে বাকৰিত তেনে নহয়, নেতিবাচক প্ৰভাব পেলাব সেনাৰ জৰুৰীকালিন ক্ৰয় ক্ষমতা, ৰিজাৰ্ভ আৰু স্পেয়াৰ আদিৰ ওপৰতো। আৰু সামগ্ৰীকভাবে নেতিবাচক প্ৰভাব পেলাব দেশৰ নিৰাপত্তাৰ ওপৰত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...