একেদিনাই ২৮গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ক’ভিড পজিটিভ, ৬ দিনৰ বাবে বিদ্যালয় বন্ধ

এইবাৰ নলবাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় নালান্দা পাব্লিক স্কুলত ক’ভিডৰ সন্ত্ৰাস। বিদ্যালয়খনৰ ২৮গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি। বিদ্যালয়খনত স্বাস্থ্য বিভাগে ক’ভিড টেষ্ট কৰাৰ সময়তে পোহৰলৈ আহে এই ভয়ংকৰ তথ্য। বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ চলি আছিল পাঠদান। এনে অৱস্থাত পোহৰলৈ আহে এই খবৰ। এখন বিদ্যালয়তে ২৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ দেহত ক’ভিডৰ উপস্থিতিক লৈ শংকিত হৈ পৰিছে নলবাৰীৰ ছাত্ৰ-অভিভাৱক। ২৮গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ক’ভিড পজিটিভ হোৱাৰ পিছতে ছদিনৰ বাবে বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...