একেদিনাই ২৮গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ক’ভিড পজিটিভ, ৬ দিনৰ বাবে বিদ্যালয় বন্ধ

এইবাৰ নলবাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় নালান্দা পাব্লিক স্কুলত ক’ভিডৰ সন্ত্ৰাস। বিদ্যালয়খনৰ ২৮গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি। বিদ্যালয়খনত স্বাস্থ্য বিভাগে ক’ভিড টেষ্ট কৰাৰ সময়তে পোহৰলৈ আহে এই ভয়ংকৰ তথ্য। বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ চলি আছিল পাঠদান। এনে অৱস্থাত পোহৰলৈ আহে এই খবৰ। এখন বিদ্যালয়তে ২৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ দেহত ক’ভিডৰ উপস্থিতিক লৈ শংকিত হৈ পৰিছে নলবাৰীৰ ছাত্ৰ-অভিভাৱক। ২৮গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ক’ভিড পজিটিভ হোৱাৰ পিছতে ছদিনৰ বাবে বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...