মহিলাৰ গাঞ্জা সৰবৰাহৰ কৌশল দেখিলে তবধ মানিব আপুনি

অবৈধ কাৰ্যকলাপৰ বাবে নিতৌ সৰবৰাহকাৰীয়ে ন ন কৌশল অৱলম্বন কৰি আহিছে। এইবাৰ তেনে এক ঘটনা পুনৰ পোহৰলৈ আহিছে। ৪গৰাকী মহিলা আৰু দুজন লোকে ৰে’লেৰে গাঞ্জা সৰবৰাহৰ চেষ্টা কৰিছিল।

প্ৰায় ১৮.৫ কেজি গাঞ্জা হমচফৰ এক্সপ্ৰেছেৰে সৰবৰাহৰ অপচেষ্টা ৪ পুৰুষ-মহিলাৰ। বদৰপুৰ ৰে’লৱে ষ্টেচনত বহিঃৰাজ্যলৈ সৰবৰাহৰ সময়তে ধৰা পৰা চাৰিওজন লোক।

পেটিকোটৰ তলত ভৰিত অতি নিখুঁতভাবে বান্ধি লৈছিল কেইবা কেজি গাঞ্জা। গাঞ্জাখিনি বান্ধি তাৰ ওপৰত পেণ্ট পিন্ধি ওপৰত শাৰী পিন্ধিছিল মহিলাকেইগৰাকীয়ে।

কেৱল শৰীৰতে নহয়, যাত্ৰীকেইজনে বহা ডবাটোৰ পৰাও উদ্ধাৰ হয় গাঞ্জা। একাংশ সৰবৰাহকাৰীয়ে মহিলাৰ সহযোগত আৰম্ভ কৰিছে অবৈধ কাৰ্যকলাপ

ধৃত মহিলাকেইগৰাকীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ইয়াৰ আঁৰত কোন আছে আৰু কোন ঠাইলৈ সৰবৰাহ কৰিছিল তাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ দলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জন্তৰ-মন্তৰৰ গে’ট জঁপিয়াই প্ৰতিবাদ CJPৰ সৌৰভ দাস, আশুতোষ ৰাংকাৰ; আটক দিল্লী আৰক্ষীৰ

কেন্দ্ৰীয় চৰকাৰে জন্তৰ-মন্তৰক প্ৰতিবাদস্থলীৰ স্বীকৃতি প্ৰত্যাহাৰ কৰাৰ এদিন পাছতে...

গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ অন্ধ্ৰপ্ৰদেশত ৰহস্যজনক মৃত্যু, তদন্তৰ বাবে গুৱাহাটীত উপস্থিত অন্ধ্ৰপ্ৰদেশৰ আৰক্ষী

গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ অন্ধ্ৰপ্ৰদেশত হোৱা ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত...

বিলাসীপাৰাৰ মায়াৰচৰত চাঞ্চল্যকৰ ঘটনা! বিয়াৰ প্ৰলোভনেৰে মহিলাৰ ধন-সোণ লুট

বিলাসীপাৰাৰ মায়াৰচৰ ১ম খণ্ডত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।...