ভূপেন বৰাই ৰাজনীতিৰ পৰা সন্ন্যাস লওঁকঃ ড০ অমিয় কুমাৰ ভূঞা

ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফলক লৈ বিহপুৰীয়া বিধান সভা সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ লগতে সমষ্টিটোৰ কাৰ্যকৰ্তাসকল উৎফুল্লিত হৈ পৰিছে। নেতৃত্ব, দল আৰু পাঁচমহীয়া কামৰ প্ৰতি আকৃষ্ট হৈ ৰাইজে বিজেপি মিত্ৰজোঁটৰ সপক্ষে ৰায়দান দিছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ লগতে বিধায়কগৰাকীয়ে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ৰাজনীতিৰ পৰা সন্ন্যাস লোৱাৰ বিকল্প আৰু নাই বুলি অৱগত কৰে ৷ ইয়াৰ উপৰি বিধায়কজনে ভূপেন বৰাক বিহপুৰীয়াৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে বুলিও কয়। বিহপুৰীয়াৰ ৰাইজে প্ৰত্যাখ্যান কৰাজনে অসমৰ ৰাইজৰ ওচৰত দম্ভালী মাৰিব গৈছিল বুলি তীৰ্যক মন্তব্য আগবঢ়ায় ড০ ভূঞাই ৷

Popular

More like this
Related

এছিয়ান গেমছলৈ অসমৰ ছেপাকটাক্ৰ’ খেলুৱৈ অ’ অমৰজিৎ সিংহ

এছিয়ান গেমছত ভাৰতীয় ছেপাকটাক্ৰ’ দলক প্ৰতিনিধিত্ব কৰিব অসমৰ অমৰজিতে।...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ মাহজোৰা আয়োজনৰ আনুষ্ঠানিক নিৰ্দেশনা অসম চৰকাৰৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা জীৱনৰ ২৫ বছৰ পূৰ্তি উপলক্ষে...

লাডাখৰ বাবে নতুন সাংবিধানিক ব্যৱস্থা! কি আছে প্ৰস্তাৱিত Article 371(K)ত?

লাডাখৰ ৰাজনৈতিক অধিকাৰ আৰু ভূমি-সংস্কৃতিৰ সুৰক্ষাক লৈ কেন্দ্ৰই আগবঢ়াইছে...

অগ্নিবীৰক লৈ ‘হানী ট্ৰেপ’ৰ আশংকা; পাকিস্তানৰ আই এছ আইকে ধৰি বিদেশী চোৰাংচোৱা সংস্থাৰ লক্ষ্যত অগ্নিবীৰ

অগ্নিবীৰসকলক লৈ বৃদ্ধি পাইছে ‘হানী ট্ৰেপ’ৰ আশংকা। পাকিস্তানৰ আই...