ভূপেন বৰাই ৰাজনীতিৰ পৰা সন্ন্যাস লওঁকঃ ড০ অমিয় কুমাৰ ভূঞা

ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফলক লৈ বিহপুৰীয়া বিধান সভা সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ লগতে সমষ্টিটোৰ কাৰ্যকৰ্তাসকল উৎফুল্লিত হৈ পৰিছে। নেতৃত্ব, দল আৰু পাঁচমহীয়া কামৰ প্ৰতি আকৃষ্ট হৈ ৰাইজে বিজেপি মিত্ৰজোঁটৰ সপক্ষে ৰায়দান দিছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ লগতে বিধায়কগৰাকীয়ে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ৰাজনীতিৰ পৰা সন্ন্যাস লোৱাৰ বিকল্প আৰু নাই বুলি অৱগত কৰে ৷ ইয়াৰ উপৰি বিধায়কজনে ভূপেন বৰাক বিহপুৰীয়াৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে বুলিও কয়। বিহপুৰীয়াৰ ৰাইজে প্ৰত্যাখ্যান কৰাজনে অসমৰ ৰাইজৰ ওচৰত দম্ভালী মাৰিব গৈছিল বুলি তীৰ্যক মন্তব্য আগবঢ়ায় ড০ ভূঞাই ৷

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...