নেপালত সন্ধানহীন অসমৰ ৩ যুৱক

✒️ মুন গোস্বামী

৩ দিনে পৰিয়াল, বন্ধু বৰ্গৰ সৈতে হোৱা নাই কোনো যোগাযোগ
পাহাৰৰ ওপৰলৈ দৌৰী নিজৰ প্ৰাণৰক্ষা কৰিছিল অসমৰ আন এজন যুৱকে

প্ৰলয়ংকৰী বানৰ পিছত নেপালত বৰ্তমানলৈকে উদ্ধাৰ হৈছে প্ৰায় ৬ শতাধিক মৃতদেহ। বৰ্তমানো সন্ধানহীন হৈ আছে সহস্ৰাধিক লোক। উদ্ধাৰকাৰী দলে দিনে-নিশাই অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। ইয়াৰ মাজতে অসমলৈ আহিছে আন এক দুঃখবৰ। বিগত ৩দিন ধৰি নেপালত সন্ধানহীন হৈ আছে অসমৰ ৩জনকৈ যুৱক। প্ৰলয়ংকৰী বানৰ পিছৰে পৰা পৰিয়াল অথবা বন্ধু-বৰ্গৰ সৈতে কোনো যোগাযোগ হোৱা নাই সন্ধানহীন যুৱককেইজনৰ। ইয়াৰ ভিতৰত দুজন যুৱকৰ ঘৰ কাৰ্বি আংলং জিলাৰ লাংহিনৰ ডয়গাক গাঁৱৰ আৰু আনজন যুৱকৰ ঘৰ হৈছে ডবকাৰ হিন্দুব্লক গাঁৱত। দুসপ্তাহ পূৰ্বে কামৰ সন্ধানত নেপাললৈ গৈছিল কাৰ্বি আংলং জিলাৰ লাংহিনৰ দুই যুৱক ক্ৰমে ২৮ বছৰীয়া ঋতুপৰ্ণ ব্ৰহ্ম আৰু ২৮ বছৰীয়া মন্তী বসুমতাৰী। নেপালৰ ত্ৰিশূল নৈৰ পাৰত থকা হাইড্ৰ’ ইলেকট্ৰিকেল প্ৰজেক্ট নামৰ এটা কোম্পানীত কৰ্মৰত আছিল দুয়ো। বুধবাৰে হঠাৎ অহা প্ৰলয়ংকৰী বানত সন্ধানহীন হৈ পৰে দুয়োজন যুৱক। আনহাতে এই ভয়ংকৰ ঘটনাত সৌভাগ্যক্ৰমে ৰক্ষা পৰে সোমেশ্বৰ নাৰ্জাৰী নামৰ অসমৰ আনজন যুৱকৰ। কাৰ্বি আংলঙৰ তিনিওজন যুৱকে একেলগে কাম কৰিছিল হাইড্ৰ’ ইলেকট্ৰিকেল প্ৰজেক্টত। ঘটনাৰ সময়ত ওচৰতে থকা পাহাৰৰ ওপৰলৈ দৌৰী কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰিছিল সোমেশ্বৰ নাৰ্জাৰী নামৰ যুৱকজনে। ইয়াৰ পিছতে প্ৰলয়ংকৰী বানত দুই সতীৰ্থ ঋতুপৰ্ণ ব্ৰহ্ম আৰু মন্ত্ৰী সন্ধানহীন হোৱাৰ কথা পৰিয়ালক খবৰ দিয়ে সোমেশ্বৰ নাৰ্জাৰীয়ে। ইতিমধ্যে তেওঁক নেপাল সেনা আৰু আৰক্ষীয়ে পাহাৰৰ পৰা উদ্ধাৰ কৰা বুলিও জানিবলৈ দিছে। কিন্তু সোমেশ্বৰ নাৰ্জাৰীৰ দুই সতীৰ্থ যুৱকৰ এতিয়ালৈকে লাভ কৰা নাই কোনো সন্ধান। ইপিনে যুৱক দুজন সন্ধানহীন হোৱাৰ খবৰ লাভ কৰাৰ পিছতে কাৰ্বি আংলঙৰ লাংহিনৰ তেওঁলোকৰ পৰিয়ালত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত স্থানীয় আৰক্ষী থানাতো অৱগত কৰিছে যুৱক দুজনৰ পৰিয়ালৰ লোকে। লগতে অসম তথা ভাৰত চৰকাৰক যুৱক দুজনৰ সন্ধান উলিওৱাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

আনহাতে হোজাই জিলাৰ ডবকাৰ হিন্দুব্লক গাঁৱৰ শ্বতদল নাথ নামৰ আন অজন অসমীয়া যুৱক নেপালত সন্ধানহী হৈ থকা বুলিও জানিব পৰা গৈছে। এবছৰ পূৰ্বে একে গাঁৱৰে গৌতম দাস নামৰ বন্ধু এজনৰ সৈতে কৰ্মৰ সন্ধানত নেপাললৈ গৈছিল যুৱকজন। বৰ্তমান ত্ৰিশূল নৈৰ পাৰৰ হাইড্ৰ’ ইলেকট্ৰিকেল প্ৰজেক্টত কৰ্মৰত আছিল এই যুৱকজনো। বুধবাৰে প্ৰলয়ংকৰী বানৰ সময়ত প্ৰজেক্টৰ আবাসিক এলেকাত থকা নিজৰ কোঠাত শুই আছিল যুৱকজন। মংগলবাৰে নিশা কৰ্তব্য পালন কৰি বুধবাৰে কোঠাত শুই থকা যুৱকজন হঠাৎ অহা প্ৰলয়ংকৰী বানত সন্ধানহীন হৈ পৰে। জানিব পৰা মতে তিব্বতৰ পৰা নামি অহা পানীৰ ধলে সম্পূৰ্ণৰূপে উটুৱাই নিছে হাইড্ৰ’ ইলেকট্ৰিকেল প্ৰজেক্টৰ আবাসিক এলেকাটো। ফলত শ্বতদল নাথৰ উপৰিও সেই সময়ত আৱাসিক এলেকাত থকা প্ৰজেক্টৰ আন বহু কৰ্মচাৰী বৰ্তমানো সন্ধানহীন হৈ আছে। যুৱকজন সন্ধানহীন হৈ থকাৰ খবৰ লাভৰ পিছতে ডবকাৰ ঘৰখনত সৃষ্টি হৈছে শোকাকুল পৰিবেশৰ। উল্লেখযোগ্য যে, অসম এই ৩ যুৱকৰ উপৰিও ঘটনাৰ সময়ত তাত উপস্থিত থকা অসমৰ আন কেইবাজনো লোক সন্ধানহীন হৈ থকা বুলি আশংকা কৰা হৈছে যদিও এই মুহূৰ্তলৈকে তেওঁলোকৰ বিতং তথ্য লাভ কৰিব পৰা হোৱা নাই। জানিব পৰা মতে, নেপালত বৰ্তমানো ভাৰতৰ প্ৰায় দুই শতাধিক লোক সন্ধানহীন হৈ আছে। তেওঁলোকৰ পৰিয়ালৰ সৈতে ইতিমধ্যে যোগাযোগ অব্যাহত ৰাখিছে ভাৰত চৰকাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হাতীটোৱে নাচি থকা নাই… হয়তো নীৰৱে সহায় বিচাৰিছে!

হাতী এটাৰ শুঁৰ ইফালে-সিফালে দুলি আছে। মূৰটো একে ছন্দত...

২৫ বছৰ সম্পূৰ্ণ হ’ব 9/11 আক্ৰমণৰ: কিয় আজিও বিচাৰলৈ অহা নাই খালিদ শ্বেখ মহম্মদ?

২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাত সংঘটিত 9/11 আক্ৰমণৰ ২৫...

নেপালৰ বিধ্বংসী বান: ২৯০ গৰাকী ভাৰতীয় নাগৰিকৰ সৈতে যোগাযোগ বিচ্ছিন্ন, উদ্ধাৰ অভিযান অব্যাহত

নেপালত সংঘটিত হোৱা প্ৰলয়ংকৰী বান আৰু ভূমিস্খলনৰ ফলত সৃষ্টি...

নেপালৰ প্ৰলয়ংকৰী বান: সন্ধানহীন বহু ভাৰতীয় আৰু পৰ্যটক

নেপালত শেহতীয়াকৈ হোৱা প্ৰলয়ংকৰী বান আৰু ভূমিস্খলনৰ ফলত সৃষ্টি...