হাতীটোৱে নাচি থকা নাই… হয়তো নীৰৱে সহায় বিচাৰিছে!

হাতী এটাৰ শুঁৰ ইফালে-সিফালে দুলি আছে। মূৰটো একে ছন্দত আগ-পিছ কৰি আছে। শৰীৰটোও বাৰে বাৰে সোঁফালৰ পৰা বাঁওফাললৈ দুলি গৈছে।

দূৰৰ পৰা দৃশ্যটো দেখিলে হয়তো আপোনাৰো এনে লাগিব—হাতীটোৱে যেন আনন্দত নাচিছে!

কিন্তু আচৰণ বিশেষজ্ঞসকলৰ মতে, প্ৰতিটো দোলা আনন্দৰ প্ৰতীক নহয়। বন্দী হাতীৰ ক্ষেত্ৰত এনে পুনৰাবৃত্তিমূলক আচৰণ কেতিয়াবা মানসিক চাপ, একঘেয়েমি, উদ্বেগ আৰু দীৰ্ঘদিনীয়া বন্দিত্বৰ এক গুৰুত্বপূৰ্ণ সংকেত হ’ব পাৰে।

‘Zoochosis’ কি?

বন্দী অৱস্থাত থকা বন্যপ্ৰাণীয়ে স্বাভাৱিক পৰিৱেশ, স্বাধীনতা আৰু প্ৰাকৃতিক আচৰণৰ পৰা বঞ্চিত হৈ দীৰ্ঘদিনীয়া মানসিক চাপৰ সন্মুখীন হ’লে কেতিয়াবা কোনো স্পষ্ট উদ্দেশ্য নথকা একেটা আচৰণ বাৰে বাৰে কৰিবলৈ আৰম্ভ কৰে।

এই ধৰণৰ পুনৰাবৃত্তিমূলক আচৰণক বৈজ্ঞানিকভাৱে stereotypic behaviour বুলি কোৱা হয়। জনপ্ৰিয়ভাৱে ইয়াক ‘Zoochosis’ বুলিও উল্লেখ কৰা হয়।

ই কেৱল হাতীৰ মাজতেই সীমাবদ্ধ নহয়। বন্দী বাঘ, ভালুক, গৰিলা, বান্দৰ আৰু আন বহু বন্যপ্ৰাণীৰ মাজতো এনে আচৰণ দেখা যাব পাৰে।

হাতীৰ ‘Weaving’—নাচ নহয়, এটা সতৰ্ক সংকেত

হাতীয়ে একে ঠাইতে থিয় হৈ নিজৰ শৰীৰৰ ওজন বাৰে বাৰে সোঁফালৰ পৰা বাঁওফাললৈ আৰু বাঁওফালৰ পৰা সোঁফাললৈ স্থানান্তৰ কৰে।

কেতিয়াবা ইয়াৰ সৈতে শুঁৰ দোলা, মূৰ জোকৰা আৰু শৰীৰ আগ-পিছ কৰা আচৰণো দেখা যায়।

এই আচৰণক weaving বা swaying বুলি কোৱা হয়। যদি কোনো হাতীয়ে কোনো স্পষ্ট উদ্দেশ্য নোহোৱাকৈ একেটা movement দীৰ্ঘ সময় ধৰি বাৰে বাৰে কৰি থাকে, তেন্তে সেয়া তাৰ welfare বা মানসিক সুস্থতাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ সতৰ্ক সংকেত হ’ব পাৰে।

অৰ্থাৎ, আমি যাক ‘হাতীৰ নাচ’ বুলি উপভোগ কৰোঁ, সেই একেটা দৃশ্যই কেতিয়াবা এটা বন্দী জীৱৰ অস্বস্তি আৰু মানসিক যন্ত্ৰণাৰ প্ৰতিফলন হ’ব পাৰে।

আমি স্বাভাৱিক বুলি ভবা বহু আচৰণো আচলতে সতৰ্ক সংকেত হ’ব পাৰে

Zoochosis বা stereotypic behaviour কেৱল শৰীৰ দোলোৱাৰ মাজতে সীমাবদ্ধ নহয়। বন্দী প্ৰাণীৰ ক্ষেত্ৰত ইয়াৰ বহু ৰূপ দেখা যায়।

বাৰে বাৰে আগ-পিছ কৰি খোজ কঢ়া (Pacing) — একে পথত বাৰে বাৰে আগ-পিছ কৰি থকা। কোনো উদ্দেশ্য নথকাকৈ একেটা route ঘণ্টাৰ পিছত ঘণ্টা অনুসৰণ কৰি থাকিলে সেয়া মানসিক চাপৰ সৈতে জড়িত হ’ব পাৰে।

মূৰ একেৰাহে জোকৰা (Head-bobbing)— কোনো স্পষ্ট কাৰণ নোহোৱাকৈ একে স্বৰত মূৰ বাৰে বাৰে জোকাৰি থকা।

শৰীৰ দোলোৱা (Swaying বা Rocking)— একে ঠাইতে থিয় বা বহি শৰীৰক একেটা ছন্দত আগ-পিছ বা সোঁ-বাঁও দোলাই থকা।

বেৰৰ গ্ৰীল কামোৰা (Bar-biting)— বাৰে বাৰে লোহাৰ গ্ৰীল, গেটৰ কোনো অংশ কামুৰি থকা। এনে আচৰণো বন্দিত্বৰ সৈতে জড়িত মানসিক চাপ বা একঘেয়েমিৰ সংকেত হ’ব পাৰে।

নিজকে অত্যধিক চেলেকি বা ঘঁহি থকা (Over-grooming)— নিজৰ শৰীৰৰ একেটা অংশ বাৰে বাৰে চেলেকি, আঁচুৰি বা ঘঁহি থকা। অত্যধিক হ’লে ইয়াৰ ফলত শৰীৰত আঘাত বা ক্ষত সৃষ্টি হ’ব পাৰে।

নিজকে আঘাত কৰা (Self-mutilation) – ই হৈছে অধিক গুৰুতৰ ৰূপ। কোনো প্ৰাণীয়ে নিজকে কামুৰি, আঁচুৰি বা বাৰে বাৰে ঘঁহি নিজৰ শৰীৰত ক্ষত সৃষ্টি কৰিলে সেয়া গভীৰ welfare problem-ৰ সংকেত হ’ব পাৰে।

কিয় হয় এনে আচৰণ?

বন্য হাতীৰ জীৱন অত্যন্ত গতিশীল। খাদ্য আৰু পানীৰ সন্ধানত হাতীয়ে দীঘলীয়া দূৰত্ব অতিক্ৰম কৰা, পৰিয়ালৰ সদস্যৰ সৈতে সামাজিক সম্পৰ্ক বজাই ৰখা, নতুন ঠাই অন্বেষণ কৰা আৰু পৰিৱেশৰ সৈতে যোগাযোগ — এইবোৰ হাতীৰ স্বাভাৱিক জীৱনৰ অংশ।

কিন্তু বন্দী অৱস্থাত এই স্বাভাৱিক আচৰণৰ বহু সুযোগ সীমিত হৈ পৰিব পাৰে।

সীমিত চলাচলৰ পৰিসৰ, সামাজিক বিচ্ছিন্নতা, একঘেয়েমি, উদ্দীপনাহীন পৰিৱেশ, শিকলিৰ ব্যৱহাৰ বা পূৰ্বৰ নিৰ্যাতনৰ অভিজ্ঞতা—এইবোৰে বন্দী প্ৰাণীৰ ওপৰত দীৰ্ঘম্যাদী প্ৰভাৱ পেলাব পাৰে। আৰু সেই মানসিক চাপৰ সৈতে মোকাবিলা কৰাৰ এটা উপায় হিচাপে কেতিয়াবা প্ৰাণীটোৱে একেটা আচৰণ বাৰে বাৰে কৰিবলৈ আৰম্ভ কৰে।

কিন্তু প্ৰতিটো শুঁৰ দোলা ‘Zoochosis’ নহয়

এই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ।হাতীয়ে স্বাভাৱিকভাৱেও শুঁৰ দোলাব পাৰে, মূৰ জোকাৰিব পাৰে বা শৰীৰৰ অৱস্থান সলনি কৰিব পাৰে।

সেয়ে কেৱল শুঁৰ দোলা দেখা গ’লেই হাতীটোক মানসিকভাৱে অসুস্থ বুলি সিদ্ধান্ত ল’ব নোৱাৰি।

আচৰণটো কিমান সময় ধৰি চলিছে, কিমান সঘনাই হৈছে, একে pattern-ত পুনৰাবৃত্তি হৈছে নে নাই আৰু আন কোনো অস্বাভাৱিক আচৰণৰ সৈতে ই জড়িত নে নাই—এই সকলোবোৰ বিবেচনা কৰিহে বিশেষজ্ঞসকলে ইয়াৰ অৰ্থ নিৰ্ধাৰণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...