২৫ বছৰ সম্পূৰ্ণ হ’ব 9/11 আক্ৰমণৰ: কিয় আজিও বিচাৰলৈ অহা নাই খালিদ শ্বেখ মহম্মদ?

২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাত সংঘটিত 9/11 আক্ৰমণৰ ২৫ বছৰ সম্পূৰ্ণ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন।

চাৰিখন বিমান, চাৰিটা লক্ষ্য
American Airlines Flight 11 আৰু United Airlines Flight 175-এ নিউয়ৰ্কৰ World Trade Center-ৰ North আৰু South Towerত খুন্দা মাৰে। American Airlines Flight 77-এ Pentagonত আঘাত কৰে। আনহাতে, United Airlines Flight 93 পেনচিলভেনিয়াৰ ওচৰত ভাঙি পৰে। আক্ৰমণত মৃত্যু হৈছিল প্ৰায় ৩,০০০ লোকৰ।

A plane approaches New York’s World Trade Center moments before it struck the tower at left, as seen from downtown Brooklyn, Tuesday, Sept. 11, 2001.

কোন এই খালিদ শ্বেখ মহম্মদ?
খালিদ শ্বেখ মহম্মদ, চমুকৈ KSM,ক 9/11 আক্ৰমণৰ মূল পৰিকল্পনাকাৰী বা ‘আৰ্কিটেক্ট’ হিচাপে গণ্য কৰা হয়। তেওঁ পাকিস্তানী নাগৰিক আৰু তেওঁৰ পৰিয়ালৰ মূল বেলুচিস্তানত।

কেনেকৈ পৰিকল্পনা কৰিছিল?
KSM-এ ওছামা বিন লাডেনৰ সৈতে আলোচনা কৰি প্ৰশিক্ষিত পাইলট ব্যৱহাৰ কৰি যাত্ৰীবাহী বিমান আমেৰিকাৰ গুৰুত্বপূৰ্ণ অট্টালিকাত খুন্দা মৰাৰ পৰিকল্পনা আগবঢ়াইছিল। পিছত এই পৰিকল্পনাই 9/11 আক্ৰমণৰ ৰূপ লয়।

কেনেকৈ ধৰা পৰিল?
আমেৰিকাৰ সেনাবাহিনীয়ে ২০০৩ চনত KSMক পাকিস্তানৰ পৰা গ্ৰেপ্তাৰ কৰে। কেইবছৰ ধৰি বিভিন্ন স্থানত আটক ৰখাৰ পাছত ২০০৬ চনত তেওঁক গুৱান্তানামো বে’লৈ স্থানান্তৰ কৰা হয়।

বিচাৰ ইমান পলম কিয়?
তেওঁৰ বিৰুদ্ধে সামৰিক আদালতৰ গোচৰটো বছৰ বছৰ ধৰি আইনী জটিলতা, জেৰাৰ সময়ত নিৰ্যাতনৰ অভিযোগ, প্ৰমাণৰ গ্ৰহণযোগ্যতা আৰু plea agreementক লৈ বিতৰ্কত আবদ্ধ হৈ আছে।

এতিয়া কেতিয়া হ’ব বিচাৰ?
শেহতীয়াকৈ সামৰিক ন্যায়াধীশে KSMৰ বিচাৰ ২০২৮ চনৰ জুনত আৰম্ভ কৰাৰ সিদ্ধান্ত দিছে। অৰ্থাৎ 9/11ৰ প্ৰায় ২৭ বছৰ পাছত মূল অভিযুক্তজনৰ বিচাৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালৰ বিধ্বংসী বান: ২৯০ গৰাকী ভাৰতীয় নাগৰিকৰ সৈতে যোগাযোগ বিচ্ছিন্ন, উদ্ধাৰ অভিযান অব্যাহত

নেপালত সংঘটিত হোৱা প্ৰলয়ংকৰী বান আৰু ভূমিস্খলনৰ ফলত সৃষ্টি...

নেপালৰ প্ৰলয়ংকৰী বান: সন্ধানহীন বহু ভাৰতীয় আৰু পৰ্যটক

নেপালত শেহতীয়াকৈ হোৱা প্ৰলয়ংকৰী বান আৰু ভূমিস্খলনৰ ফলত সৃষ্টি...

কিয় বিধ্বংসী বানৰ পাছতো বিদেশৰ সহায় নাকচ কৰিলে নেপালে? নিজা বাহিনীৰ ওপৰতেই শেষ ভৰসা নেকি?

চীন সীমান্তৱৰ্তী অঞ্চলত বিধ্বংসী আকস্মিক বানৰ পাছত নেপালে ভাৰত,...