নেপালৰ বিধ্বংসী বান: ২৯০ গৰাকী ভাৰতীয় নাগৰিকৰ সৈতে যোগাযোগ বিচ্ছিন্ন, উদ্ধাৰ অভিযান অব্যাহত

নেপালত সংঘটিত হোৱা প্ৰলয়ংকৰী বান আৰু ভূমিস্খলনৰ ফলত সৃষ্টি হোৱা জটিল পৰিস্থিতিৰ মাজতে দেশখনত থকা ২৯০ গৰাকী ভাৰতীয় নাগৰিকৰ সৈতে এতিয়াও যোগাযোগ স্থাপন হোৱা নাই বুলি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে (MEA) প্ৰকাশ কৰিছে। বানাক্ৰান্ত অঞ্চলসমূহত আৱদ্ধ হৈ থকা লোকসকলক নিৰাপদে উদ্ধাৰ আৰু স্থানান্তৰ কৰাৰ বাবে অভিযান যুদ্ধকালীন ক্ষিপ্ৰতাৰে অব্যাহত আছে।

দুৰ্গম আৰু বানপীড়িত অঞ্চলসমূহত আৱদ্ধ হৈ থকা তীৰ্থযাত্ৰী, শ্ৰমিক আৰু পৰ্যটকসকলক স্থানীয় প্ৰশাসন তথা উদ্ধাৰকাৰী বাহিনীৰ সহযোগত নিৰাপদ আশ্ৰয়স্থললৈ নিয়াৰ কাম চলি আছে। বান আৰু ভূমিস্খলনৰ ফলত বাট-পথ আৰু দলং ধ্বংস হোৱাৰ উপৰিও বিদ্যুৎ তথা টেলিকমিউনিকেচন আন্তঃগাঁথনি বিধ্বস্ত হৈ পৰিছে। মোবাইল নেটৱৰ্ক ব্যাহত হৈ পৰাৰ ফলতেই বহু লোকৰ সৈতে তৎকালীনভাৱে যোগাযোগ স্থাপন কৰাটো কঠিন হৈ পৰিছে।

ভাৰতীয় দূতাবাসে নেপালৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু সেনা-আৰক্ষীৰ সৈতে নিৰন্তৰ সমন্বয় ৰক্ষা কৰি আৱদ্ধ নাগৰিকসকলৰ সন্ধান উলিয়াবলৈ চেষ্টা চলাই আছে। নতুন দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্থাপন কৰা বিশেষ নিয়ন্ত্ৰণ কক্ষৰ জৰিয়তে যোগাযোগহীন নাগৰিকসকলৰ পৰিয়ালৰ সৈতে সমন্বয় ৰখা হৈছে।

ভাৰত চৰকাৰে স্পষ্ট কৰিছে যে যোগাযোগ বিচ্ছিন্ন হৈ থকা প্ৰতিগৰাকী নাগৰিকৰ সন্ধান লাভ নকৰালৈকে আৰু সকলোকে সুৰক্ষিতভাৱে উদ্ধাৰ নকৰালৈকে এই অভিযান অব্যাহত থাকিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...