ট্ৰেফিক আইন ভংগকাৰীক দিলে ৰঙা গোলাপ

ধেমাজিৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে একাংশ চালকক দিছে ৰঙা গোলাপ। হেলমেট নিপিন্ধাকৈ দুচকীয়া বাহন চালক আৰু ছীটবেল্ট নমৰা চাৰিচকীয়া বাহনৰ চালকৰৰ বিৰুদ্ধে “ৰেড ৰ’জ” অভিযান ৷ সাধাৰণতে হেলমেট নিপিন্ধা আৰু ছীটবেল্ট নমৰা বাহন চালক আৰু আৰোহীক আৰক্ষী অথবা পৰিবহন বিভাগে জৰিমনা বিহে যদিও হেলমেট পিন্ধা কিম্বা ছীটবেল্ট পিন্ধাৰ ক্ষেত্ৰত সজাগ নহয় তেওঁলোক৷

সেয়েহে জৰিমনা বা অন্য শাস্তিমূলক ব্যৱস্থাৰে নহয়, মৰমৰ চিন হিচাপে এপাহ ৰঙা গোলাপ দি সোঁৱৰাই দিয়াৰ লগতে সজাগ কৰিছে এইসকল ট্ৰেফিক আইন ভংগকাৰীক৷ এতিয়া সময়হে ক’ব ধেমাজি আৰক্ষী আৰু জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ এই “ৰেড ৰ’জ” অভিযানে কিমানজন ট্ৰেফিক আইন ভংগকাৰীৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়৷

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

অচল ফেচবুক, কোটি কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত হাহাকাৰ

শুকুৰবাৰে সন্ধিয়া কোটি কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত লাগিল হাহাকাৰ।...

ভয়ংকৰ দুৰ্ঘটনাই জোকাৰিছে নলবাৰী

নলবাৰীৰ বানেকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা। বুঢ়াদিয়া নদীৰ দলঙত ট্ৰাক...

কৃষকৰ আঁচনি ৰূপায়ণত গাফিলতি সহ্য কৰা নহ’ব: মন্ত্ৰী পীয়ূষ হাজৰীকা

অহা মাহত ১৫ লাখ উদ্যান শস্যৰ পুলি বিতৰণৰ লক্ষ্য...

চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ

যাতায়াতজনিত অসুবিধাৰ বাবে বিদ্যালয়লৈ যাব পৰা নাই নেকি? অভিভাৱক,...