জ্ঞান অন্বেষণ আৰু বিস্তাৰৰ নতুন যাত্ৰা: নতুন ডিজিটেল প্লেটফৰ্ম ‘স্বৰাজ দৰ্পণ’ কি?

অসমৰ বৌদ্ধিক আৰু ডিজিটেল জগতত নতুন ইতিবাচক অধ্যায়ৰ সূচনা কৰি ১৫ জুন তাৰিখে আনুষ্ঠানিকভাৱে সমগ্ৰ বিশ্বৰ পাঠক সমাজৰ বাবে মুকলি কৰা হ’ল এক ব্যতিক্ৰমী আৰু যোগাত্মক বাৰ্তাৰে সমৃদ্ধ নতুন ৱেবছাইট তথা ডিজিটেল প্লেটফৰ্ম ‘স্বৰাজ দৰ্পণ’ (www.swarajdarpan.in)। বৰ্তমানৰ প্ৰযুক্তি নিৰ্ভৰ সময়ৰ সৈতে সংগতি ৰাখি গাম্ভীৰ্যপূৰ্ণ অনলাইন অনুষ্ঠানৰ জৰিয়তে এই নতুন ৱেবছাইটটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি সমাজলৈ উৎসৰ্গা কৰা হয়। এই অনলাইন উদ্বোধনী অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ বহুকেইজন বিশিষ্ট বুদ্ধিজীৱী, সাহিত্যিক, শিক্ষাবিদ আৰু শুভাকাংক্ষীয়ে নতুন মঞ্চখনক আদৰণি জনায়।

বৰ্তমানৰ ক্ষিপ্ৰ পৰিৱৰ্তনশীল সময়ত ইণ্টাৰনেট আৰু ডিজিটেল মাধ্যমসমূহৰ ভূমিকা অপৰিসীম। এনে এক সন্ধিক্ষণত সমাজৰ প্ৰতি থকা দায়বদ্ধতাক সাৰোগত কৰি ‘স্বৰাজ দৰ্পণ’ নামৰ এই প্লেটফৰ্মখনে শিক্ষা, সাহিত্য, সংস্কৃতি, স্বাস্থ্য, বিজ্ঞান-প্ৰযুক্তি, গৱেষণা, আলোকচিত্ৰ আৰু সুস্থ ৰাজনীতিৰ দৰে গুৰুত্বপূৰ্ণ তথা সমাজ পৰিৱৰ্তনকাৰী বিষয়সমূহক সামৰি লৈছে। ইতিবাচক, গঠনমূলক আৰু সমাজোপযোগী চিন্তাৰ প্ৰসাৰ ঘটোৱা এই মাধ্যমৰ অন্যতম প্ৰধান উদ্দেশ্য বুলি পৰিচালনা সমিতিয়ে জানিবলৈ দিছে। বিশেষকৈ শিক্ষাৰ প্ৰসাৰ, স্বাস্থ্য সজাগতা আৰু অসমীয়া চহকী সংস্কৃতিৰ বিশ্বায়নৰ ক্ষেত্ৰত ৱেবছাইটটোৱে বিশেষ গুৰুত্ব আৰোপ কৰিব, যাতে নতুন প্ৰজন্মই ইয়াৰ পৰা প্ৰকৃত জ্ঞান লাভ কৰিবলৈ সমৰ্থ হয়।

‘স্বৰাজ দৰ্পণ’ৰ এই বৌদ্ধিক প্ৰচেষ্টাৰ আঁৰত কাৰ্যনিৰ্বাহ কৰি আছে অসমৰ সমাজ জীৱনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত অভিজ্ঞতাসম্পন্ন কৰ্মকৰ্তাৰ এটি দল। এই নতুন ডিজিটেল মঞ্চখনৰ মূল চালিকাশক্তি অৰ্থাৎ প্ৰকাশক হিচাপে দায়িত্ব গ্ৰহণ কৰিছে স্বৰাজ ফুকন আৰু প্ৰদীপ গগৈয়ে। ৱেবছাইটটোৰ পৰিচালনা, সমলৰ গুণগত মানদণ্ড নিয়ন্ত্ৰণ আৰু সঠিক দিশ নিৰ্ণয়ৰ বাবে উপদেষ্টা হিচাপে বৰঙণি যোগাইছে বিশিষ্ট শিক্ষাবিদ ড° দিব্যজ্যোতি মহন্ত আৰু শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগেশ কিশোৰ ফুকনে। সম্পাদনাৰ দায়িত্বত আছে বিশিষ্ট লেখিকা ড° গীতালী শইকীয়া। পৃষ্ঠপোষক হিচাপে আছে লাইজু ব্ৰহ্ম। আনহাতে অত্যাধুনিক কাৰিকৰী প্ৰযুক্তিৰ সৈতে খাপ খুৱাই ৱেবছাইটটো আকৰ্ষণীয় আৰু ব্যৱহাৰকাৰী-অনুকূল (user-friendly) ৰূপত ডিজাইন কৰি উলিয়াইছে ৱেব ডিজাইনাৰ হেমন্ত উপাধ্যায়ে| উল্লেখযোগ্য যে ৱেবছাইটটোৰ সমান্তৰালভাৱে সামাজিক মাধ্যমৰ গুৰুত্বক উপলব্ধি কৰি একে নামেৰে অৰ্থাৎ ‘Swaraj Darpan’ (https://www.facebook.com/profile.php?id=61590771446576) নামেৰে এটা অফিচিয়েল ফেচবুক পেজো মুকলি কৰা হৈছে।

বৰ্তমান সময়ৰ সস্তীয়া প্ৰচাৰ, চাঞ্চল্যধৰ্মী উৰাবাতৰি বা নেতিবাচক খবৰৰ পৰা আঁতৰত থাকি তথ্যভিত্তিক, বিজ্ঞানসন্মত, গঠনমূলক আৰু সমাজোপযোগী সমল যোগান ধৰাটোৱেই হৈছে ‘স্বৰাজ দৰ্পণ’ৰ প্ৰধান সংকল্প। সমাজৰ সৰ্বস্তৰৰ জনসাধাৰণক এই জ্ঞান অন্বেষণৰ যাত্ৰাত অংশীদাৰ হ’বলৈ আৰু গঠনমূলক দিহা-পৰামৰ্শ তথা লেখা-মেলাৰ জৰিয়তে এই মঞ্চখনক অধিক চহকী কৰিবলৈ পৰিচালনা সমিতিৰ তৰফৰ পৰা আন্তৰিক আহ্বান জনোৱা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...