ডিমৰীয়া সম জিলাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন(Yoga for healthy ageing) শীৰ্ষক মূলমন্ত্ৰৰে আজি পুৱা ডিমৰীয়া সমজিলা প্ৰশাসনৰ সহযোগত আৰু ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ আয়োজনত আজি কমাৰকুছিস্থিত লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয় ।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ বিত্ত, পৰিৱেশ আৰু বন, খনিজ আৰু খনিজাত বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় : নিয়মিত যোগৰ অভ্যাসে বাৰ্ধক্যৰ দিনকেইটা সুস্থভাৱে কটাব পাৰি । এই মূলমন্ত্ৰকে সাৰোগত কৰি সমগ্ৰ ভাৰতত আজি যোগ দিৱস পালন কৰা হৈছে । যোগৰ অভ্যাসে ভাৰতবৰ্ষক এখন স্বাস্থ্যবান দেশ হিচাপে গঢ়ি তুলিবলৈ সক্ষম হ’ব । ভাৰতবৰ্ষত ইতিমধ্যে যোগৰ প্ৰচাৰ,প্ৰসাৰ আৰু অভ্যাস গঢ় লৈ উঠিছে।

প্ৰতিটো দিনেই যোগৰ অভ্যাস কৰি নিজক সুস্থ -সবল কৰি ৰাখিব লাগে ।অসমত আত্ম-সহায়ক গোটৰ মহিলাসকলৰ জৰিয়তে ৩২ লক্ষাধিক মহিলা যোগৰ সৈতে জড়িত হৈছে । একেদৰে ডিমৰীয়া সমষ্টিৰ বিধায়ক ড০ তপন দাসে কয় যে যোগ হৈছে মন ,শৰীৰ আৰু আত্মাক একত্ৰিত কৰা এক বৈজ্ঞানিক পদ্ধতি । যোগৰ নিয়মিত অনুশীলনে আমাক বাৰ্ধক্যৰ পীড়াৰ পৰা বহু পৰিমাণে মুক্ত কৰি ৰাখিব পাৰে । সেয়েহে সকলোৱে যোগৰ অভ্যাস কৰিব লাগে । অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা অহা পাঁচগৰাকী যোগ প্ৰশিক্ষকে যোগ প্ৰদৰ্শন কৰে ।

আজিৰ এই কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড° বি কল্যাণ চক্ৰৱৰ্তী, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মিছন সঞ্চালক কুন্তল মণি শৰ্মা বৰদলৈ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কল্পনা ডেকা, কামৰূপ মহানগৰ জিলাৰ সহকাৰী আয়ুক্ত ৰিচি বন্দনা গগৈ,ডিমৰীয়া সমজিলাৰ সহকাৰী আয়ুক্ত হীৰক জ্যোতি শইকীয়া, খণ্ড উন্নয়ন বিষয়া ৰাজহ চক্ৰ বিষয়া,আয়ুষ সঞ্চালকালয়ৰ বিষয়া ,সোণাপুৰ মহাবিদ্যালয়, সীমান্ত সুৰক্ষা বাহিনী,বায়ু সেনা, আত্মসহায়ক গোট,পঞ্চায়তৰ বুথ পৰ্যায়ৰ কৰ্মী, লক্ষ্মীবাই শাৰীৰিক ৰাষ্ট্ৰীয় শিক্ষা প্ৰতিষ্ঠানৰ ডীন, শিক্ষাৰ্থী, স্থানীয় ব্যক্তি তথা সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া-কৰ্মচাৰীসকল
উপস্থিত থাকে । অনুৰূপধৰণে নিউ গুৱাহাটী সমজিলা আৰু জালুকবাৰী সমজিলাতো আজি গাম্ভীৰ্যপূৰ্ণভাৱে যোগ দিৱস পালন কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সন্তানক লগত লৈ লোকপিয়লৰ দায়িত্ব পালন এগৰাকী মাতৃৰ

লোকপিয়লৰ দায়িত্বৰ সমান্তৰালকৈ পালন কৰিছে মাতৃ হোৱাৰ দায়িত্ব। নিজৰ...

তিব্বত বানৰ ভয়ংকৰ দৃশ্য চীনত প্ৰচাৰ কৰা হোৱা নাই

তিব্বতৰ আৰু নেপালৰ মাজৰ এক গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সীমান্ত বাণিজ্য...

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদত নিযুক্তি লাভ ড০ বৰ্ণালী ডেকাৰ

অসমৰ প্ৰশাসনিক ইতিহাসত এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰি...

বিশ্বকাপ জয়ৰ পাছতো দলৰ পৰা বাদ! নিৰ্বাচকৰ সিদ্ধান্তত হতাশ SKY

T-20 বিশ্বকাপ জয়ী ভাৰতীয় দলৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱে...