বিষ্ণু ৰাভা দিৱস উপলক্ষে সামাজিক মাধ্যমত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ৰাজনৈতিক দৰ্শনৰ প্ৰকৃত অৰ্থ ব্যাখ্যা কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই

‘কলাগুৰু’ বিষ্ণুপ্ৰসাদ ৰাভাদেৱে ‘ৰাজনীতি’ শিৰোনামেৰে লেখা এটা লিখিছিল৷ ‘ৰাজনীতি’ কি বুজাবলৈ গৈ তেখেতে লিখিছিল যে মাতৃগৰ্ভত নিৰাপদে থকা শিশু এটিয়ে যেতিয়া জন্ম পাই পৃথিৱীলৈ আহে, তেতিয়া শিশুটোৱে খুব কান্দে৷ মাতৃগৰ্ভত থাকোঁতে মাকৰ পৰা নিৰাপদে খাদ্য, আশ্ৰয় পাই থকা শিশুটোৱে হঠাতে সেই নিৰাপত্তাৰ পৰা বিচ্ছিন্ন হৈ খুব কান্দে৷ কান্দে এইকাৰণেই যে শিশুটোক খাদ্য, আশ্ৰয়, আভৰণ লাগে৷ ৰাভাদেৱৰ মতে এই কান্দোনটোৰ পৰাই ৰাজনীতিৰ আৰম্ভণি ঘটে৷ অৰ্থাৎ, অন্ন-বস্ত্ৰ-বাসস্থানৰ দৰে জীয়াই থকাৰ প্ৰাথমিক প্ৰয়োজনখিনিৰ বাবে মানুহে জন্মৰ মুহূৰ্তৰ পৰাই সংগ্ৰাম আৰম্ভ কৰে৷ এই সংগ্ৰামেই হ’ল -‘ৰাজনীতি’৷

প্ৰকৃত ৰাজনীতিকৰ প্ৰধান দায়িত্বই হ’ল মানুহৰ এই প্ৰাথমিক প্ৰয়োজন পূৰণ কৰা৷ এনে ভাৱধাৰাৰেই উদ্বুদ্ধ হৈ বিষ্ণুপ্ৰসাদ ৰাভাদেৱ নিজেও ৰাজনীতিৰ লগত জড়িত হৈছিল৷ আনকি তেজপুৰৰ পৰা এবাৰ নিৰ্দলীয় বিধায়ক হিচাপে অসম বিধানসভালৈয়ো তেখেত নিৰ্বাচিত হৈ আহিছিল৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল – ডেকাকালত সশস্ত্ৰ কমিউনিষ্ট দলৰ সদস্যপদ গ্ৰহণ কৰি ‘য়ে আজাদী ঝুঠা হ্যায়’ বুলি শ্লোগান দিয়া ৰাভাদেৱে পৰিণত বয়সত কমিউনিষ্ট দলৰ সদস্যপদ ত্যাগ কৰি দেশৰ সাংবিধানিক বিধি ব্যৱস্থাৰ প্ৰতি আনুগত্য প্ৰকাশেৰে সংসদীয় নিৰ্বাচনী ৰাজনীতিত জড়িত হৈ পৰিছিল৷ এয়া এতিয়াৰ নতুন প্ৰজন্মৰ বাবেও শিক্ষণীয় বিষয়৷ নৈৰাজ্যবাদ নহয়, সাংবিধানিক বিধি ব্যৱস্থাৰ আওতাত থাকিহে ৰাইজৰ মৌলিক সমস্যা সমাধান কৰা সম্ভৱ – জীৱনৰ শেষ বয়সত ৰাভাদেৱে নিজেই ইয়াৰ এক নজিৰ হৈ আমাক সকলোকে বাট দেখুৱাই থৈ গৈছে।

সুখৰ কথা এয়ে যে যিসমূহ মৌলিক প্ৰয়োজন পূৰণৰ স্বাৰ্থত বিষ্ণুপ্ৰসাদ ৰাভাদেৱে ‘ৰাজনীতি’ কৰাৰ কথা কৈছিল, আজিৰ দিনৰ ৰাজনীতি সেইসমূহ প্ৰয়োজন পূৰণ কৰাত সফল হৈছে৷ ৰাভাদেৱ বৈকুণ্ঠগামী হোৱাৰ পাঁচটা দশকৰ ভিতৰতে এতিয়া দেশৰ ২৫ কোটি দৰিদ্ৰ পৰিয়ালে দাৰিদ্ৰ্যৰ পৰা মুক্তি লাভ কৰিছে৷ দেশৰ কোনো নাগৰিকেই যাতে অনাহাৰে থাকিব নালাগে, তাৰ যথাযথ ব্যৱস্থাও বৰ্তমানৰ চৰকাৰে কৰিছে৷ উৰুখা ছালৰ তলত ৰ’দে-বৰষুণে এতিয়া কোনেও আৰু বিনিদ্ৰ ৰজনী কটাব নালাগে৷ ঘৰেপতি পকীঘৰ-শৌচালয় নিৰ্মাণ হৈছে৷ অন্তোদয়াৰ মন্ত্ৰেৰে সমাজৰ আটাইতকৈ প্ৰান্তীয় অৱস্থানত থকাজনৰ মুখতো এই চৰকাৰে হাঁহি বিৰিঙাই তুলিছে!

এয়া ৰাভাদেৱৰ কাংক্ষিত ৰাজনীতিৰ প্ৰতিফলন নহয়নে?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হাইলাকান্দিত ৬০ লাখ টকাৰ ইয়াবা টেবলেট সহ দুজনক গ্ৰেপ্তাৰ

হাইলাকান্দি জিলাত পুনৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ ইয়াবা টেবলেট জব্দ...

আজি পুৱা ১০ বজাত এছিয়ান গেমছৰ ফাইনেলত চীনৰ বাও জিয়িৰ বিৰুদ্ধে লাভলীনা বৰগোঁহাই

ভাৰতীয় বক্সাৰ লাভলীনা বৰগোঁহাই আজি, ২ অক্টোবৰত পুৱা ১০...

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...

মাত্ৰ ১৫ বছৰতে বিশ্বজুৰি চৰ্চাত বৈভৱ সূৰ্যবংশী; TIME100 Next-ত স্থান লাভ উদীয়মান ক্ৰিকেটাজনৰ

১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান প্ৰতিভা বৈভৱ সূৰ্যবংশীক বিশ্বৰ...