হঠাৎ আহিল ক’লা বৰষুণ, এখন দেশত লাগিল হাহাকাৰ…

কেতিয়াবা আপুনি বাৰু ক’লা বৰষুণৰ কথা কল্পনা কৰিছেনে? আপুনি বাৰু কেতিয়াবা ভাবি চাইছেনে যে কেতিয়াবা ক’লা বৰষুণ হ’ব পাৰে নে নোৱাৰে? আপুনি বা মই বিশ্বাস কৰিবলৈ কিছু কঠিন হ’লেও এখন দেশত এইবাৰ হৈছে ক’লা বৰষুণ। ৰাছিয়াৰ ৰাজধানী মস্কোত এইবাৰ দেখিবলৈ পোৱা গ’ল ক’লা বৰষুণ। মস্কোৰ বাসিন্দাসকলৰ দাবী অনুসৰি ইউক্ৰেইনৰ ভয়াৱহ ড্ৰোন আক্ৰমণৰ পিছতে মস্কোত দেখিবলৈ পোৱা গ’ল ক’লা বৰষুণ। ৰাজপথ, গাড়ী, ঘৰ সকলোতে দেখিবলৈ পোৱা গ’ল ক’লা দাগ।

মস্কোৰ ৰিফাইনেৰীত আক্ৰমণৰ পিছতে পোহৰলৈ আহে এই ঘটনা। আক্ৰমণৰ পিছতে অগ্নিকুণ্ডত পৰিণত হোৱা ক’লা ধোৱা বিয়পি পৰিল বহু দুৰলৈকে। আৰু তাৰ কেইবাঘণ্টাৰ পিছতে মস্কোৰ জনতাই দাবী কৰিলে ক’লা বৰষুণ দেখাৰ। বালাশিখা, ল্যুবাৰ্টসী আৰু দক্ষিণ-পূব মস্কোৰ বহু অঞ্চলত দেখা গ’ল ক’লা বৰষুণ। সামাজিক মাধ্যমতো শ্বেয়াৰ হৈছে ক’লা বৰষুণৰ বহু ফটো নাইবা ভিডিঅ’ ।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হাইলাকান্দিত ৬০ লাখ টকাৰ ইয়াবা টেবলেট সহ দুজনক গ্ৰেপ্তাৰ

হাইলাকান্দি জিলাত পুনৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ ইয়াবা টেবলেট জব্দ...

আজি পুৱা ১০ বজাত এছিয়ান গেমছৰ ফাইনেলত চীনৰ বাও জিয়িৰ বিৰুদ্ধে লাভলীনা বৰগোঁহাই

ভাৰতীয় বক্সাৰ লাভলীনা বৰগোঁহাই আজি, ২ অক্টোবৰত পুৱা ১০...

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...