হঠাৎ আহিল ক’লা বৰষুণ, এখন দেশত লাগিল হাহাকাৰ…

কেতিয়াবা আপুনি বাৰু ক’লা বৰষুণৰ কথা কল্পনা কৰিছেনে? আপুনি বাৰু কেতিয়াবা ভাবি চাইছেনে যে কেতিয়াবা ক’লা বৰষুণ হ’ব পাৰে নে নোৱাৰে? আপুনি বা মই বিশ্বাস কৰিবলৈ কিছু কঠিন হ’লেও এখন দেশত এইবাৰ হৈছে ক’লা বৰষুণ। ৰাছিয়াৰ ৰাজধানী মস্কোত এইবাৰ দেখিবলৈ পোৱা গ’ল ক’লা বৰষুণ। মস্কোৰ বাসিন্দাসকলৰ দাবী অনুসৰি ইউক্ৰেইনৰ ভয়াৱহ ড্ৰোন আক্ৰমণৰ পিছতে মস্কোত দেখিবলৈ পোৱা গ’ল ক’লা বৰষুণ। ৰাজপথ, গাড়ী, ঘৰ সকলোতে দেখিবলৈ পোৱা গ’ল ক’লা দাগ।

মস্কোৰ ৰিফাইনেৰীত আক্ৰমণৰ পিছতে পোহৰলৈ আহে এই ঘটনা। আক্ৰমণৰ পিছতে অগ্নিকুণ্ডত পৰিণত হোৱা ক’লা ধোৱা বিয়পি পৰিল বহু দুৰলৈকে। আৰু তাৰ কেইবাঘণ্টাৰ পিছতে মস্কোৰ জনতাই দাবী কৰিলে ক’লা বৰষুণ দেখাৰ। বালাশিখা, ল্যুবাৰ্টসী আৰু দক্ষিণ-পূব মস্কোৰ বহু অঞ্চলত দেখা গ’ল ক’লা বৰষুণ। সামাজিক মাধ্যমতো শ্বেয়াৰ হৈছে ক’লা বৰষুণৰ বহু ফটো নাইবা ভিডিঅ’ ।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছৌদি আৰৱৰ বিমানবন্দৰত ভয়ংকৰ মিছাইল আক্ৰমণ, নিহত ভাৰতীয়সহ ২ জন

য়েমেনৰ হুথি বিদ্ৰোহীৰ আক্ৰমণ তীব্ৰতৰ হোৱাৰ মাজতে ছৌদি আৰৱৰ...

ট্ৰাম্পৰ অদ্ভুত প্ৰস্তাৱ গুগললৈ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ নাম সলনি কৰি ‘ট্ৰাম্প অ’চেন’ ৰখাৰ পৰিকল্পনা

মানচিত্ৰত নিজৰ নাম জিলিকোৱাৰ পৰিকল্পনা! আটলাণ্টিক মহাসাগৰৰ নাম সলনি...

পুৰণি শত্ৰুতাৰ ভয়ংকৰ পৰিণতি; যুৱকক গাড়ীৰ খিৰিকীত হাত আবদ্ধ কৰি চলালে গাড়ী, কানপুৰত যুৱকৰ কৰুণ মৃত্যু

উত্তৰ প্ৰদেশৰ কানপুৰৰ হনুমন্ত বিহাৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত...