সদৌ অসম ডায়েট বিষয়া সন্থাই শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক সাক্ষাৎ কৰি উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে। ১৭ জুন তাৰিখে শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে সংক্ষিপ্তভাবে এক সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হয়। সন্থাৰ কাৰ্যকৰী সমিতিৰ সদস্যসকলে উত্থাপন কৰি প্ৰদান কৰা স্মাৰকপত্ৰত জনাই যে অসমৰ বহু জনজাতি প্ৰধান প্ৰত্যন্ত অঞ্চল, পাহাৰীয়া আৰু বানাক্ৰান্ত অঞ্চলত প্ৰাথমিক বিদ্যালয় নিৰ্দিষ্ট ব্যাসাৰ্ধত কিছু আছে যদিও মাধ্যমিক স্তৰৰ বাবে এতিয়াও ব্যাসাৰ্ধৰ পুনৰীক্ষণৰ প্ৰয়োজন আছে। বিশেষকৈ বহু সীমান্তৱৰ্তী এলেকাত এই ব্যাসাৰ্ধৰ সমস্যাটো পুনৰীক্ষণ কৰা প্ৰয়োজন। এই আপাহতে শিক্ষাখণ্ডত চৰকাৰৰ ভিন্ন প্ৰচেষ্টাক ধন্যবাদ জনাই সন্থাৰ সম্পাদক প্ৰধান ড° ঋতুপৰ্ণ মহন্তই কয় যে শেহতীয়াকৈ চৰকাৰে চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ পাঠ্যক্ৰম আৰু বেগৰ বোজা সম্পৰ্কত এলানি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে। একেদৰে ডায়েট বিষয়াসকলৰ সম্পৰ্কতো তেওঁ জনাই যে ডায়েটৰ প্ৰবক্তা তথা ৰাজপত্ৰিত বিষয়াসকলে সদায়ে বায়’মেট্ৰিক উপস্থিতিৰ সহযোগিতা কৰি আহিছে। কিন্তু এক নিৰ্দিষ্ট পক্ষই আন এটি প্ৰায়োগিক বিষয়ৰ সুবিধা লৈ ডায়েট বিষয়াসকলৰ প্ৰকৃত বিষয়টোৰ বিচ্যুত ব্যাখ্যা কৰাটো আশ্বৰ্য প্ৰকাশ কৰে। ডায়েটৰ এই ৰাজপত্ৰিত শৈক্ষিক বিষয়াসকলে এচচিইআৰটি আৰু বিশ্ববিদ্যালয়ৰ অধীনৰ দুটা কোৰ্ছ চলোৱাতে সীমাবদ্ধ নাথাকে। বিদ্যালয়, শিক্ষাখণ্ড, প্ৰশাসন, এচচিইআৰটি, এনচিইআৰটি, সমগ্ৰ শিক্ষা আদি বিভিন্ন স্তৰত শৈক্ষিক তথা প্ৰশিক্ষণমূলক কাম চলাই আছে। লগতে ডায়েটৰ কাম-কাজ বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষাৰ এক সেতু হিচাপেও সম্প্ৰসাৰিত। তেনে অৱস্থাত ডায়েটৰ গুৰুত্ব আৰু কৰ্তব্যক লৈ বিকৃত উপস্থাপন কৰা দুই এক পক্ষক লৈ বিষয়াসকলে ক্ষোভ প্ৰকাশ কৰিছে। ইতিমধ্যে ডায়েট বিষয়াসকলে প্ৰতিষ্ঠানৰ বায়’মেট্ৰিক ব্যৱস্থাৰ পৰা সমৰ্থ এপ্লিকেশ্যনত উপস্থিতি দিবলৈ সাজু বুলি বিভাগৰ কৰ্তৃপক্ষ তথা শিক্ষামন্ত্ৰীক জনাইছে। কিয়নো এই এপ্লিকেশ্যনত বিষয়াসকলৰ শৈক্ষিক আৰু নিয়মীয়া কামকাজ, দুয়োটা প্ৰতিফলিত হ’ব। সন্থাই সমৰ্থ এপ্লিকেশ্যনৰ উপস্থিতি দিয়া ব্যৱস্থাটো সোনকালে কাৰ্যকৰী কৰিবলৈ শিক্ষামন্ত্ৰীক আহ্বান জনাই আহিছে। এনে কাৰণতে সন্থাই অন্য কোনো তদৰ্থ এপ্লিকেশ্যন জাপি দিয়াৰ বিৰোধিতা কৰি আহিছে। কিয়নো আন এটা এপ্লিকেশ্যন জাপি দিবলৈ এটা চক্ৰই সদায়ে চেষ্টা কৰি আহিছে যিটো সন্থাই প্ৰতিবাদ কৰি আহিছে। ইতিমধ্যে সন্থাৰ কাৰ্যকৰী সমিতিয়ে জনাইছে যে এটা চক্ৰই ডায়েটৰ কৰ্মী তথা বিষয়াসকলৰ বিষয়ে এক ভ্ৰান্ত ধাৰণা বছৰ বছৰ বিয়পাই আহিছে। অথচ প্ৰতিটো শৈক্ষিক কামত অহৰহ এই বিষয়াসকলৰ গৰিষ্ঠসংখ্যকেই জড়িত হৈ আছে। নিষ্ঠাৰে কাম কৰা বিষয়াৰ মনোবল হ্ৰাস নকৰিবলৈ সেই দুষ্ট চক্ৰক সকীয়াই দিছে। এইক্ষেত্ৰত শিক্ষামন্ত্ৰীৰো বলিষ্ঠ পদক্ষেপ কামনা কৰিছে।
