সুখ-শান্তিৰে উপচি পৰিব আপোনাৰ জীৱন! মহা শিৱৰাত্ৰিত ঘৰলৈ আনক এইকেইবিধ বস্তু

মাজত মাথো কেইটামান ক্ষণ। তাৰ পাছতেই সকলোৱে পালন কৰিব মহা শিৱৰাত্ৰি। বিশ্বাস কৰা হয় যে মহাদেৱক আৰাধনা কৰিলে দূৰ হয় বাধা–বিঘিনি। সোনকালে সন্তুষ্ট হোৱা ভগৱানৰ ভিতৰত মহাদেৱ অন্যতম। সামান্য, বেলপাত, পানী, ধতুৰা ফুল দিলেই সন্তুষ্ট হয় মহাদেৱ। ইয়াৰোপৰি এনে কেইবিধমান বস্তু আছে যিকেইবিধ বস্তু মহাদেৱৰ অত্যন্ত প্ৰিয়। শাস্ত্ৰ অনুসৰি শিৱৰাত্ৰিত এইকেইবিধ বস্তু ঘৰলৈ আনিলেই বহুতো সমস্যাৰ সমাধান পেৱা যায়। লগতে ঘৰলৈ টকা-পইচা আৰু সুখ-শান্তিৰ আগমন ঘটে।

তামৰ ঘট : কোৱা হয় যে মহা শিৱৰাত্ৰিত তামৰ ঘট দি মহাদেৱক প্ৰসন্ন কৰিব পাৰি। পাৰিবাৰিক বিবাদ হৈ থাকিলে ঘৰলৈ তামৰ ঘট আনিব লাগে। এনে কৰিলে সোনকালে বিবাদৰ অন্ত পৰে।

ৰূপৰ নন্দী : নন্দী শিৱৰ বাহন। জ্যোতিষ শাস্ত্ৰ অনুসৰি কোনো মানুহৰ জীৱনত আৰ্থিক স্বচ্ছলতা আনিবলৈ মহা শিৱৰাত্ৰিত ৰূপৰ নন্দী ঘৰলৈ আনিব লাগে। পূজা শেষ হোৱাৰ পাছত লকাৰত নন্দীৰ মূৰ্তিটো ৰাখি থব লাগে।

ৰুদ্ৰাক্ষ : জ্যোতিষ শাস্ত্ৰ অনুসৰি মহা শিৱৰাত্ৰিৰ দিনা ঘৰলৈ আনিব লাগে ৰুদ্ৰাক্ষ। প্ৰথমতে মন্ত্ৰোচ্ছাৰণ কৰি এই ৰুদ্ৰাক্ষক শুদ্ধি কৰি ল’ব লাগে। ৰুদ্ৰাক্ষ ঘৰত ৰাখিলে ঘৰৰ সকলো সংকট দূৰ হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...