গোলাঘাটলৈ গ’লে এইকেইখন ঠাইলৈ যাবই লাগিব আপুনি

0 11,479

অসম-নাগালেণ্ড সীমান্তৱৰ্তী উজনি অসমৰ এখন অন্যতম জিলা গোলাঘাট। কোনো কোনোৰ মতে ধনশিৰি নদীৰ পাৰত ব্ৰিটিছৰ গোলা-বাৰুদৰ কেন্দ্ৰস্থলক কেন্দ্ৰ কৰি আৰু কোনো কোনোৰ মতে ধনশিৰি নদীৰ ঘাটত স্থাপিত গোলা বা দোকানক কেন্দ্ৰ কৰি কালক্ৰমত গোলাঘাট নামৰ উৎপত্তি হৈছিল। পূৱে যোৰহাটৰ মহবন্ধা, পশ্চিমে কাজিৰঙাৰ বাগৰি, উত্তৰে শোণিতপুৰ আৰু দক্ষিণে নাগালেণ্ডৰ সীমাৰে গোলাঘাটৰ চাৰিসীমা গঠিত। পৰ্যটনৰ বিপুল সম্ভাৱনাপূৰ্ণ গোলাঘাট জিলাখনে আন্তঃগাঠনিৰ অভাৱত পৰ্যটন উদ্যোগটোক সঠিক ৰূপত গঢ় দিব পৰা নাই। পিছে, কালক্ৰমত সেইয়া সম্ভৱ হৈ উঠাৰ সম্ভাৱনা নথকা নহয়। গোলাঘাটলৈ অহা পৰ্যটকে সৰু-বৰ বহুকেইটা স্থানেই দৰ্শনৰ সুবিধা পায়। পিছে তাৰে কেইটামান উল্লেখযোগ্য স্থান তলত দাঙি ধৰা হ’ল:

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ এটা খৰ্গযুক্ত গড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশ্ব ঐতিহ্যক্ষেত্ৰ সমূহৰ ভিতৰত অন্যতম।ই অসমৰ দুখন প্ৰধান জিলা নগাঁও আৰু গোলাঘাট জিলাক কেন্দ্ৰ কৰি হোৱা ৰাষ্ট্ৰীয় উদ্যান। ১৯০৮ চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল।

১৯১৬ চনত ইয়াক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। অসম ৰাষ্ট্ৰীয় উদ্যান আইন, ১৯৬৮ৰ দ্বাৰা কাজিৰঙাকে ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্য্যদা প্ৰদান কৰা হয়। পৰৱৰ্তী পৰ্যায়ত ১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰে ৪৩০ বৰ্গ কিঃমিঃ মাটিকালিৰে আৱৰা কাজিৰঙাক আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি প্ৰদান কৰে। ১৯৪৫ চনত কাজিৰঙাক UNESCOৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে অন্তৰ্ভুক্ত কৰা হয়। এই উদ্যানত পোৱা প্ৰাণীকুলৰ ভিতৰত এশিঙীয়া গঁড়, বনৰীয়া ম’হ, দল-হৰিণা, হাতী, সুগৰী পহু, শৰ পহু, বনৰীয়া গাহৰি, বাংকেক,বন-ৰৌ, খাগৰি কটা পহু ইত্যাদি ‌পোৱা যায়।

পৃথিৱীৰ ভিতৰতে বৃহৎ আকাৰৰ দুবিধ সাপ যেনে Reticulated Python আৰু Rock Pythonৰ লগতে আটাইতকৈ দীঘল বিষধৰ সাপ ৰজা ফেঁটী এই উদ্যানত বিদ্যমান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মূলত চাৰি প্ৰকাৰৰ উদ্ভিদ সমষ্টি দেখিবলৈ পোৱা যায়। উল্লেখযোগ্য এটা দিশ হৈছে এই ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি ৰবিন‌ বেনাৰ্জীৰ দ্বাৰা নিৰ্মিত হোৱা তথ্যচিত্ৰ ১৯৬১ চনত বাৰ্লিন দূৰদৰ্শনত প্ৰচাৰিত হৈছিল। কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্প‌ও ৰাষ্ট্ৰীয় উদ্যানখনৰ এক অন্যতম সফল সংযোজন। বৰ্তমান উদ্যানখনত বনৰজাৰ বৰ্ধিত সংখ্যাই স্বাভাৱিকতে ৰাজ্যবাসীক উৎফুল্লিত কৰি তুলিছে। দেশ-বিদেশৰ পৰা অহা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কাজিৰঙা দৰ্শন কৰিবলৈ আপুনিও নাপাহৰিব।

নুমলিগড় বাবাথান
ভক্তিৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰি জনমানসত স্থান লাভ কৰা গোলাঘাট জিলাৰ অন্যতম স্থান সমূহৰ ভিতৰত বাবাথান উল্লেখযোগ্য। নুমলিগড় বাবাথানৰ মহিমা অপাৰ। বাবাথানৰ প্ৰতিষ্ঠাপক হৈছে পীতাম্বৰ কন্দলী। তেওঁ আছিল অনন্ত কন্দলীৰ বংশধৰ এজন সাধক। এদিন তেওঁ সপোনত দেখে যে, ভগৱান শিৱই এজন অৱতাৰী‌ পূৰুষৰ ৰূপ লৈ স্নান কৰাৰ ইচ্ছা প্ৰকাশ কৰি অন্তৰ্ধান হয়।

ইয়াৰ পিছদিনা পীতাম্বৰ কন্দলীৰ পুত্ৰ লোহাই কন্দলীয়ে দহ মাইল হাবিৰ সুৰুঙেৰে গৈ সপোনৰ স্থলীত উপস্থিত হয় আৰু বেদীপাঠ সহ শিৱলিংগ, ভৈৰৱ‌ গণেশ আৰু বৃষভৰ মূৰ্তি দেখা পাইছিল। তেওঁ মূৰ্তি সমূহক ধনশিৰী নৈ ত স্নান কৰোৱাই আনি ১৭১৩ শকৰ ফাগুন মাহৰ কৃষ্ণা চতুৰ্দশী তিথিত দেওপাহাৰৰ ওপৰত খেৰৰ এখন‌ চালিৰে আবৃত্ত কৰি পূজা অৰ্চনা কৰে।ভৰিৰ বাবে সপোনত লাভ কৰা ৫খন দা এতিয়াও সংৰক্ষিত হৈ আছে বাবাথানত। পৌৰাণিক যুগৰ বহু শিলা এতিয়াও বাবাথানত অৱস্থিত। নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দেওপাহাৰ এই বাবাথান অৱস্থিত।

নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্য আৰু গৰম পানী
জৈৱ বৈচিত্ৰ্যৰ অপূৰ্ব সমাহাৰ গোলাঘাটৰ নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্য। গোলাঘাট জিলাৰ পৰ্যটনৰ ক্ষেত্ৰত এক অন্যতম প্ৰধান স্থান এই বনাঞ্চল। প্ৰায় ৩৭ বৰ্গ কিঃমিঃ ‌আগুৰি থকা এই অঞ্চলটোক ২০০০ চনৰ ২৭ জুলাইত অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। প্ৰায় ৫০ বিধ বিৰল প্ৰজাতিৰ অৰ্কিডেৰে এই বনাঞ্চলখন ভৰপূৰ। অভয়াৰণ্যত পোৱা আদা জাতীয় কমূল তামোলৰ খোৱাৰ উপৰি সুগন্ধি দ্ৰব্য তৈয়াৰ কৰাত ব্যৱহৃত।

হাতীৰ বাবে বিখ্যাত এই বনাঞ্চলখনত সুগৰী পহু,হালী বান্দৰ,ৰোমটাই পহু,ঢেকীয়াপতীয়া বাঘ ইত্যাদি ‌পোৱা যায়। পক্ষী কুলৰ ভিতৰত কেতেকী,কুলি,ভীম ৰাজ,তিল কপৌ,সাৰুৱা কপৌ,দেওহাঁহ,তেলীয়া হাৰেং ইত্যাদি ‌পোৱা যায়। এই অভয়াৰণ্যৰ আমোদ গোলাঘাটৰ পৰা চিলনীজানৰ পথতেই পোৱা যায়।ঘন হাবিৰ মাজে মাজে ৰোমাঞ্চকৰ যাত্ৰা ৰ আমেজ পোৱা যায় এই পথত। পিছে গোলাঘাট-কাৰ্বি আংলং সীমান্তত অৱস্থিত গৰম পানীৰ ওহ হৈছে ইয়াৰ মূল কেন্দ্ৰস্থল।বছৰৰ বাৰ মাহেই গৰম হৈ থকা এটা ওহৰ বাবেই এই স্থান বিখ্যাত।

গৰম পানীৰ ওহ

ইয়াৰ আশে-পাশেৰেই অভয়াৰণ্যৰ কিছু অংশ পৰ্যটনৰ বাবে উপযোগী। অৱশ্যে ভৱিষ্যতলৈ এই স্থানত অধিক সম্ভৱনাপূৰ্ণ পৰ্যটনথলীলৈ ৰূপান্তৰৰ বাবে চেষ্টা চলাই আছে কৰ্তৃপক্ষই। পৰৱৰ্তী সময়ত ট্ৰেকিং ইত্যাদিৰো ব্যৱস্থাৰ বাবে অভয়াৰণ্যখনত আছে বহুখিনি সুবিধা।

শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ
মহামিলনৰ মহাতীৰ্থৰূপে খ্যাত গোলাঘাটৰ ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ। এই বৈকুণ্ঠধামত প্ৰৱেশ কৰা প্ৰতিগৰাকী ভক্ত‌ৰ মনৰ সংকীৰ্ণতা তথা মালিনতাৰ মোচন হৈ ভক্তিৰস জাগ্ৰত হৈ উঠে।এই পৱিত্ৰ ধৰ্মক্ষেত্ৰভাগৰ প্ৰকৃত ইতিহাসৰ কেৱল সিদ্ধ তথা বয়োবৃদ্ধৰ মুখৰ প্ৰচলনতেই সীমিত।কিংবদন্তি ব্যক্তিৰ মুখে মুখে চলি অহা প্ৰবাদেই শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বুৰঞ্জীৰ একমাত্ৰ সমল।
কিংবদন্তিৰ প্ৰবাদ তথা জনশ্ৰুতিৰ মতে ল’ৰা ৰজাৰ অত্যাচাৰত এবাৰ গদাপাণি কোঁৱৰে নগাপাহাৰৰ আশে-পাশে ঘূৰি ফুৰোঁতে এই তীৰ্থস্থানত আহি উপস্থিত হয়হি। সেই সময়ত এগৰাকী সিদ্ধ বৈৰাগীয়ে এই স্থানতেই বসবাস কৰিছিল।কালক্ৰমত সেই বৈৰাগীজনা সেই স্থানৰ পৰা অজ্ঞাত স্থানলৈ গমন কৰে।তেখেতে এৰি থৈ যোৱা ত্ৰিশূল আৰু ঠগিৰ পৰা উমান পোৱা যায় যে তেখেত আছিল শিৱভক্ত।

বৈৰাগী গৰাকীৰ নাম-ঠিকনা বৰ্তমান অজ্ঞাত। বৈৰাগী জনাই স্থাপন কৰা মন্দিৰতেই নিজকে আত্মগোপন কৰি থকা অৱস্থাতেই চৌদিশে হাবি-জংঘলেৰে আৱৰা স্থানত ল’ৰাৰজাৰ চৰিয়া-পৰিয়াৰ অভিযানৰ পৰাও ৰক্ষা পৰে।তাৰ পাছতেই গদাপাণিয়ে সপোনত নিজৰ সুদিন প্ৰাপ্তিৰ কথা জানিবলৈ পায়। ১৬৮১ খ্ৰীষ্টাব্দ গদাপাণিয়ে ৰাজ সিংহাসনত পদাৰ্পণ কৰে আৰু গদাধৰ সিংহ উপাধি লাভ কৰে।অতীতৰ স্মৃতি ৰোমন্থন কৰি ৰজাই বিভিন্ন ঠাইৰ পৰা আঠোটা কুৰি বা খেল আনি নামঘৰৰ চৌপাশৰ বিভিন্ন স্থানত প্ৰতিষ্ঠা কৰা এই মহাতীৰ্থৰ ৰক্ষণাৱেক্ষণৰ দ্বায়িত্ব অৰ্পণ কৰে। জনশ্ৰুতিৰ মতে এই আঠোটা খেলৰ সমষ্টিৰ দ্বাৰা সৃষ্টি হোৱাৰ বাবে ইয়াৰ নামাকৰণ “আঠকুৰিয়া” আৰু পিছত “আঠখেলীয়া” হিচাপে কৰা হয়।নামঘৰভাগিত দৈনিক প্ৰাতঃ ,মধ্যাহ্ন, বিয়লি আৰু সন্ধা এই চাৰি প্ৰসংগ দৈনন্দিন কৰ্ম হিচাপে আজিও প্ৰচলিত হৈ আছে। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ মূলত আঠটা খেল বা কুৰিৰ দ্বাৰা গঠিত। এই সমূহ হৈছে-বচাকুৰি, বৈৰাগী কুৰি, ব্ৰাক্ষ্মণ কুৰি, নাঙ্গল কুৰি,শলাল কুৰি,কছাৰী কুৰি,বৰাহী কুৰি আৰু কাকতি কুৰি।গোলাঘাটৰ ঘিলাধাৰী মৌজাৰ বছা গাঁৱত নামঘৰভাগি অৱস্থিত।

বীৰাঙ্গনা সাধনী কলাক্ষেত্ৰ
বীৰাঙ্গনা সাধনীৰ পূণ্যস্মৃতিত নিৰ্মিত “বীৰাঙ্গনা সাধনী কলাক্ষেত্ৰখন গোলাঘাটৰ চেলেঙীত অৱস্থিত।অৱসৰ বিনোদনৰ তথা শিশুসকলৰ উপযোগীকৈ সময় অতিবাহিত কৰিবলৈ এটা স্থান এই কলাক্ষেত্ৰ।অত্যাধুনিক এটি প্ৰেক্ষাগৃহৰ সমান্তৰালকৈ কলাক্ষেত্ৰখনত আছে নানান উমলা সা-সামগ্ৰী।

সম্পূৰ্ণ শান্ত পৰিৱেশত মনটোক সতেজ কৰি তুলিবলৈ গোলাঘাটবাসীৰ মাজত চৰ্চিত ই এক অন্যতম স্থান। শেহতীয়াকৈ নানান অত্যাধুনিক ক্ৰীড়াৰ লগতে 12D চিনেমা হলৰ সংযোজনো হৈছে কলাক্ষেত্ৰখনত।একেটা স্থানতে এখন বিপনীয়েও লভিছে পৰ্যটকৰ বিপুল সমাদৰ।

যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ
জিলাখনৰ গ্ৰাম্য পৰ্যটন ক্ষেত্ৰখনক এক অনন্য মাত্ৰা প্ৰদান কৰা পৰ্যটনস্থলী হৈছে যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ। গোলাঘাটৰ চেলঙী গাঁৱৰ সমীপৱৰ্তী খুমটাই সমষ্টিৰ অন্তৰ্গত যোগীবাৰী গাঁৱত অৱস্থিত এই গ্ৰাম্য পৰ্যটন থলী। মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰখন একাদিক্ৰমে এখন পক্ষী উদ্যান, এখন বিল, এটা বনভোজস্থলী, এটা গ্ৰাম্য মহিলা উদ্যোগ, এটা প্ৰাকৃতিক অৱসৰ বিনোদনথলী।

প্ৰকৃতিৰ মাজত বিলীন হ’ব পৰাকৈ পৰ্যটন ক্ষেত্ৰখনৰ আছে এক সুকীয়া বৈশিষ্ট্য।স্থানীয় বিধায়ক মৃনাল শ‌ইকীয়াৰ প্ৰচেষ্টা তথা বৃহত্তৰ যোগীবাৰী গাঁৱৰ ৰাইজৰ সহযোগিতাত গঢ় লৈ উঠা যোগীবাৰীলৈ এবাৰ নহাকৈ নাথাকিব আপুনিও।

নেঘেৰিটিং শিৱদৌল

গোলাঘাট জিলাৰ অন্যতম প্ৰধান অঞ্চল দেৰগাঁৱ পৰা প্ৰায় ৬ কিঃমিঃ অৱস্থিত আঁতৰত নেঘেৰিটিং শিৱদৌল। প্ৰায় ২০০ বছৰৰো অধিক পুৰণি বুলি অনুমান কৰা এই শিৱদৌল আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ১৬৮৭ চনত নিৰ্মাণ কৰাইছিল বুলি লোকবিশ্বাস।সেইসময়ত দৌলৰ ঐতিহ্য পূৰ্ণ তথা অন্যতম বৈশিষ্ট্য আছিল দেৱদাসী নৃত্য। এই নৃত্য প্ৰদৰ্শন কৰা সকলক নটী বোলা হৈছিল।

নটী সকলে নৃত্য প্ৰদৰ্শন কৰোঁতে মূৰৰ ওপৰৰ মাজভাগত ওখকৈ এক খোলা বান্ধিছিল। এই খোলাক “নেমেলি খোলা” বোলা হয়। এই দৌলৰ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা ইটা সমূহ চেলেটা ইটা আছিল। মূল দৌলত বান লিংগৰ প্ৰতিষ্ঠা কৰা হৈছে। মূল দৌলটোৰ চাৰিওকাষে আৰু চাৰিটা দৌল আছে। এই দৌল কেইটাত গণেশ, বিষ্ণু, দূৰ্গা আৰু সূৰ্য দেৱতাৰ বিগ্ৰহ প্ৰতিষ্ঠা কৰা আছে। দৌলৰ প্ৰধান ঠাকুৰ জনক বৰঠাকুৰ বোলা হৈছিল। বৰ্তমান দেৰগাঁও শিৱদৌলৰ পূজাৰী ব্ৰাহ্মণ সকল সৰহ ভাগেই আহোম যুগত ভাটী ফালৰ পৰা অহা।

এইবোৰৰ উপৰিও জিলাখনত দৰ্শন কৰিব পৰাকৈ বহু স্থানেই আছে। কাজিৰঙাৰ অৰ্কিড উদ্যানখনতো দেশ বিদেশৰ পৰ্যটকে থলুৱা, দেশী-বিদেশী উদ্ভিদ ইত্যাদি দৰ্শনৰ সুবিধা লাভ কৰে। বোকাখাতৰ শ্ৰী শ্ৰী চিকনআতা থান, গোলাঘাটৰ কাছমাৰীৰ কছাৰী মৈদাম, মেৰাপানীৰ নেঘেৰিবিল, নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্প, ৰাঙলী আইদেউ মৈদাম ইত্যাদিও উল্লেখনীয়। পিছে পৰ্যটনৰ সুবিধাৰ্থে প্ৰয়োজনীয় ব্যৱস্থাপনাৰ অভাৱত এইসমূহ স্থানৰ বিষয়ে অৱগত নহয় পৰ্যটক।

Leave A Reply

Your email address will not be published.