স্মাৰ্ট চিটী গুৱাহাটীত কিমান সুৰক্ষিত জনতা?

উত্তৰ-পূবৰ দুৱাৰদলি গুৱাহাটী যেন পৰ্যৱসিত হৈছে অপৰাধীৰ ঘাটিলৈ। দৈনিক ইটোৰ পিছত সিটোকৈ ঘটনাই কঁপাই গৈছে মহানগৰী। হত্যা, ধৰ্ষণ, প্ৰৱঞ্চনা আদিৰ ঘটনাই দখল কৰিছে সংবাদ শিৰোনাম। কিন্তু তাৰ পিছতো অপৰাধ ৰোধ কৰাত ব্যৰ্থ হৈছে মহানগৰ আৰক্ষী। স্মাৰ্ট আৰক্ষীৰে গিজগিজাই থকা মহানগৰীত এইবাৰ সংঘটিত হ’ল চাঞ্চল্যকৰ ঘটনা। ৰাজপথৰ পৰা টানি চোঁচৰাই যুৱতীক অপহৰণ কৰিলে দুৰ্বৃত্তই।

মহানগৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। ৰাজপথৰ পৰা টানি চোঁচৰাই যুৱতীক অপহৰণ কৰিলে দুৰ্বৃত্তই। যুৱক আৰু মহিলাৰ দল এটাই সংঘটিত কৰে এই ঘটনা। প্ৰথমে যুৱতীগৰাকীক শাৰীৰিকভাৱে প্ৰহাৰ কৰে দুৰ্বৃত্তৰ দলটোৱে। তাৰ পিছত এখন গাড়ীত যুৱতীক বলপূৰ্বকভাৱে উঠাই পলায়ন। কেমেৰাৰ সন্মুখতে সংঘটিত হয় সমগ্ৰ ঘটনা। নিশা বশিষ্ঠ চাৰিআলি উৰণ সেঁতুৰ তলত ঘটে এই ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...

সন্তানক বিদ্যালয়লৈ গো-মাংস দি পঠিওৱা মাতৃক গ্ৰেপ্তাৰ

সন্তানক বিদ্যালয়লৈ গো-মাংস দি পঠিওৱা মাতৃক গ্ৰেপ্তাৰ। নৱম শ্ৰেণীৰ...