স্মাৰ্ট চিটী গুৱাহাটীত কিমান সুৰক্ষিত জনতা?

উত্তৰ-পূবৰ দুৱাৰদলি গুৱাহাটী যেন পৰ্যৱসিত হৈছে অপৰাধীৰ ঘাটিলৈ। দৈনিক ইটোৰ পিছত সিটোকৈ ঘটনাই কঁপাই গৈছে মহানগৰী। হত্যা, ধৰ্ষণ, প্ৰৱঞ্চনা আদিৰ ঘটনাই দখল কৰিছে সংবাদ শিৰোনাম। কিন্তু তাৰ পিছতো অপৰাধ ৰোধ কৰাত ব্যৰ্থ হৈছে মহানগৰ আৰক্ষী। স্মাৰ্ট আৰক্ষীৰে গিজগিজাই থকা মহানগৰীত এইবাৰ সংঘটিত হ’ল চাঞ্চল্যকৰ ঘটনা। ৰাজপথৰ পৰা টানি চোঁচৰাই যুৱতীক অপহৰণ কৰিলে দুৰ্বৃত্তই।

মহানগৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। ৰাজপথৰ পৰা টানি চোঁচৰাই যুৱতীক অপহৰণ কৰিলে দুৰ্বৃত্তই। যুৱক আৰু মহিলাৰ দল এটাই সংঘটিত কৰে এই ঘটনা। প্ৰথমে যুৱতীগৰাকীক শাৰীৰিকভাৱে প্ৰহাৰ কৰে দুৰ্বৃত্তৰ দলটোৱে। তাৰ পিছত এখন গাড়ীত যুৱতীক বলপূৰ্বকভাৱে উঠাই পলায়ন। কেমেৰাৰ সন্মুখতে সংঘটিত হয় সমগ্ৰ ঘটনা। নিশা বশিষ্ঠ চাৰিআলি উৰণ সেঁতুৰ তলত ঘটে এই ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছৌদি আৰৱৰ পৰা স্বদেশলৈ উভতিল প্ৰায় ৩,০০০ আবদ্ধ ভাৰতীয় উমৰাহ যাত্ৰী

ছৌদি আৰৱত আবদ্ধ হৈ থকা প্ৰায় ৩,০০০ ভাৰতীয় উমৰাহ...

ফ্ৰেন্স অ’পেনত বিশ্বৰ ২ নম্বৰ আকানে য়ামাগুচিক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত অসম কন্যা অস্মিতা

ফ্ৰেন্স অ’পেন ২০২৬ বেডমিণ্টন প্ৰতিযোগিতাত কেৰিয়াৰৰ অন্যতম বৃহৎ সাফল্য...

যুৱতীৰ সৈতে অসৎ আচৰণৰ অভিযোগক লৈ সংঘাত, চুবুৰীয়াৰ প্ৰহাৰত DRDO কৰ্মচাৰীৰ মৃত্যু

হায়দৰাবাদত এগৰাকী ২৩ বছৰীয়া যুৱতীৰ সৈতে অসৎ আচৰণ কৰাৰ...