পখিলাৰ প্ৰেমত এজন আৰক্ষীৰ জোৱান ‌‌

আপোনাৰ বাৰু প্ৰকৃতিৰ প্ৰতি কিমান প্ৰেম আছে? কোৱা হয়, প্ৰকৃতিয়ে তেতিয়াহে মানুহক ভাল পাব, যেতিয়া এজন মানুহে প্ৰকৃতিক ভাল পাবলৈ শিকিব। আজি এজন প্ৰকৃতিপ্ৰেমীৰ কাহিনীৰে এই প্ৰতিবেদন। পখিলাৰ প্ৰেমত এজন আৰক্ষীৰ জোৱান। পেছাত অৰুণাচল আৰক্ষীত কৰ্মৰত এজন জোৱান, তেওঁৰ নাম ৰৌশন উপাধ্যায়। আৰক্ষী জোৱানজনৰ খাকীৰ আঁৰত আছে অনন্য প্ৰকৃতিপ্ৰেমৰ জোৱাৰ।


খাকী পোছাকৰ আঁৰৰ অনাবিল প্ৰকৃতি প্ৰেমৰ বাবেই, তেওঁ জনাজাত বাটাৰফ্লাই মেন। তেওঁ য’লৈকে যায়, তালৈকে খেদি ফুৰে বিবিধ প্ৰজাতিৰ পখিলাই। যেন পখিলাৰ সৈতে ৰৌশন উপাধ্যায়ৰ আজন্ম প্ৰেম। অলপতে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ চৰাইপুং ৰেঞ্জত ৰৌশন উপাধ্যায়ে বিচাৰি উলিয়াইছে ১৫৩ বিধ প্ৰজাতিৰ পখিলা। এইবিলাকৰ মাজত আছে ইণ্ডিয়ান অ’ল্ড কিং, গ’ল্ডেন বাৰ্ড উইং, অৰেঞ্জ এলবাট্ৰ’জ, কহিনুৰৰ দৰে বিৰল প্ৰজাতিৰ পখিলাও।
‌‌
পখিলা সংৰক্ষণৰ বাবে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত যথেষ্ট সমল আছে। এই সমলসমূহ যদি ভৱিষ্যতলৈও সুৰক্ষিত থাকে তেনেহ’লে বিবিধ আৰু বিৰল প্ৰজাতিৰ পখিলাৰ বসতিস্থললৈ পৰিণত হ’ব দিহিং পাটকাই। যি ধৰণে কাজিৰঙাত বন্যপ্ৰাণী তথা পৰিৱেশ পৰ্য্যটনৰ বাবে পৰ্য্যটক সকলে আকৰ্ষিত হৈ ইয়াত সোঁত বয় তেনে অৱস্থাত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানটো ইয়াৰ সম্ভাৱনা যথেষ্ট আছে। কিন্তু প্ৰয়োজন আছে কেৱল মাত্ৰ প্ৰচাৰ-প্ৰসাৰ আৰু সজাগতাৰ।

কৰ্তব্যৰ মাজতে এজন আৰক্ষী জোৱানৰ প্ৰকৃতি প্ৰেমে সমাজখনলৈ এক বাৰ্তা দিছে। যি বাৰ্তাৰে এখন সেউজ ধৰনীৰ সম্ভাৱনাই তলবল কৰিব প্ৰতিজন প্ৰকৃতি প্ৰেমীৰ দুচকুত। ৰৌশন উপাধ্যায়ে পখিলাকলৈ অব্যাহত ৰখা এনে যাত্ৰাই ন ন গৱেষণাৰ পথ প্ৰশস্ত কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰানক কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যত আমেৰিকাৰ সামৰিক তৎপৰতা বৃদ্ধি

ইৰানক কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যত আমেৰিকাই সামৰিক উপস্থিতি বৃদ্ধি কৰিছে।...

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান

ছমৰীয়াত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান। নতুন কাঠমি, বগুৰিগুৰীত...

বৰপেটা জিলা কাৰাগাৰত কয়দী আৰু জে’ল কৰ্তৃপক্ষৰ মাজত ভয়ংকৰ সংঘাত

কাৰাগাৰৰ ভিতৰতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ উপক্ৰম! বৰপেটা জিলা...

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামত উৎকোচ লোৱাৰ অভিযোগত বৰ্খাস্ত GMCHৰ সহকাৰী অধ্যাপক

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (GMCH) ফৰেনচিক মেডিচিন বিভাগৰ...