এইকেইদিন ছ’চিয়েল মিডিয়াত চাগৈ আপোনালোকে দেখিছে এটা ভিডিঅ’

এইকেইদিন ছ’চিয়েল মিডিয়াত চাগে আপোনালোকে দেখিছে এটা ভিডিঅ’। হাজাৰ-হাজাৰ দৰ্শকেৰে ভৰি থকা মঞ্চত বিশেষ ভংগীমাৰে নাচি নাচি আগুৱাই গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই ভিডিঅ’ই অৱশেষত দৃষ্টি আকৰ্ষণ কৰিলে প্ৰধানমন্ত্ৰী মোদীৰ। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়েও।

ট্ৰেণ্ডিঙত মোদীজীৰ এণ্ট্ৰি
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও জানো কম

এইকেইদিনত ট্ৰেণ্ডিঙত থকা কেইজনমান নেতা। জনপ্ৰিয় নেতাসকলে হাজাৰ-হাজাৰ জনতাক সম্বোধন কৰি ভাষণ দিছে, ৰেলী কৰিছে। তাকেই অলপ কৃত্ৰিম বুদ্ধিমত্তাৰ পৰশ দি ন-ৰূপত সজাইছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে। মোদীৰ নৃত্য দেখা পাই মতলীয়া হৈছে জনতা।

এয়া আচলতে কৃত্ৰিম বুদ্ধিমত্তাৰে দিয়া চমক। আমেৰিকাৰ জনপ্ৰিয় ৰেপ্পাৰ লিল য়াটিয়ে কফিন নামৰ গীতটো গাই প্ৰৱেশ কৰা সংগীতানুষ্ঠানৰ ভিডিঅ’ এয়া। এই অনুষ্ঠানৰ পাছতেই ইন্টাৰনেটত খলকনি তুলিছিল এই ভিডিঅ’টোৱে। ইন্টাৰনেট ব্যৱহাৰকাৰীয়ে এই ভংগিমাক নাম দিছিল কুলেষ্ট ষ্টেজ এন্ট্ৰি এভাৰ।

এতিয়া সেই ভিডিঅ’টোকে AIৰ জৰিয়তে এডিট কৰিছে একাংশই। লগাই দিছে নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মাৰ মুখাৱয়ব। ৰাইজেও চাই ভাল পাইছে। ইয়াকে লৈ প্ৰতিক্ৰিয়া কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ। খুদ নৰেন্দ্ৰ মোদীয়ে শ্বেয়াৰ কৰিলে এই নৃত্যৰ ভিডিঅ’। এই সৃষ্টিশীলতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ। তাৰ পাছতেই মোদীৰ এই টুইট শ্বেয়াৰ কৰি স্মৃতি ইৰাণীয়ে লিখিলে- COOL CAT…

মোদীৰ প্ৰতিক্ৰিয়াক সহজভাবে ল’ব পৰা, নম্ৰ আখ্যা স্মৃতি ইৰাণীৰ। অৱশ্যে যিসকলে এই ভিডিঅ’ৰ উত্স জানে, যিসকলে ৰেপ সংগীত পছন্দ কৰে তেওঁলোকেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিশ্বৰ ভিতৰতে চৰ্চিত ষ্টেজ এন্ট্ৰিক বিকৃত কৰাৰ অভিযোগ। কিন্তু ভাৰতত এতিয়া এই নৃত্যৰ প্ৰতি ব্যাপক সঁহাৰি। ভাল পাইছে সকলোৱে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...