গহপুৰৰ জালুকবাৰী বগা ঘোঁৰা উদ্ধাৰৰ ঘটনা

কিছুদিন পূৰ্বে গহপুৰত যে দুটা ঘোঁৰাক একাংশ লোকে পূজা অৰ্চনা কৰিছিল সেই দৃশ্য দেখিছিলনে? জালুকবাৰী গাঁৱৰ এঘৰৰ পিছপিনে দুটা ঘোঁৰা উদ্ধাৰ হৈছিল। সেই ঘোঁৰা দুটা ভগৱানৰ ৰূপত অহা বুলি বিশ্বাস কৰি গামোচা-চেলেং মেৰিয়াই পূজা কৰিছিল একাংশই। অৱশেষত সেই ঘোঁৰা দুটাৰ গৰাকী ওলাল। ধূপ-ধূনা জ্বলাই পূজা কৰা ঘোঁৰা দুটাৰ গৰাকী মমিন আলী।

গহপুৰৰ জালুকবাৰী বগা ঘোঁৰা উদ্ধাৰৰ ঘটনা
ঘোঁৰা দুটা ভগৱানৰ ৰূপত অহা বুলি বিশ্বাস কৰি কৰিছিল পূজা
সামাজিক মাধ্যমত বিয়পি পৰিছিল এই খবৰ
অৱশেষত ওলাল প্ৰকৃত সত্য
ঘোঁৰা বিচাৰি গৰাকী আহি ওলাল গাঁওখনলৈ
ঘোঁৰাৰ গৰাকী মমিন আলী

ঘটনাটো আপোনালোকেও হয়তো শুনিছিল। যদি নাই শুনা সৰুকৈ আকৌ এবাৰ কৈছোঁ। গহপুৰৰ জালুকবাৰীৰ সাতগৰাকী মহিলাৰ শৰীৰত এমাহ পূৰ্বে হেনো লম্ভিছিল আই। তেতিয়াই তেওঁলোকে গাঁৱৰ ৰাইজক কৈছিল গাঁওখনত শীঘ্ৰে দুই ডাঙৰীয়াৰ আৰ্বিভাৱ ঘটিব। ১ তাৰিখে পুৱাই গাঁওখনৰ এঘৰৰ পিছফালে ৰাইজেক দেখিলে দুটা বগা ঘোঁৰাই খেৰ খাই আছে।

ৰাইজৰ হাহাকাৰ
ভগৱান আহি জালুকবাৰী পালে

তাৰ পাছতেই ধূপ-ধূনা জ্বলাই, ঘোঁৰাক গামোচা-চেলেং পিন্ধাই পূজা কৰি ৰাইজ ক’ব নোৱাৰা হ’ল। বহুতেই সেৱা ল’লে। বহুতেই সন্দেহ কৰিলে। আজিৰ আধুনিক সমাজত এয়া বাৰু সম্ভৱনে? অস্বাভাৱিক আচৰণ কৰি মাটিত বাগৰিল একাংশ। একাংশৰ যি কান্দোন। দুই এগৰাকীৰ পিঠি পেলাই সেৱা। ঘোঁৰাৰ খুৰাত ধৰি কান্দি কান্দি হিয়ালি জিয়ালি এওঁ। অ’ প্ৰভূ মই আপোনাক কেতিয়াও বিদায় নিদিও প্ৰভূ’। মোক ক্ষমা কৰি দিয়ক – পাৰিলে এই বিছনাতেই শোৱাই, ডাইনিং টেবুলতেই বহুৱায়। চকুপানী নৰয়েই। ডাঙৰীয়াই আহিছে আঁতৰি দিয়ক।

মানে বুজাব নোৱাৰ এটা ঘটনা। বহুতেই কলে এয়া কেনেকুৱা ঘটনা ঘটিছে আধুনিক সমাজে। অন্ধবিশ্বাস বুলি কৈ সমালোচনা কৰিলে বহুতে এই ধৰণৰ কাৰুকাৰ্যই পিছুৱাই নিয়ে আমাৰ সমাজ। আধুনিকতাক ভ্ৰুকূতি কৰা ঘটনা এয়া। কিন্তু এওঁলোকে মানি নলয় সেইবোৰ। এওঁলোকৰ মতে ডাঙৰীয়া আহিছে। এই ঘটনাৰ দৃশ্য বিয়পি পৰিল ছচিয়েল মিডিয়াত। ছচিয়েল মিডিয়াতো তীব্ৰ আলোড়ন। হাইৰাণ সকলো। এয়া কি। এসপ্তাহৰ পাছত কাহিনীত টুইষ্ট।

ডাঙৰীয়া বুলি পূজা কৰা ঘোঁৰাৰ গৰাকী ওলাল…
গৰাকীৰ নাম মমিন আলী

কেইদিনমান পূৰ্বে মমিন আলীৰ দুয়োটা ঘোঁৰা হেৰাইছিল। বিচাৰ-খোচাৰ কৰিও পোৱা নাছিল। বাতিৰতহে দেখিছিল এই দৃশ্য। তাৰ পাছতেই গাঁওবুঢ়াক লগত লৈ এওঁ হাজিৰ হৈছিলগৈ জালুকাবাৰীৰ পূজাস্থলীত। গৰাকীক দেখি দৌৰি গৈছিল ঘোঁৰাদুটা। পুনৰ কান্দোনত ভাগি পৰিছিল মহিলাসকল।

ডাঙৰীয়া এয়া কাৰ পিনে দৌৰ লৈছে আপুনি
মমিনে কৈছিল, ঘোঁৰা দুটা মোৰেই
বাইদেৱে বাগৰি কান্দিছিল মাটিত
ডাঙৰীয়াই ডাঙৰ দুখ দিলে

এতিয়া দুয়োটা ঘোঁৰা মমিনৰ ঘৰত। মেৰিগোল্ড বিস্কুট খোৱাবলৈ বিচাৰিছিল তাত। এতিয়া মুক্তমনে বিচৰণ কৰি ঘাঁহ খাইছে ঘোঁৰাদুটাই। সঁচাই বিচিত্ৰ এই অসম। বিচিত্ৰ অসমৰ মানুহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...