জীৱনৰ আটাইতকৈ বিশ্বাসী মানুহজনেই যেতিয়া বিশ্বাসঘাতকতা কৰে…

শিৱসাগৰৰ এগৰাকী মেধাৱী ছাত্ৰী পংখী সন্দিকৈ। যোৱা অক্টোবৰ মাহত প্ৰেমিকৰ সৈতে সামাজিকভাবে বিবাহপাশত আবদ্ধ হৈছিল পংখী। বিয়াৰ ছমাহ হোৱাৰ দিনাই ঘটি গল এটা শোকাৱহ ঘটনা। ৰহস্যজনক অৱস্থাত উদ্ধাৰ হ’ল পংখীৰ মৃতদেহ। এই ঘটনাই জোকাৰি গৈছে ৰাজ্য। চিপ লোৱা অৱস্থাত পংখীৰ মৃতদেহ উদ্ধাৰ হৈছিল। কিন্তু পৰিয়ালৰ দাবী পংখীয়ে এনে কাম কৰিব নোৱাৰে। আন যুৱতীৰে স্বামীৰ সম্পৰ্ক থকাৰ বাবে প্ৰায়ে পংখী আৰু স্বামীৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। তাকে লৈ স্বামী নীতিকেশে পংখীক হত্যা কৰাৰ অভিযোগ কাৰণ পংখীৰ শৰীৰত আছিল আঘাতৰ চিন, মুখেৰে ওলাই আছিল তেজ। ভাঙি আছিল পংখীৰ দাঁত।

জীৱনৰ আটাইতকৈ বিশ্বাসী মানুহজনেই যেতিয়া বিশ্বাসঘাতকতা কৰে
তেতিয়াই কৰুণ পৰিণতি হয় এগৰাকী পংখী সন্দিকৈৰ
মানুহবোৰ ইমান নিষ্ঠুৰ কেনেকৈ?
এনেকৈও সলনি হয় মানুহ!

ৰাজনৈতিক বা-বাতৰিৰ মাজতে গুৰুত্বহীন হৈ পৰা এটা খবৰ। এগৰাকী দুৰ্ভগীয়া বোৱাৰীৰ মৃত্যুৰ খবৰ। বিশ্বাস, প্ৰতাৰণা, মৃত্যুৰ আন এটা দুখলগা কাহিনী। বিয়াৰ পূৰ্বে তাই মেধা-প্ৰতিভাৰ জৰিয়তে সকলোৰে মৰমৰ হৈ পৰিছিল। জয়সাগৰ মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লোৱাৰ লগতে ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত কবিতা আবৃত্তিত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল পংখীয়ে। শিৱসাগৰৰ নিতাইপুখুৰী দুৱৰীছিগা গাঁৱৰ প্ৰতিভাৱান ঘোষিকা আৰু মডেল আছিল আছিল পংখী।

যোৱা অক্টোবৰত প্ৰেমিক শিক্ষক নীতিকেশ দাসৰ সৈতে পংখী বিবাহপাশত আবদ্ধ হৈছিল।
দৰিদ্ৰ ঘৰৰ পংখীয়ে বিয়াৰ পাছতে দেখিছিল সপোন। হাঁহি-আনন্দৰে ভৰি পৰা এখন ঘৰত ভৱিষ্যকৰ দিনবোৰ সুখেৰে কটোৱাৰ সপোন। কিন্তু যোৱা ৩ মেত সংঘটিত হ’ল এটা চাঞ্চল্যকৰ ঘটনা।

ৰহস্যজনক অৱস্থাত উদ্ধাৰ হ’ল পংখীৰ মৃতদেহ
নামৰূপ থাৰমেলৰ ভাড়াঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ পংখী সন্দিকৈৰ মৃতদেহ

ইয়াৰ পাছতে তীব্ৰ চাঞ্চল্য শিৱসাগৰত। এগৰাকী মেধাৱী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ খবৰে উদ্বিগ্ন কৰিলে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰী। দেখিবলৈ পোৱা গ’ল ব্যাপক প্ৰতিক্ৰিয়া।

ভাড়াঘৰত থাকিবলৈ লোৱাৰ পৰা প্ৰায়ে কাজিয়া হৈছিল নীতিকেশ আৰু পংখীৰ
নীতিকেশৰ আন যুৱতীৰে আছিল হেনো প্ৰেমৰ সম্পৰ্ক
সেই বিষয়ে মাতৃক জনাইছিল পংখীয়ে

সন্দেহ কৰি কাজিয়া কৰিব নালাগে বুলি পৰামৰ্শ দিছিল মাতৃয়ে। কিন্তু এটা সময়ত নীতিকেশৰ মোবাইলত আপত্তিজনক মেছেজ দেখা পাইছিল পংখীয়ে। তেতিয়া দুয়োৰে মাজত পুনৰ হৈছিল কাজিয়া।

সেই মেছেজ স্ক্ৰীণশ্বট মাৰি থৈছিল পংখীয়ে
কান্দোনত ভাগি পৰিছে পংখীৰ দুৰ্ভগীয়া মাতৃ

পংখীৰ মাকৰ অভিযোগ তাই নিজকে কেতিয়াও শেষ কৰিব নোৱাৰে। পংখীৰ মুখমণ্ডলত আছিল আঘাতৰ চিন। মুখেৰে ওলাই আছিল তেজ। ভাঙি আছিল দাঁত।

নীতিকেশে পংখীক হত্যা কৰাৰ অভিযোগ
শোকাৱহ ঘটনা এয়া। প্ৰেম-বিশ্বাসৰ কিমান ভয়ানক পৰিণতি। পংখীৰ পিতৃ-মাতৃৰ দাবী। ঘটনাৰ তদন্ত কৰি শাস্তি দিব লাগে নীতিকেশক। আৰু কোনো পংখী যাতে এনে নৃশংস ঘটনাৰ বলি নহয়। এই ঘটনাই জোকাৰিছে ৰাজ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...