পদব্ৰজে ভোট দিবলৈ আহিল প্ৰধানমন্ত্ৰী

ভোট কেন্দ্ৰৰ বাহিৰত সমৰ্থকৰ পাৰভঙা উছাহ

ভোট কেন্দ্ৰলৈ প্ৰধানমন্ত্ৰীক আদৰি আনিলে গৃহমন্ত্ৰী অমিত শ্বাহে

গুজৰাটৰ আহমেদাবাদত ভোট দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

দেশত মঙলবাৰে অনুষ্ঠিত হোৱা তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা গৃহৰাজ্য গুজৰাটত নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভোটদানৰ পূৰ্বে কনভয়ৰ পৰা নামি ২০০ মিটাৰ পদযাত্ৰা কৰি ভোটকেন্দ্ৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী। পদযাত্ৰাৰ সময়ত একাংশ কণ কণ অনুৰাগীক মোদীয়ে দিলে অট’গ্ৰাফো। একাংশ শিশুৱে আঁকি অনা নিজৰ প্ৰতিচ্ছবিত অট’গ্ৰাফ দি প্ৰধানমন্ত্ৰীয়ে দিলে উৎ‍সাহ। কোনোবাই আকৌ প্ৰধানমন্ত্ৰীক কাষত পায় হাততে ল’লে হস্তাক্ষৰ। আহমেদাবাদৰ গান্ধীনগৰ সমষ্টিৰ ভোটাৰ প্ৰধানমন্ত্ৰী মোদী। গান্ধীনগৰ সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ভোটদান কৰি উঠি দেশবাসীক গণতন্ত্ৰৰ এই বৃহৎ‍ উছৱত অংশগ্ৰহণৰ আহ্বান মোদীৰ।

ভাৰতবৰ্ষক নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰা বিশ্বই শিকিবলগীয়া আছে বুলি কৈ নিৰ্বাচন আয়োগকো প্ৰধানমন্ত্ৰীয়ে জনালে ধন্যবাদ। নিৰ্বাচনী প্ৰক্ৰিয়াত প্ৰতি নিয়ত অতন্দ্ৰ পহৰীৰূপে জড়িত হৈ থকা সংবাদ মাধ্যমৰ লোকসকলক নিৰ্বাচনী বতৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে দিলে স্বাস্থ্য নিদান।

ভোট দি ওলাই আহি অনুৰাগীৰ সৈতে মত বিনিময় মোদীৰ। অনুৰাগীৰ মাজৰে এজনৰ এটি শিশুক কোলাত লৈ ওমলালে প্ৰধানমন্ত্ৰীয়ে। এগৰাকী বিশেষভাৱে সক্ষম কন্যাকো মোদীয়ে কৰিলে মৰম। মূৰত হাত বুলাই প্ৰধানমন্ত্ৰীয়ে আশীৰ্বাদ দিলে দিব্যাংগ কন্যাক। কিন্তু তেনেতে লাগিল অথন্তৰ। প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব নিয়োজিত NSGৰ কমাণ্ডোৱে অনুৰাগীক বাধা দিয়াত খং উঠিল মোদীৰ। লগে লগে প্ৰধানমন্ত্ৰীয়ে ধমক দিয়াত অৱশ্যে আঁতৰি দিয়ে নিৰাপত্তৰক্ষীজন। ইফালে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ‍ তথা অট’গ্ৰাফ লাভ কৰি উৎ‍ফুল্লিত হৈ পৰিল শিশুসকল। সাংবাদিকৰ সন্মুখত শিশুকেইটাই প্ৰকাশ কৰিলে মনৰ উল্লাস। ভোটগ্ৰহণৰ দিনাই এনেদৰেই দেখা গ’ল প্ৰধানমন্ত্ৰীৰ চমক। গান্ধীনগৰ সমষ্টিত ভোটদান কৰি অনুৰাগীৰ সৈতে সময় কটাই মহাৰাষ্ট্ৰত নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাওনা হয় প্ৰধানমন্ত্ৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BWF World Championships 2026-ত ইতিহাস ৰচনা ত্ৰেছা-গায়ত্ৰীৰ

নতুন দিল্লীৰ ইন্দিৰা গান্ধী এৰিনাত ইতিহাস ৰচিলে ভাৰতীয় বেডমিণ্টনৰ...

ডায়মণ্ড লীগত ৰূপৰ পদক নীৰজ চোপ্ৰাৰ, ৯ ছেন্টিমিটাৰৰ বাবে হেৰুৱালে স্বৰ্ণ

ল’জান ডায়মণ্ড লীগত ৮৮.০৫ মিটাৰ দূৰলৈ জেভলিন নিক্ষেপ কৰি...

হৰমুজত আকৌ যুদ্ধৰ আশংকা? আমেৰিকাৰ কঠোৰ পদক্ষেপৰ পাছত ইৰাণৰ হুংকাৰ

আমেৰিকা আৰু ইৰাণৰ মাজৰ উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাইছে। দুয়োখন...

বৌদ্ধ মঠত ধ্যান কৰি থাকোঁতেই ম্যানমাৰ সেনাৰ এয়াৰষ্ট্ৰাইক, মৃত্যু ১৪জনৰ

ম্যনমাৰত পুনৰ ভয়ংকৰ এয়াৰষ্ট্ৰাইক। শুকুৰবাৰে ম্যানমাৰৰ কেন্দ্ৰীয় চাগাইং অঞ্চলৰ...