বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং ফলা কাঠ

দক্ষিণ কামৰূপৰ সোণতলীত চোৰাংকাঠৰ বিৰুদ্ধে নিশা বন বিভাগৰ অভিযান৷ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং ফলা কাঠ, লগতে আটক হৈছে এজন চোৰাং কাঠ বেপাৰী৷ পশ্চিম কামৰূপ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ বৃহত্তৰ সোণতলী অঞ্চলত চোৰাং কাঠ ব্যৱসায়ীয়ে মুকলিকৈ চোৰাং কাঠৰ ব্যৱসায় চলাই থকাৰ মাজতেই বুধবাৰে নিশা সোণতলীৰ মাহতলীত DFO ডিম্পী বৰাৰ নেতৃত্বত বকো বনাঞ্চলিক, কুকুৰমাৰা বনাঞ্চলিক, নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক আৰু সোণতলী আৰক্ষীৰ সহযোগত অভিযান চলায়৷ অভিযানত প্ৰায় লক্ষাধিক টকাৰ চেগুন, গমাৰী, শিমুলু কাঠ জব্দ কৰাৰ লগতে এজন চোৰাং কাঠ বেপাৰীক আটক কৰিবলৈ সক্ষম হয়৷ চোৰাং কাঠ বেপাৰীজন সোণতলীৰ মাহতলী গাঁৱৰ নুৰ মহম্মদ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...

ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ

সদৌ অসম ডায়েট বিষয়া সন্থাই যোৱা ২০ ডিচেম্বৰ তাৰিখে...