ভয়ংকৰ পথ দুৰ্ঘটনাত আহত ১৬জন শ্ৰমিক

পথ দুৰ্ঘটনাত ১৬ জন শ্ৰমিক আহত। কাছাৰ জিলাৰ ময়নাগৰৰ পৰা শ্রমিক কঢ়িয়াই অনা এখন টাটা মেজিক গাড়ী দুৰ্ঘটনাগ্ৰস্ত। নিয়ন্ত্ৰণ হেৰুৱাই শিলচৰ-হাফলং ৰাষ্ট্ৰীয় ঘাইপথৰ হাতিছৰাত পথৰ ওপৰতে লুটি খাই বাগৰি পৰে৷ ফলত দুৰ্ঘটনাত ১৬ জনতকৈ অধিক শ্ৰমিক আহত হয় ৷ আহতসকলক উদ্ধাৰ কৰি স্থানীয় বৰখলা স্বাস্হ্যকেন্দ্ৰলৈ নিয়া হয় যদিও গুৰুতৰভাবে আহত ১০জনক উন্নত চিকিৎসাৰ বাবে SMCHলৈ প্ৰেৰণ কৰা হয়৷ আহত শ্ৰমিক সকল আলোমণি ফুলমালি, লক্ষী কর্মকাৰ, লক্ষী ঘাটোৱাৰ, সংঘিতা ঘাটোৱাৰ, সাবিত্ৰী ঘাটোৱাৰ, চপলা ভূমিজ, প্রণতি ভূমিজ, ৰাধামণি মূড়া, কামিনী ভূমিজ, অঞ্জলি চাওতাল, হেমলতা ঘাটোৱাৰ, নমিতা ঘাটোৱাৰ, বিকি ঘাটোৱাৰ, ৰতন ঘাটোৱাৰ, সল্জাৰ খাৰিয়া, সুনিতা কর্মকাৰ, ববি ওৰাং, গৌৰী ঘাটোয়াৰ আৰু পূজা তেলি ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ...

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...