বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং ফলা কাঠ

দক্ষিণ কামৰূপৰ সোণতলীত চোৰাংকাঠৰ বিৰুদ্ধে নিশা বন বিভাগৰ অভিযান৷ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং ফলা কাঠ, লগতে আটক হৈছে এজন চোৰাং কাঠ বেপাৰী৷ পশ্চিম কামৰূপ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ বৃহত্তৰ সোণতলী অঞ্চলত চোৰাং কাঠ ব্যৱসায়ীয়ে মুকলিকৈ চোৰাং কাঠৰ ব্যৱসায় চলাই থকাৰ মাজতেই বুধবাৰে নিশা সোণতলীৰ মাহতলীত DFO ডিম্পী বৰাৰ নেতৃত্বত বকো বনাঞ্চলিক, কুকুৰমাৰা বনাঞ্চলিক, নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক আৰু সোণতলী আৰক্ষীৰ সহযোগত অভিযান চলায়৷ অভিযানত প্ৰায় লক্ষাধিক টকাৰ চেগুন, গমাৰী, শিমুলু কাঠ জব্দ কৰাৰ লগতে এজন চোৰাং কাঠ বেপাৰীক আটক কৰিবলৈ সক্ষম হয়৷ চোৰাং কাঠ বেপাৰীজন সোণতলীৰ মাহতলী গাঁৱৰ নুৰ মহম্মদ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জাপানত আৰম্ভ এছিয়ান পেৰা গেমছ ২০২৬; ১৬৮গৰাকী খেলুৱৈৰে পদকৰ যুঁজত নামিব ভাৰত

জাপানৰ আইচি-নাগোয়াত আজি আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব এছিয়ান পেৰা গেমছ...

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ...

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...