কিয় দাম বৃদ্ধি হৈছে চেনীৰ ? ইথানল ব্লেণ্ডিংয়েই মূল কাৰণ নেকি?

ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক চেনী ব্যৱহাৰ কৰা আৰু চেনী উৎপাদন কৰা প্ৰধান দেশসমূহৰ ভিতৰত অন্যতম। কিন্তু এতিয়া দেশৰ বজাৰত হঠাৎ চেনীৰ দাম বৃদ্ধিয়ে গ্ৰাহকৰ চিন্তা বৃদ্ধি কৰিছে।

জুলাইত দেশত চেনীৰ গড় খুচুৰা দাম আছিল ₹৪৮.১৮ প্ৰতি কিলোগ্ৰাম। তাৰ পাছত দাম বৃদ্ধি পাই ₹৫৫.৭০/কিলোগ্ৰাম হৈছে—অৰ্থাৎ মাত্ৰ এবাৰ মাহতে প্ৰতি কিলোগ্ৰামত ₹৭.৫২ বা প্ৰায় ১৫.৬% বৃদ্ধি। একে সময়তে কিছুমান ৰাজ্যত খুচুৰা দাম আৰু অধিক বৃদ্ধি পাইছে।

অসমত কিমান দাম?

অসমতো ৰাষ্ট্ৰীয় মূল্যবৃদ্ধিৰ প্ৰভাৱ দেখা গৈছে। শেহতীয়া বজাৰ তথ্য অনুসৰি ৰাজ্যত চেনীৰ গড় পাইকাৰী মূল্য প্ৰায় ₹৫,১০০/কুইণ্টল, অৰ্থাৎ প্ৰায় ₹৫১/কিলোগ্ৰাম। আনহাতে, APMC বজাৰত গড় দাম ₹৬,০০০/কুইণ্টললৈ উঠিছে।

কিয় হঠাৎ দাম বাঢ়িল?

চৰকাৰী ব্যাখ্যা অনুসৰি, মূল্যবৃদ্ধিৰ আঁৰত এটা কাৰণ নহয়। কমকৈ হোৱা চেনী উৎপাদন, কুঁহিয়াৰ খেতিত বতৰজনিত ক্ষতি, উৎসৱৰ পূৰ্বে বৃদ্ধি পোৱা চাহিদা, বিশ্ব বজাৰত যোগানৰ চাপ আৰু কিছু অংশত মজুতকৰণ/জল্পনা-কল্পনা—এই সকলোবোৰে দাম বৃদ্ধিত ভূমিকা লৈছে। চলিত ছিজনত দেশৰ চেনী উৎপাদন প্ৰায় ৩০৬ LMT হোৱাৰ সম্ভাৱনা আছে, যি কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্যসমূহৰ প্ৰাথমিক ৩৪৩ LMT অনুমানতকৈ প্ৰায় ১১% কম।

আনহাতে, বিশ্ব বজাৰতো চেনিৰ যোগান সংকুচিত হৈছে। চৰকাৰৰ মতে, ২০২৬–২৭ত বিশ্বব্যাপী চেনিৰ ঘাটি প্ৰায় ৩৩ LMT হ’ব পাৰে।

ইথানল ব্লেণ্ডিংয়েই মূল কাৰণ নেকি?

২০% ইথানল-ব্লেণ্ডিং লক্ষ্যৰ বাবে কুঁহিয়াৰ আৰু চেনীৰ যোগান কমি যোৱাৰ অভিযোগ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে চৰ্চা হৈছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে এই দাবী নাকচ কৰিছে।

চৰকাৰী তথ্য অনুসৰি, ইথানল উৎপাদনৰ বাবে ডাইভাৰ্ট কৰা চেনীৰ অংশ ২০২২–২৩ত প্ৰায় ১২%ৰ পৰা ২০২৫–২৬ত প্ৰায় ৯%লৈ হ্ৰাস পাইছে। লগতে দেশত উৎপাদিত ইথানলৰ প্ৰায় তিনিচতুৰ্থাংশ এতিয়া শস্য, বিশেষকৈ মাকৈৰ পৰা আহে। সেয়ে চৰকাৰৰ মতে, বৰ্তমানৰ চেনীৰ দাম বৃদ্ধিৰ মূল কাৰণ কেৱল ইথানল নহয়।

চৰকাৰৰ পদক্ষেপ কি?

দাম নিয়ন্ত্ৰণ আৰু বজাৰত যোগান বৃদ্ধি কৰিবলৈ কেন্দ্ৰই ১০ লাখ টন কেঁচা চেনিৰ শুল্কমুক্ত আমদানিৰ অনুমতি দিছে। লগতে bulk consumers-ৰ চেনী মজুতৰ ওপৰত সীমা আৰোপ কৰি মজুতকৰণ আৰু speculative buying নিয়ন্ত্ৰণৰ চেষ্টা কৰা হৈছে।

অৰ্থাৎ, চেনীৰ দাম বৃদ্ধিৰ আঁৰত ইথানল একমাত্ৰ কাৰণ বুলি কোৱাৰ সুযোগ নাই। বৰ্তমানৰ পৰিস্থিতিত উৎপাদন, বতৰ, উৎসৱৰ চাহিদা, বিশ্ব বজাৰৰ চাপ আৰু মজুতকৰণ—এই সকলোবোৰ কাৰক একেলগে বিবেচনা কৰিব লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

লাডাখত ২২,০০০ ফুট উচ্চতাত DRDOৰ স্বদেশী কম্বেট পেৰাচ্যুট ছিষ্টেমৰ সফল পৰীক্ষণ

ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ অধীনস্থ Aerial...

ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ-প্ৰজন্মক উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্রীলৈ আহ্বান হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ

সম্প্রতি ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ প্ৰজন্মক উদ্ধাৰ কৰিবলৈ...