ইউ এছ টি এমৰ Author-in-Residence হিচাপে ময়ূৰ বৰাৰ যোগদান

অসমৰ বিশিষ্ট লেখক, চিন্তাবিদ তথা নাবাৰ্ডৰ প্ৰাক্তন উপ-মহাপ্ৰবন্ধক ময়ূৰ বৰাই University of Science and Technology Meghalaya (USTM)-ত ‘Author-in-Residence’ আৰু Centre for Competitive Examinations (CCE)-ৰ সঞ্চালক হিচাপে যোগদান কৰিছে।

AI ৰ সঁজুলিৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ ফলত যুৱ-প্ৰজন্মৰ মৌলিক চিন্তা-চৰ্চা দুৰ্বল হৈ পৰাৰ আশংকাৰ সময়তে ময়ূৰ বৰাই আগ্ৰহী শিক্ষাৰ্থীসকলক তেওঁলোকৰ লেখামেলাৰ দক্ষতাৰ ক্ষেত্ৰত প্ৰয়োজনীয় দিক্‌-নিৰ্দেশনা প্ৰদান কৰিব। ছাত্ৰ-সমাজৰ বাবে তেওঁৰ মূল লক্ষ্য হ’ব AI-ৰ ব্যৱহাৰক এনে ধৰণে উৎসাহিত কৰা, যাতে ই মানৱীয় চিন্তা, সৃজনশীলতা আৰু বৌদ্ধিক সামৰ্থ্যক দুৰ্বল কৰাৰ পৰিৱৰ্তে অধিক শক্তিশালী কৰি তোলে। জীৱনৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কেৱল ক’লা-বগাৰ মাজত বিচৰাৰ পৰিৱৰ্তে তেওঁ বৌদ্ধিক আলোচনাৰ মাজত সূক্ষ্ম আৰু বস্তুনিষ্ঠ চেতনাৰ গুৰুত্বৰ বিষয়টো প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰিব। লগতে শিক্ষাৰ্থীসকলৰ মনত প্ৰশ্নসোধাৰ মানসিকতা আৰু যুক্তিপূৰ্ণ চিন্তাৰ বিকাশৰ ক্ষেত্ৰতো তেওঁ অনুপ্ৰেৰণা যোগাব।

এগৰাকী বহুল ভাৱে সমাদৃত বক্তা হিচাপে স্বীকৃত বৰাই শিক্ষাৰ্থীসকলক বক্তৃতা প্ৰদানৰ দক্ষতা উন্নত কৰাৰ ক্ষেত্ৰতো প্ৰয়োজনীয় দিহা-পৰামৰ্শ আগবঢ়াব। ৰাজহুৱা সভাত যুক্তিপূৰ্ণ বক্তব্য প্ৰদান কৰাৰ লগতে চাকৰিৰ সাক্ষাৎকাৰৰ সময়ত নিজকে আত্মবিশ্বাসেৰে উপস্থাপন কৰা কৌশলৰ বিভিন্ন দিশ তেওঁ শিক্ষাৰ্থীসকলক অৱগত কৰিব।

Centre for Competitive Examinations (CCE)-ৰ সঞ্চালক হিচাপে ময়ূৰ বৰাই USTM-ৰ যুৱ প্ৰতিভাক প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত সাজু হবলৈ কৰা প্ৰচেষ্টাত এক নতুন মাত্ৰা সংযোজন কৰিব বুলি আশা কৰা হৈছে। তেওঁ কেন্দ্ৰটোৰ বিকাশ আৰু সুপৰিচালনাৰ বাবে শৈক্ষিক, কৌশলগত আৰু পেছাদাৰী দিক্‌-নিৰ্দেশনা প্ৰদান কৰিব।

প্ৰায় ২৫ বছৰ কাল ভাৰতৰ বিভিন্ন ঠাইত নাবাৰ্ডৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা বৰাই ২০২১ চনত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে। তেওঁ সেইসময়ত নাবাৰ্ডৰ পুনে ক্ষেত্ৰীয় কাৰ্যালয়ত উপ-মহাপ্ৰবন্ধক হিচাপে কৰ্মৰত আছিল। ইয়াৰ আগতে তেওঁ গুৱাহাটীৰ Indian Institute of Bank Management-তো ফেকাল্টি মেম্বাৰ হিচাপে ৪ বছৰ কাল সেৱা আগবঢ়াইছিল।

অৱসৰৰ পাছত তেওঁ কেইবাবাৰো APSC-ৰ Combined Competitive Examination (CCE) আৰু IBPS-এ পৰিচালনা কৰা Bank Probationary Officers পৰীক্ষাৰ সাক্ষাৎকাৰ ব’ৰ্ডৰ সদস্য হিচাপে দায়িত্ব পালন কৰিছে। ইয়াৰ পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়েও তেওঁক Visiting Professor হিচাপে সন্মানিত কৰিছিল।

ইতিমধ্যে অসমীয়া ভাষাত ১৬ খন আৰু ইংৰাজী ভাষাত ২ খন বহুল সমাদৃত গ্ৰন্থ ৰচনা কৰাৰ লগতে ময়ূৰ বৰাই বিভিন্ন শিক্ষানুষ্ঠান আৰু আন অনুষ্ঠানত বহু কেইটা মানসম্পন্ন স্মাৰক বক্তৃতা আৰু প্ৰতিষ্ঠা দিৱসৰ বক্তৃতা প্ৰদান কৰিছে। ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু গ্ৰেট ব্ৰিটেইনতো তেওঁ কেইবাটাও বক্তৃতা প্ৰদান কৰিছে।

উল্লেখযোগ্য যে ২০২৪ চনৰ ২০ জুলাই তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টাত অনুষ্ঠিত Aligarh Muslim University Alumni-ৰ এক অনুষ্ঠানত অসমৰ হিন্দু-মুছলমানৰ মাজত পৰিলক্ষিত হোৱা অতুলনীয় সমন্বয় আৰু সম্প্ৰীতিৰ কথা বিশ্বৰ সন্মুখত দাঙি ধৰাৰ বাবে ভাৰতৰ আটলাণ্টাস্থিত Consul General-এ ময়ূৰ বৰাক বিশেষভাৱে সম্বৰ্ধনা জনাইছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰেমিকাক উপহাৰ দিবলৈ ঘৰতেই লুটপাত পুত্ৰৰ…

প্ৰেমিকাক উপহাৰ দিবলৈ ঘৰতেই লুটপাত পুত্ৰৰ। প্ৰেমিকাক সন্তুষ্ট কৰিবলৈ...

বিশ্বৰ একমাত্ৰ দ্বীপ; য’ত ৬ মাহ ফ্ৰান্স আৰু ৬ মাহ স্পেইনৰ শাসন চলে

ইউৰোপত এনে এক অদ্ভূত নদী দ্বীপ আছে, য’ত শতিকা...

কেতিয়াবা বন্ধুত্ব, কেতিয়াবা সংঘাত: কিয় ইমান জটিল পাকিস্তান আৰু ইৰানৰ সম্পৰ্ক?

পাকিস্তানৰ সেনা প্ৰধান ফিল্ড মাৰ্শ্বাল আছিম মুনীৰে ইৰান আৰু...