সুন্দৰী প্ৰেমিকাৰ সৈতে কিয় বিয়া নহ’ল ৰতন টাটাৰ? অগাধ সম্পত্তি থকাৰ পিছতো কিয় আজীৱন চিৰকুমাৰ হৈ ৰ’ল?

ৰতন টাটা, নামেই যাৰ পৰিচয়। ধন-যশ, খ্যাতি-প্ৰাচুৰ্য কি নাছিল জীৱনত! তাৰ পিছতো কিয় অবিবাহিত হৈ ৰ’ল ৰতন টাটা, কিয় চিৰকুমাৰ জীৱন বাচি ল’লে টাটাই, প্ৰেয়সীৰ সৈতে কিয় বিয়া নহ’ল ৰতন টাটাৰ এই সকলো প্ৰশ্নৰ উত্তৰ তেওঁ নিজেই উল্লেখ কৰিছে। তেওঁ লিখিছিল-
”আৰ্কিটেক্সাৰ বিষয়ত মই স্নাতক ডিগ্ৰী লৈছিলো। কিন্তু দেউতা সুখী নাছিল। সেইবাবে মই ঠিক কৰিলো যে মই চাকৰি বিচাৰি আমেৰিকাৰ লছ এঞ্জেলছলৈ যাম। কথামতেই এদিন মই সপোনৰ চহৰখনলৈ গুচি গ’লো। তাতেই এগৰাকী যুৱতীৰ সৈতে মই ক’ব নোৱাৰাকৈয়ে প্ৰেমৰ সম্পৰ্কত বান্ধ খালো..এয়াই আছিল আৰম্ভণি। লছ এঞ্জেলছত লাহে লাহে চাকৰিটো মোৰ ভাল লগা হৈ আহিছিল। তেতিয়ালৈ দুবছৰ পাৰ হৈছিল।

Ratan Tata shares photo of younger self; Internet loses its mind -  BusinessToday

সেই সময়লৈ নিজাকৈ এখন গাড়ীও কিনিছিলো। তাইৰ সৈতেও মোৰ প্ৰেমৰ সম্পৰ্ক ভালদৰেই পাৰ হৈছিল। ভাল পাওঁ যিহেতু একেবাৰে বিয়া কৰাম বুলি থিৰাং কৰি পেলাইছিলো। কিন্তু সেই সময়তে ঘটিল অঘটন। হঠাৎ আইতা অসুস্থ হৈ পৰিল। দৌৰাদৌৰিকৈ ঘৰলৈ উভতিব লাগে। ভাবিছিলো মোৰ লগত তাইও আহিব।

10 Photos Of Young Ratan Tata | Never-Seen Before Pics Of Ratan Tata

ইতিমধ্যে ভাৰত–চীনৰ যুদ্ধ আৰম্ভ হৈছিল। ১৯৬২ চনত পৰিস্থিতি ইমান ভয়াৱহ আছিল যে প্ৰেমাস্পদৰ পিতৃ–মাতৃ ভাৰতলৈ আহিবলৈ অস্বীকাৰ কৰে। ঘৰৰ সন্মতি অবিহনে তাইয়ো মোৰ সৈতে আহিব নোৱাৰিলে। ঘৰলৈ ঘূৰি অহাৰ পিছত মই ভাৰততে চিৰস্থায়ীভাবে থাকিবলগীয়া হ’ল, ফলত ইমানতে ইতি পৰিল আমাৰ সম্পৰ্কৰ।”

Ratan N Tata

মানৱদৰদী ৰতন টাটাৰ জীৱনত আইতাকৰ আছিল বহু গুৰুত্বপূৰ্ণ অৱদান। পিতৃ–মাতৃৰ বিবাহ বিচ্ছেদ হোৱাৰ পিছত ৰতন টাটাই আইতাকৰ সৈতে পাৰ কৰিছিল নিজৰ শৈশৱ আৰু কৈশোৰৰ বহু আবেগভৰা সময়। যাৰ বাবে আইতাক অসুস্থ হোৱাৰ লগে লগে ঢপলিয়াই আহিছিল ৰতন টাটাই। হিউমেছন অৱ বম্বে নামৰ এটা পেজত ৰতন টাটাই মুকলিভাবে ৰাজহুৱা কৰিছিল নিজৰ প্ৰেম কাহিনী। শৈশৱ-কৈশোৰ আৰু নিজৰ প্ৰেম কাহিনীৰ বিষয়ে প্ৰকাশ কৰিছিল এইগৰাকী মানৱ দৰদী চিৰকুমাৰ ব্যক্তিয়ে। পৰিস্থিতিৰ দাসত পৰি প্ৰথম প্ৰেম বিফল হোৱাৰ পিছত আজীৱন অবিবাহিত হৈয়ে পাৰ কৰিলে এইগৰাকী ৰতন টাটাই। উদ্যোগ প্ৰতিষ্ঠান, বিনিয়োগ আৰু সমাজসেৱাৰ মাজেৰেই নিজৰ জীৱন পাৰ কৰিলে ৰতন টাটাই। এতিয়াও আৰ্তজনৰ বাবে দেশৰ প্ৰান্তে প্ৰান্তে বিলাই দিছে এখন সহায়ৰ হাত, অনুভূতিৰ চাপ। জীৱনৰ অন্তিম সময়ছোৱা ইতিমধ্যে স্বাস্থ্যসেৱাৰ বাবে উচৰ্গা কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে ৰতন টাটাই। ২৮ এপ্ৰিলত অসমবাসীক উপহাৰ দিলে ৭খনকৈ কৰ্কট প্ৰতিষ্ঠান।

Ratan Tata Net Worth Family Career Hobbies Cars And More

2323 COMMENTS

  1. Обнаружьте новые стратегии РЅР° автомате Ballon.: balloon игра – balloon игра на деньги

  2. Играйте РІ казино Рё забудьте Рѕ заботах.: balloon game – balloon game

  3. balloon казино играть balloon казино Игровые автоматы — шанс РЅР° крупный выигрыш.

  4. Р’ казино всегда есть что-то РЅРѕРІРѕРµ.: balloon игра – balloon казино играть

  5. balloon казино играть balloon казино Казино предлагает множество игровых автоматов.

  6. Игровой автомат — это развлечение Рё шанс.: balloon game – balloon казино играть

  7. balloon игра на деньги balloon игра Играйте РІ казино Рё забудьте Рѕ заботах.

  8. Играйте РЅР° деньги Рё получайте удовольствиe.: balloon game – balloon казино играть

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ বাতিল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ বাতিল। পেহেলগামৰ ঘটনাক লৈ...

ATM ব্যৱহাৰ কৰা সকলৰ বাবে কাইলৈৰ পৰা নতুন নিয়ম…

ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৫ চনৰ ১ মে’ৰ পৰা এটিএমৰ...

পৰৱৰ্তী লোকপিয়লত জাতিগত গণনাৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটৰ

ভাৰত চৰকাৰে এক ঐতিহাসিক সিদ্ধান্তত পৰৱৰ্তী লোকপিয়লত জাতিগত গণনা...