এগৰাকী অভিনেত্ৰীয়ে ক্ৰয় কৰিলে নেকি সুশান্ত সিং ৰাজপুতৰ স্মৃতি বিজড়িত ফ্লেটটো?

প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতে বাস কৰা ফ্লেটটোক লৈ বিভিন্ন সময়ত বিভিন্ন চৰ্চা চলি আহিছে। এই ফ্লেটটোৰ লগত অভিনেতাজনৰ বহু স্মৃতি জড়িত হৈ আছে। কিয়নো অভিনেতাজনে তেওঁৰ জীৱনৰ শেষৰ সময়খিনি এই ফ্লেটটোতে পাৰ কৰিছিল। শেহতীয়াকৈ এই ফ্লেটটো ক্ৰয় কৰিছে এগৰাকী মোহময়ী অভিনেত্ৰীয়ে।কিন্তু কোনে ক্ৰয় কৰিলে অভিনেতাজনৰ এই ফ্লেটটো? জানিবলৈ সম্পূৰ্ণকৈ পঢ়ক এই প্ৰতিবেদন।

অভিনেতা সুশান্ত সিং ৰাজপুতৰ ফ্লেটটো বিক্ৰী কৰা হৈছে। অভিনেতাজনৰ এই ফ্লেটটো তেওঁৰ মৃত্যুৰ পাছৰ পৰাই খালী হৈ আছিল। তেখেতৰ মৃত্যুৰ পাছতেই এই ফ্লেটটোৰ দাম বৃদ্ধি কৰি দিয়া হৈছিল। শেহতীয়াকৈ এটা খবৰ পোহৰলৈ আহিছে, য’ত কোৱা হৈছে যে এই ফ্লেটটো ক্ৰয় কৰিছে মোহময়ী অভিনেত্ৰী আদাহ(ADAH SHARMA) শৰ্মাই।

আপুনি বাৰু জানেনে আদাহ শৰ্মা কোন?

আদাহ শৰ্মাই ‘দ্য কেৰালা ষ্টৰী’ নামৰ চিনেমাখনৰ জৰিয়তে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে। আদাহ শৰ্মা হৈছে চিনেমাখনৰ মুখ্য অভিনেত্ৰী। চিনেমাখনত অভিনয়ৰ পাছতেই চৰ্চাত আছে অভিনেত্ৰীগৰাকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...