অৱশেষত শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে ৰুজু হ’ল গোচৰ

সাধাৰণ জনতাক সুৰক্ষা দিয়াটোৱেই আৰক্ষীৰ মূল দায়িত্ব। কিন্তু এতিয়া সেই আৰক্ষীৰ বিৰুদ্ধেই উঠিছে চাঞ্চল্যকৰ অভিযোগ। নাজিৰা মহকুমা আৰক্ষী বিষয়াই এগৰাকী বন কৰা মহিলাক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ। আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই গাত গৰম পানী ঢালি দিলে বনকৰা মহিলাৰ। সানি দিলে জলকীয়া গুড়ি। ঘটনাক লৈ নাজিৰাত তীব্ৰ প্ৰতিক্ৰিয়া। শুভলক্ষ্মীক শাস্তিৰ দাবী তুলি সৰৱ দল-সংগঠন।

শুভলক্ষ্মী দত্তই বনকৰা মহিলাক সানি দিছিল জলকীয়া গুড়ি
গৰম পানী গাত ঢালি অকথ্য নিৰ্যাতন
শুভলক্ষ্মীৰ কাণ্ডক লৈ নাজিৰাত জোকাৰণি
অৱশেষত শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে ৰুজু হ’ল গোচৰ
আইনৰ ৰক্ষকৰ পুনৰ লাজলগা কাণ্ড

এইগৰাকী শুভলক্ষ্মী দত্ত। পূৰ্বে নাজিৰাৰ মহকুমা আৰক্ষী বিষয়া হিচাপে দায়িত্ব পালন কৰা এইগৰাকী শুভলক্ষ্মী দত্তই শেহতীয়াকৈ চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে পদোন্নতি লাভ কৰিলে। এইগৰাকী বিষয়াই জঘন্য ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। যোৱা ৫ মাহ পূৰ্বে লখিমপুৰৰ পৰা এইগৰাকী মহিলাক নিজৰ ঘৰত কাম কৰিবলৈ লৈ আনিছিল শুভলক্ষ্মীয়ে।

ঘৰলৈ অনাৰ পৰাই অকথ্য নিৰ্যাতন
দুদিন পূৰ্বে এই নিৰ্যাতনে অমানৱীয়তাৰ চৰম সীমা অতিক্ৰম কৰিলে।

নাজিৰাৰ কোৱাৰ্টাৰতে শুভলক্ষ্মী দত্তই
মহিলাগৰাকীৰ গাত উতলা পানী ঢালি দিলে

শৌচাগাৰত সুমুৱাই মহিলাগৰাকীক কোবাই কোবাই খোজ কাঢ়িব নোৱাৰা অৱস্থা কৰিলে শুভলক্ষ্মী দত্তই। থৰক বৰক খোজেৰে নাজিৰা থানালৈ আহিল মহিলাগৰাকী। কান্দি কান্দি সাংবাদিকৰ আগত ক’লে
বাইদেৱে মোক বহুত মাৰপিট কৰে।
মোৰ গাত গৰম পানী ঢালি দিলে বাইদেৱে

কেৱল মাৰপিট কৰা নাইবা গৰম পানী ঢলাই নহয়। বনকৰা মহিলাগৰাকীৰ শৰীৰৰ বিভিন্ন অংশত শুভলক্ষ্মী দত্তই সানি দিছিল জলকীয়া গুড়ি।

আৰক্ষীৰ উচ্চ পদত থাকি জনহিত জনসেৱাৰ্থেৰ শ্লোগান দিয়া এগৰাকী মহিলা বিষয়াৰ দ্বাৰা এই অমানৱীয় কাণ্ড। আইন ৰক্ষকৰ এই ৰূপ দেখি হতচকিত নাজিৰাৰ দল-সংগঠন, সচেতন ৰাইজ। ভুক্তভোগীয়ে এজাহাৰ দিলে।

নাজিৰা আৰক্ষীয়ে বহুসময়লৈ ৰুজু নকৰিলে গোচৰ

কেৱল মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰিয়েই নাজিৰা আৰক্ষীয়ে দায়িত্ব সামৰাৰ চেষ্টা চলালে। কিন্তু সৰৱ দল-সংগঠন, সচেতন ৰাইজ। দাখিল হল ইখনৰ পাছত সিখন এজাহাৰ। অৱশেষত আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ।

IPCৰ 324/342 ধাৰাত গোচৰ ৰুজু
শুক্ষলক্ষ্মী দত্তক দৃষ্টান্তমূল শাস্তি দিয়ক। দাবী দল-সংগঠনৰ। এই ঘটনাই মুখা খুলিছে শুভলক্ষ্মীৰ।
তেওঁৰ ব্যৱহাৰো বেয়া
খাকী পোছাক পিন্ধাৰ তেওঁৰ যোগ্যতাই নাই

সাধাৰণ জনতাৰে বন্ধুসুলভ আচৰণ কৰিবলৈ আৰক্ষীক আহ্বান আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ। খাকী পোছাকধাৰীক ৰাইজৰ নিচেই কাষ চাপিবলৈ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ। কিন্তু আৰক্ষীয়ে সংঘটিত কৰিছে এনে ঘটনা। ধিক্কাৰ দিছে সকলোৱে। শুভলক্ষ্মী দত্তই শাস্তি পাবনে? নে এজাহাৰ, গোচৰতেই শেষ হ’ব সকলো?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ সৌভাগ্যশালী যাত্ৰী ৰমেশ বিশ্বাস কুমাৰ

বৃহস্পতিবাৰে আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত...

১০ মিনিট দেৰি কৰাৰ বাবে ফ্লাইটখন মিছ কৰিছিল এইগৰাকী সৌভাগ্যশালী মহিলাই

আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত এয়াৰ...

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা : ৮,২০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা আছিল কেপ্তেইন সুমিত ছভাৰৱালৰ

আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত এটা...

বোৱিং ৭৮৭-৮ ড্ৰিমলাইনাৰৰ কাৰিকৰী সমস্যাৰ ইতিহাস

বোৱিং ৭৮৭-৮ ড্ৰিমলাইনাৰ, যি এখন অত্যাধুনিক বাণিজ্যিক বিমান হিচাপে...