অৰুণাচলৰ জি’ৰোৰ ব্লু-পাইন হোটেলত ৩ পৰ্যটকৰ মৃতদেহ

এক শিহৰণকাৰী ঘটনাই কঁপাই গ’ল অৰুণাচল প্ৰদেশৰ জিৰ’। জিৰ’ৰ ব্লু-পাইন হোটেলৰ বন্ধ কোঠাত উদ্ধাৰ হৈছে তিনিটাকৈ মৃতদেহ- এজন পুৰুষৰ, দুগৰাকী মহিলাৰ। আটাইকেইটা মৃতদেহৰ হাতত স্পষ্ট হৈ আছে ব্লেডৰ আঘাতৰ চিন। ২৮ মাৰ্চতে অৰুণাচললৈ আহিছিল কেৰালাৰ পৰ্যটককেইগৰাকী। নিহত লোকজন নবীন থমাছ, নিহত মহিলাগৰাকীৰ এগৰাকী নবীন থমাছৰ পত্নী, আনগৰাকী মহিলাৰ বিৰুদ্ধে ত্ৰিৱান্দ্ৰমত ৰুজু হৈ আছে নিৰুদ্দেশৰ গোচৰ। স্পৰ্শকাতৰ ঘটনাটোক লৈ অৰুণাচল আৰক্ষীয়ে সকলো দিশৰ পৰাই অব্যাহত ৰাখিছে অনুসন্ধান। ফৰেনছিকৰ দলে পুংখানুপুংখভাৱে পৰীক্ষা কৰি ঘটনাস্থলীৰ পৰা সংগ্ৰহ কৰিছে তথ্য-প্ৰমাণ। কেৰালাৰ পৰা নিহত পৰ্যটক কেইগৰাকীৰ পৰিয়াল আৰু আৰক্ষীৰ দলো ৰাওনা হৈছে অৰুণাচললৈ।

তন্ত্ৰ-মন্ত্ৰ-আত্মহত্যা!
অৰুণাচলৰ ব্লু-পাইন হোটেলৰ কোঠাত কি হৈছিল?
কিবা তন্ত্ৰ-মন্ত্ৰৰ বলি হৈছিল নেকি কেৰালাৰ ৩ পৰ্যটক?
ফৰেনছিক গৱেষণাৰ জৰিয়তে বিজ্ঞান সন্মত তদন্ত আগবঢ়াইছে অৰুণাচল আৰক্ষীয়ে। পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু অৰুণাচলৰ জিৰ’ৰ বিলাসী ব্লু-পাইন হোটেলত ২ এপ্ৰিল, মঙলবাৰে উদ্ধাৰ হৈছিল এই লোককেইগৰাকীৰ নিথৰ দেহ। কোঠাৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ আছিল। এই দম্পতীটো কেৰালাৰ কোট্টায়াম জিলাৰ মিনাডম নিবাসী নবীন থমাছ আৰু তেওঁৰ পত্নী দেৱী বি। দম্পতীটোৰ সৈতে জিৰ’লৈ আহিছিল এই মহিলাগৰাকীও। কেৰালাৰ ভাট্টিয়াৰ্ভু জিলাৰ মিলিথুমিলি নিবাসী আৰ্য বি নায়াৰ।
জিৰ’ৰ ব্লু-পাইন হোটেলৰ ৩০৫ নম্বৰ কোঠাৰ বাথৰুমত উদ্ধাৰ হৈছিল নবীন থমাছৰ মৃতদেহ।
বেডৰুমৰ বিচনাত উদ্ধাৰ হৈছিল তেওঁৰ পত্নীৰ মৃতদেহ।
বেডৰুমৰ মজিয়াত উদ্ধাৰ হৈছিল আনগৰাকী মহিলাৰ মৃতদেহ।
পৰ্যটক কেইগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে হোটেল কতৃপক্ষই খবৰ দিয়ে আৰক্ষীক। লগে লগেই দণ্ডাধীশসহ জ্যেষ্ঠ আৰক্ষী বিষয়াৰ নেতৃত্বত ঘটনা স্থলীলৈ ৰাওনা হয় অৰুণাচল আৰক্ষীৰ বৃহৎ দল। লগে লগেই বান্দৰদোৱাত থকা ফৰেনছিক বিশেষজ্ঞৰ দলক খবৰ দিয়া হয়। আৰক্ষী আৰু ফৰেনছিকৰ দলে ঘটনাস্থলীৰ সকলো সাম্ভাব্য ক্ল্যু সন্তৰ্পনে সংগ্ৰহ কৰে। প্ৰতিজন লোকৰ মণিবন্ধনত আছিল কাট-মাৰ্ক। প্ৰতিটো মৃতদেহৰ হাতৰ কাষত আছিল একোখনকৈ ব্লেড।

ঘটনাস্থলী পৰীক্ষা কৰি থাকোঁতেই মৃতদেহৰ কাষত আৰক্ষীয়ে উদ্ধাৰ কৰে এটা কাগজৰ টুকুৰা। কাগজৰ টুকুৰাটোত ইংৰাজীত লিখা আছিল- আমি সুখী, আমি ভালদৰেই জানো আমি ক’লৈ গৈ আছোঁ। লগতে টুকুৰাটোত লিখা আছিল এটা মোবাইল নম্বৰ। লগে লগেই নম্বৰটোত ফোন কৰে অৰুণাচল আৰক্ষীৰ জ্যেষ্ঠ বিষয়াই। নম্বৰটো আছিল নিহত নবীন থমাছৰ পত্নীৰ দেউতাকৰ। ফোনতেই সন্ধান ওলাইছিল নিহত দম্পতীটোৰ পৰিয়ালৰ।
নিহত থমাছৰ শহুৰেকৰ পৰা আৰক্ষীয়ে আৰু এটা কথা গম পালে- আনগৰাকী মহিলাৰ বিৰুদ্ধে আছিল নিৰুদ্দেশৰ গোচৰ। ২৭ মাৰ্চত ত্ৰিৱান্দ্ৰমত মহিলাগৰাকীৰ নিৰুদ্দেশৰ গোচৰ দিছিল পৰিয়ালে। ২৮ মাৰ্চত ব্লু-পাইন হোটেলত চেক-ইন কৰিছিল ৩ পৰ্যটকে। ৩১ মাৰ্চলৈ সাধাৰণ ভাবেই ঘূৰা ফুৰা কৰি আছিল তিনিও। ১ এপ্ৰিলৰ পৰা তেওঁলোকক দেখা নাছিল হোটেলৰ কৰ্মচাৰীয়ে।

এইপৰ্যন্ত আগবঢ়া অনুসন্ধানৰ ওপৰত ভিত্তি কৰি আৰক্ষীৰ সন্দেহ- এয়া সম্ভৱতঃ আত্মহত্যাৰ ঘটনা। নিহত তিনিওগৰাকী লোকে তন্ত্ৰ-মন্ত্ৰ, ক’লা যাদু কৰাৰ তথ্যও লাভ কৰিছে অৰুণাচল আৰক্ষীয়ে। সন্দেহজনক হোৱাটছআপ গ্ৰুপৰ সদস্যও আছিল তিনিও।

অৱশ্যে ফৰেনছিকৰ প্ৰতিবেদনে পৰ্যটককেইগৰাকীৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত অধিক তথ্য দিব বুলি আশা অৰুণাচল আৰক্ষী। কেৰালাৰ পৰা আহি থকা নিহত লোকসকলৰ পৰিয়ালেও এই ৰহস্যজনক মৃত্যুৰ আঁৰৰ অনাবৃত ৰহস্য আঁতৰ কৰিব পাৰিব বুলি আশা কৰিছে অৰুণাচল আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...