২০২৬ চনৰ ১৭ নৱেম্বৰলৈ অতি শুভ দশা মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীৰো ভাল দিন চলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৩য় বাৰৰ বাবে হ’ব প্ৰধানমন্ত্ৰী। শত্ৰু আহিলেও টিকি থাকিব নোৱাৰিব। বৰপেটা সত্ৰৰ বৰ্ষফলত ভাগ্য গণনা মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, দেশ–ৰাজ্যৰ। আৰু বৰ্ষফলেই কি কি ইংগিত দিলে?

২০২৬ চনৰ ১৭ নৱেম্বৰলৈ অতি শুভ দশা মুখ্যমন্ত্ৰীৰ!
বন্ধুৰ পৰা ক্ষতি হ’ব মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ!
তৃতীয়বাৰৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে!

মুখ্যমন্ত্ৰীৰ কৰ্মস্থানত বৃহস্পতি অৱস্থান কৰিছে৷ ইয়াৰ ফলত অসম সমৃদ্ধিশালী হ’ব। বৰপেটা সত্ৰত দৈৱজ্ঞৰ বৰ্ষফল গণনাই দেখুৱাইছে এয়া৷ পৰম্পৰাগত ভাৱে পহিলা ব’হাগত বৰপেটা সত্ৰত কৰা বৰ্ষ গণনা। সেই অনুসাৰে এইবাৰো ৰাজ্য–দেশ, ৰাষ্ট্ৰনেতা, মুখ্যমন্ত্ৰীৰ ভাগ্যচক্ৰ গণনা কৰা হয়। এই বৰ্ষফল গণনা অনুযায়ী বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ দেৱশৰ্মা দলৈয়ে ক’লে– ‘মুখ্যমন্ত্ৰীৰ কৰ্মস্থানত বৃহস্পতিয়ে অৱস্থান কৰিছে’
‘ফলত ৰাজ্যখন সমৃদ্ধিশালী হোৱাৰ কাৰক’

২০২১ চনৰ ১০ মে’ত ১২ বাজি ৫ মিনিটত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহন কৰাৰ ক্ষণ গণনা অনুসৰি ২০২৬ চনৰ ১৭ নৱেম্বৰলৈ অতি শুভ দশা চলি থাকিব৷ কিন্তু সপ্তমস্থানত শনি, মংগলে অৱস্থান কৰাত বন্ধুৰ পৰা ক্ষতিৰ সম্ভাৱনা৷

‘ৰাজ্যৰ বৰ্ষফল অনুযায়ী দূৰ হ’ব চুবুৰীয়া ৰাজ্যৰে থকা সীমা বিবাদ’
‘অসমৰ বিদ্যাৰ্থীসকলৰ বাবেও এই বৰ্ষটো শুভকাৰক’
‘দৈত্যগুৰু শুক্ৰাচাৰ্যই অসমক বিপদৰ পৰা ৰক্ষা কৰিব’

বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত নৰেন্দ্ৰ মোডী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ যোগ আছে৷ প্ৰধানমন্ত্ৰী মোডীৰ জন্মফল আৰু শপতগ্ৰহনৰ ফল অনুসৰি পুনৰবাৰ মোডীৰ জয়ৰ ইংগীত পোৱা গৈছে৷ বৰপেটা সত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বৰ্ষফল গণনা কৰি দৈৱজ্ঞই কয়যে- ১৯৫০ চনৰ ১৭ ছেপ্টেম্বৰত গুজৰাটত জন্মগ্ৰহণ কৰা নৰেন্দ্ৰ মোডীৰ ২০২৭ চনৰ ৬ ডিচেম্বৰলৈ মংগলৰ দশা চলি থাকিব বাবে শুভফল লাভ কৰিব ৷

‘অৱশ্যে ভাৰত নামে দেশৰ মিশ্ৰিত ফল’
‘বিদেশী ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ বিবাদ হ’ব পাৰে’

আছুসহ ছাত্ৰ সংগঠন সমূহৰ বাবে বছৰটো বৰ শুভ কাৰক নহ’ব। সত্ৰীয়া ৰীতি পৰম্পৰাৰে পালন কৰা ব’হাগৰ বৰ দোমাহী উপলক্ষে সত্ৰীয়া পৰম্পৰা অনুসৰি দেওবাৰে বৰপেটা সত্ৰত বৰ্ষফল গণনা বা বিহু গণনা কৰা হয়৷ বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ দেৱশৰ্মা দলৈয়ে প্ৰথমতে সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত গুৰু আসনৰ পাছফালে সত্ৰীয়া প্ৰমুখ্যে ভকতৰ সন্মুখত বছৰটোৰ শুভাশুভ বিচাৰ কৰে৷ তাৰপাছত দৈৱজ্ঞই সত্ৰলৈ অহা ভক্ত বৈষ্ণৱৰ সন্মুখত মঠৰ চোতালত বৰ্ষফল গণনা পাঠ কৰে৷ ইয়াৰ পিচতে দৈৱজ্ঞই আই সকলৰ কাঠিত বৰ্ষফল গণনা পাঠ কৰে৷ বৰপেটা সত্ৰৰ এয়া যুগ যুগ ধৰি চলি এক পৰম্পৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...