আজি হৃদয়ৰ মৰম-চেনেহবোৰ আপোনজনক বিলাই দিয়াৰ দিন

বসন্তৰ আগমনত বাউলী হৈ পৰা বতাহজাকে ৰাজ্যৰ চৌদিশে বিয়পাইছে বাসন্তী সুবাস। আজি পহিলা ব’হাগ। সুখী হৈছে ৰাইজ। উপভোগ কৰিছে আপোন সমৃদ্ধ সংস্কৃতি। এক হৈ জাতিৰ জয়গান আকৌ এবাৰ সুঁৱৰিলে সকলোৱে। খৰতালৰ ছেৱে ছেৱে যেন মানুহবোৰে কৈ উঠিছে- আমাৰ বিহু ভাঙোতা নাই।

জাতিৰ আয়ুস ৰেখা- ব’হাগ
জাতিয়ে স্নান কৰা মাহ- ব’হাগ
গণ জীৱনৰ সাহ- ব’হাগ
আজি পহিলা ব’হাগ

সাত বিহু অনুযায়ী আজিৰ দিনটোক কোৱা হয় মানুহ বিহু। আজি হৃদয়ৰ মৰম চেনেহবোৰ আপোনজনক বিলাই দিয়াৰ দিন। অসমীয়া মানুহে অসমীয়া মানুহৰ হকেই কিবা একোটা কৰাৰ সংকল্প লোৱাৰ দিন। আন্দোলন, ন্যায্য প্ৰাপ্তিৰ হকে যুঁজ, কাৰোবাৰ মতে ভাল দিন, কাৰোবাৰ মতে সংকটৰ দিন, জৰা-ব্যাধি-মহামাৰীৰ পিছৰ এছোৱা অস্থিৰ সময়ৰ মাজেৰে পাৰ হোৱা এটা গতানুগতিক অথচ হেঁপাহৰ দিন। আচলতে এই কুটিল পৃথিৱীখনত যেন ব’হাগে উশাহ ল’বলৈ টান! তথাপিও আশাবাদী অসমীয়া মানুহৰ বাবে আজি, এই নতুন বৰ্ষৰ পহিলা দিনটোৱেই যেন এক নতুন সূৰ্যোদয়।

পহিলা ব’হাগত ৰাজ্যৰ নামঘৰে সত্ৰই নেদখাজনৰ পৰা সাহস বিচাৰি মূৰ দোঁৱাইছে ৰাইজখনে। বৰপেটা সত্ৰত পুৱাৰে পৰা দেখা গ’ল ভিন্ন প্ৰান্তৰ সেৱকীৰ আগমণ। সৰভোগৰ গৰখীয়া গোসাঁই থানতো ভক্তৰ সমাগম। দূৰ দূৰণিৰ ভক্তই আহি নৱবৰ্ষৰ পহিলা দিনটোতে নিজৰ বাঞ্চা পূৰণৰ বাবে থানখনত সেৱা আগবঢ়ায়। পৰম্পৰা অনুসৰি পুৱা গা পা ধুই কনিষ্ঠজনে জ্যেষ্ঠজনৰ আশীৰ্বাদ লয়। কনিষ্ঠৰ পৰা শ্ৰদ্ধা গ্ৰহণ কৰি মৰমেৰে উপচাই জ্যেষ্ঠজনে। তেনে এক কৃষিজীৱি অসমীয়াৰ সংস্কৃতিৰ পুৰাতন সত্য সামৰি ওদালগুৰিৰ ধনশ্ৰীঘাটত আয়োজিত হৈছে মানুহ বিহু। সমূহীয়াভাৱে জ্যেষ্ঠসকলক সেৱা জনাইছে কনিষ্ঠজনে। এক সমৃদ্ধ পৰম্পৰাৰ নিভাঁজ চানেকি। পূৱ বোকাখাত বসন্ত উৎসৱ উদযাপন সমিতিয়েও ল’লে অনুৰূপ পৰিৱেশ। উত্তৰ পুৰুষৰ বাবে স্মৰনীয় হৈ ৰ’ব পৰাকৈ লৈছে জ্যেষ্ঠজনৰ আশীৰ্বাদ।

ইফালে ব’হাগত ঢোলে গুমগোমোৱা নাই এনেকুৱা জানো হ’ব পাৰে? ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এতিয়া ঢোলৰ গুমগুমনি। নাচনীয়ে নাচিছে লহৰত। ওলাই আহি আঁহতৰ তলত জুৰিছে বিহু ৷ অন্যপ্ৰান্তৰ দৰেই গোৱালপাৰাৰ মাটিয়াতো ব’হাগৰ প্ৰথম দিনটোতে মুকলি পথাৰত থকা এডাল বৃহৎ আঁহতৰ তললৈ আহিছে যুৱক-যুৱতীৰ লগতে বোৱাৰী সকলো৷

পৰম্পৰাগত বোকা খেলৰ আনন্দ ল’লে ঢকুৱাখনাৰ ১নং কৃষ্ণপুৰ গাঁৱৰ ৰাইজে। পৰম্পৰাগতভাৱে চলি অহা এই বোকা বিহুত আনন্দ মনেৰে অংশগ্ৰহণ কৰিলে ডেকা-বুঢা, জীয়ৰী-বোৱাৰীৰ পৰা আৰম্ভ কৰি কণমানিটোৱেও।

তিনিচুকীয়া, নলবাৰী, চিলাপথাৰ আৰু বহু ঠাইত আছুৰ উদ্যোগত অনুষ্ঠিত বিহুকেইখনতো ৰাইজৰ ভিৰ। এনেকৈয়ে বসন্তৰ আগমনত বাউলী হৈ পৰা বতাহজাকে ৰাজ্যৰ চৌদিশে বিয়পাইছে বাসন্তী সুবাস। সুখী হৈছে ৰাইজ। উপভোগ কৰিছে আপোন সমৃদ্ধ সংস্কৃতি।
খৰতালৰ ছেৱে ছেৱে যেন মানুহবোৰে কৈ উঠিছে
আমাৰ বিহু ভাঙোতা নাই

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জীৱনেই হওক প্ৰথম পছন্দ! আজি বিশ্ব আ/ত্ম/হ/ত্যা প্ৰতিৰোধ দিৱস

প্ৰতি বছৰে ১০ ছেপ্টেম্বৰত বিশ্ব আ/ত্ম//হ/ত্যা প্ৰতিৰোধ দিৱস পালন...

Appleৰ নতুন চমক! মুকলি iPhone 18 Pro আৰু Pro Max

বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান Apple-এ ৯ ছেপ্টেম্বৰত মুকলি কৰিলে...

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা। ট্ৰেণ্ডৰ দৌৰত ৰাজনৈতিক...