আজি উৰুকা! ভোগালী আদৰিবলৈ অসমবাসী সাজু

ভোগালী মানেই হ’ল ভোগ আৰু আনন্দৰ সমাহাৰ! আজি ভোগালী বিহুৰ উৰুকা। এই উৰুকাত এসাঁজ লগে ভাগে খোৱাৰ বাবে বজাৰত ব্যস্ত ৰাজ্যৰ জনসাধৰণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহত পুৱাই দেখা গৈছে গ্ৰাহকৰ ব্যাপক ভিৰ।

মহানগৰীৰ উজান বজাৰত মাছ কিনিবলৈ ওলাই আহিছে গ্ৰাহক। যাৰ ফলত ৰাতিপুৱাৰে পৰা উজান বজাৰত পৰিলক্ষিত হৈছে গ্ৰাহকৰ ভিৰ।

হেঁপাহৰ ভোগালীক আদৰিবলৈ সাজু ৰাজ্যবাসী। চহা খেতিয়কে কৃষি কৰ্মৰ অন্তত সোণগুটি লখিমী চপাই ভঁৰালত ভৰোৱাৰ পিছত এতিয়া লগে ভাগে খোৱাৰ সময়। ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ চলিছে ভোগালীৰ প্ৰস্তুতি। নিশাৰ উৰুকাৰ আয়োজনৰ বাবে ব্যস্ত ৰাইজ। বজাৰসমূহতো উজান উঠিছে ডাঙৰ ডাঙৰ মাছৰ। ৰাজ্যৰ প্ৰতিখন বজাৰতেই ৰৌ, ভকুৱা, চিতল, কান্ধুলি। এই মাছেৰে নিশা মেজি ঘৰত এসাঁজ খাবৰ বাবে টঙালি বান্ধিছে অসমীয়াই।

কৰ’ণা মহামাৰীৰ মাজতো ৰাজ্যৰ প্ৰতিটো প্ৰান্তত চলিছে ভোগালী বিহুৰ ব্যাপক আয়োজন। উৰুকা বুলি লগ হৈ সকলোৱে তৃপ্তিৰে এসাঁজ খাব আৰু কাইলৈ দোমাহীৰ দিনাই জ্বলাব মেজি।

NKTVৰ তৰফৰ পৰাও সমূহ ৰাজ্যবাসীলৈ ভোগালী বিহুৰ আন্তৰিক আৰু হিয়াভৰা ওলগ যাচিলোঁ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...