উৰুকাৰ বজাৰত অসমৰ আটাইতকৈ দামী মাছকেইটা

আজি হেঁপাহৰ মাঘ বিহুৰ উৰুকা। ৰাজ্যবাসীৰ মাজত এতিয়া উখল-মাখল। ভোগালীৰ ভোগেৰে ভৰি পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰ।

এসাজ জুতি লগাই খাবলৈ সাজু হৈছে ৰাজ্যবাসী। কোনোৱে যদি কিনিছে ৰৌ, ভকুৱা, চিতল কাৰোবাৰ আকৌ পছন্দ আৰি, বৰালি, বাহু।

উৰুকাৰ নিশা মাছে মঙহে এসাঁজ খোৱাৰ বাবে বজাৰত ভিৰ কৰিছে গ্ৰাহকে৷ বজাৰ ভৰি পৰিছে ৰৌ-বৰালী-আৰি-চিতল, গ্ৰাছ কাপ আদি বিভিন্ন মাছেৰে ৷

হেঁপাহৰ ভোগালী বিহুত মাছৰ জুতি লবলৈ এইদৰে গ্ৰাহকে ভিৰ কৰিছে মাছৰ বজাৰত ৷

গুৱাহাটীৰ গণেশগুৰি বজাৰত ৩৫ কেজি ওজনৰ মাছ। বজাৰত ওলাইছে বাংলাদেশী ইলিছ মাছো।

নগাঁৱত মাছৰ বজাৰত ১২ কেজি ওজনৰ চিতল। কেজিত ১,২০০ টকাকৈ ১২,৪০০ টকাত বিক্ৰী হল চিতল মাছটো।

৮ কেজি ওজনৰ বৰালি লবলৈ গ্ৰাহকৰ হেতাওপৰা। ৯০০ টকা কেজিৰে ৭,২০০ টকাত বিক্ৰী হল বৰালি মাছটো

চিতল, বৰালিয়েই নহয়, ১৬ কেজি ওজনৰ ভকুৱা নগাঁৱৰ বজাৰত। ৪৫০ টকা কেজিত ৭,২০০ টকাত কিনিলে মাছটো।

মঙলদৈৰ বজাৰত ৩০ হাজাৰ টকীয়া ভকুৱা মাছ। ২০ কেজি ওজনৰ ভকুৱা মাছ কিনিবলৈ গ্ৰাহকৰ ভিৰ।

দৰং জিলা পুখুৰীৰ বাবে বিখ্যাত। থলুৱা মাছৰ এখন ভাল বজাৰ আছে মঙলদৈত। ডাঙৰ ডাঙৰ বৰালি, ৰৌ, আৰি মাছেৰে উভৈনদী হৈ পৰিছে মঙলদৈৰ মাছৰ বজাৰত ।

প্ৰতিকুল বতৰকো নেওচি পুৱতি নিশাৰ পৰা মাছৰ বজাৰত দেখা গৈছে গ্ৰাহকৰ ব্যাপক ভীৰ।

ৰৌ, বৰালি, চিতল তথা বিভিন্নধৰনৰ থলুৱা মাছেৰে ভৰি পৰিছে ভোগালীৰ মাছৰ বজাৰ। ২৫ কেজিৰ ৰৌ মাছৰ উপৰিও নগাওঁ, চোলোং, কুৰুৱাবাহী, বোকাখাতৰ জাপৰি বিলৰ মাছ উপলব্ধ হৈছে বোকাখাতৰ মাছৰ বজাৰত।

কেৱল এয়াই নহয় ম’হৰ এঠা দৈ, কোমল চাউল, গুৰ, চিৰা, পিঠা, লাৰু উপলব্ধ হৈছে ভোগালীৰ বজাৰত।

এনেদৰে এতিয়া প্ৰতিজন অসমীয়া সাজু হৈছে ভোগৰ উতসৱ ভোগালী উদযাপন কৰিবলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সম্পৰ্কবোৰত ঘুণে ধৰিছে নেকি!

পত্নী নিৰুদ্দেশ হোৱা বুলি ফেচবুকত পোষ্ট নেতা নৰেন তাঁতীৰ।...

ইৰাণৰ সৈতে সংঘৰ্ষৰ মাজতে গাজা আক্ৰমণ ইজৰাইলৰ

ইৰাণৰ সৈতে চলি থকা সংঘাতৰ মাজতো ইজৰাইলে গাজাত আক্ৰমণ...

শিশুৰ মাজত দায়িত্ববোধৰ অভাৱ? সমাধানৰ উপায় দিলে ছানী লিয়নে

অভিনয়ত সময় দিয়াৰ লগতে অভিনেত্ৰী ছানী লিয়নে তেওঁৰ পৰিয়ালৰ...

ট্ৰাম্পৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱত ইজৰাইলৰ সন্মতি, ইৰাণৰ অৱস্থান এতিয়াও অস্পষ্ট

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰস্তাৱিত যুদ্ধবিৰতিত ইজৰাইলে সন্মতি জনাইছে।...