উৰুকাৰ বজাৰত অসমৰ আটাইতকৈ দামী মাছকেইটা

আজি হেঁপাহৰ মাঘ বিহুৰ উৰুকা। ৰাজ্যবাসীৰ মাজত এতিয়া উখল-মাখল। ভোগালীৰ ভোগেৰে ভৰি পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰ।

এসাজ জুতি লগাই খাবলৈ সাজু হৈছে ৰাজ্যবাসী। কোনোৱে যদি কিনিছে ৰৌ, ভকুৱা, চিতল কাৰোবাৰ আকৌ পছন্দ আৰি, বৰালি, বাহু।

উৰুকাৰ নিশা মাছে মঙহে এসাঁজ খোৱাৰ বাবে বজাৰত ভিৰ কৰিছে গ্ৰাহকে৷ বজাৰ ভৰি পৰিছে ৰৌ-বৰালী-আৰি-চিতল, গ্ৰাছ কাপ আদি বিভিন্ন মাছেৰে ৷

হেঁপাহৰ ভোগালী বিহুত মাছৰ জুতি লবলৈ এইদৰে গ্ৰাহকে ভিৰ কৰিছে মাছৰ বজাৰত ৷

গুৱাহাটীৰ গণেশগুৰি বজাৰত ৩৫ কেজি ওজনৰ মাছ। বজাৰত ওলাইছে বাংলাদেশী ইলিছ মাছো।

নগাঁৱত মাছৰ বজাৰত ১২ কেজি ওজনৰ চিতল। কেজিত ১,২০০ টকাকৈ ১২,৪০০ টকাত বিক্ৰী হল চিতল মাছটো।

৮ কেজি ওজনৰ বৰালি লবলৈ গ্ৰাহকৰ হেতাওপৰা। ৯০০ টকা কেজিৰে ৭,২০০ টকাত বিক্ৰী হল বৰালি মাছটো

চিতল, বৰালিয়েই নহয়, ১৬ কেজি ওজনৰ ভকুৱা নগাঁৱৰ বজাৰত। ৪৫০ টকা কেজিত ৭,২০০ টকাত কিনিলে মাছটো।

মঙলদৈৰ বজাৰত ৩০ হাজাৰ টকীয়া ভকুৱা মাছ। ২০ কেজি ওজনৰ ভকুৱা মাছ কিনিবলৈ গ্ৰাহকৰ ভিৰ।

দৰং জিলা পুখুৰীৰ বাবে বিখ্যাত। থলুৱা মাছৰ এখন ভাল বজাৰ আছে মঙলদৈত। ডাঙৰ ডাঙৰ বৰালি, ৰৌ, আৰি মাছেৰে উভৈনদী হৈ পৰিছে মঙলদৈৰ মাছৰ বজাৰত ।

প্ৰতিকুল বতৰকো নেওচি পুৱতি নিশাৰ পৰা মাছৰ বজাৰত দেখা গৈছে গ্ৰাহকৰ ব্যাপক ভীৰ।

ৰৌ, বৰালি, চিতল তথা বিভিন্নধৰনৰ থলুৱা মাছেৰে ভৰি পৰিছে ভোগালীৰ মাছৰ বজাৰ। ২৫ কেজিৰ ৰৌ মাছৰ উপৰিও নগাওঁ, চোলোং, কুৰুৱাবাহী, বোকাখাতৰ জাপৰি বিলৰ মাছ উপলব্ধ হৈছে বোকাখাতৰ মাছৰ বজাৰত।

কেৱল এয়াই নহয় ম’হৰ এঠা দৈ, কোমল চাউল, গুৰ, চিৰা, পিঠা, লাৰু উপলব্ধ হৈছে ভোগালীৰ বজাৰত।

এনেদৰে এতিয়া প্ৰতিজন অসমীয়া সাজু হৈছে ভোগৰ উতসৱ ভোগালী উদযাপন কৰিবলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...