আজি উৰুকা! ভোগালী আদৰিবলৈ অসমবাসী সাজু

ভোগালী মানেই হ’ল ভোগ আৰু আনন্দৰ সমাহাৰ! আজি ভোগালী বিহুৰ উৰুকা। এই উৰুকাত এসাঁজ লগে ভাগে খোৱাৰ বাবে বজাৰত ব্যস্ত ৰাজ্যৰ জনসাধৰণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহত পুৱাই দেখা গৈছে গ্ৰাহকৰ ব্যাপক ভিৰ।

মহানগৰীৰ উজান বজাৰত মাছ কিনিবলৈ ওলাই আহিছে গ্ৰাহক। যাৰ ফলত ৰাতিপুৱাৰে পৰা উজান বজাৰত পৰিলক্ষিত হৈছে গ্ৰাহকৰ ভিৰ।

হেঁপাহৰ ভোগালীক আদৰিবলৈ সাজু ৰাজ্যবাসী। চহা খেতিয়কে কৃষি কৰ্মৰ অন্তত সোণগুটি লখিমী চপাই ভঁৰালত ভৰোৱাৰ পিছত এতিয়া লগে ভাগে খোৱাৰ সময়। ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ চলিছে ভোগালীৰ প্ৰস্তুতি। নিশাৰ উৰুকাৰ আয়োজনৰ বাবে ব্যস্ত ৰাইজ। বজাৰসমূহতো উজান উঠিছে ডাঙৰ ডাঙৰ মাছৰ। ৰাজ্যৰ প্ৰতিখন বজাৰতেই ৰৌ, ভকুৱা, চিতল, কান্ধুলি। এই মাছেৰে নিশা মেজি ঘৰত এসাঁজ খাবৰ বাবে টঙালি বান্ধিছে অসমীয়াই।

কৰ’ণা মহামাৰীৰ মাজতো ৰাজ্যৰ প্ৰতিটো প্ৰান্তত চলিছে ভোগালী বিহুৰ ব্যাপক আয়োজন। উৰুকা বুলি লগ হৈ সকলোৱে তৃপ্তিৰে এসাঁজ খাব আৰু কাইলৈ দোমাহীৰ দিনাই জ্বলাব মেজি।

NKTVৰ তৰফৰ পৰাও সমূহ ৰাজ্যবাসীলৈ ভোগালী বিহুৰ আন্তৰিক আৰু হিয়াভৰা ওলগ যাচিলোঁ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...