কলডিলৰ উপকাৰিতা জানি লওক ২ মিনিটত!

কলডিল বা কলফুলত স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় আয়ৰণ, ফাইবাৰ, খনিজ পদাৰ্থ আদি যথেষ্ট পৰিমাণে পোৱা যায়। কলডিলত প্রচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট পোৱা যায়। ই ৰক্তহীনতা দূৰ কৰে। সেইবাবে নিয়মীয়াকৈ কলডিল খাব লাগে। হৃদ ৰোগ, মধুমেহ নিয়ন্ত্ৰণত কলফুল অতি উপকাৰী। দুগ্ধপান কৰাই থকা মাতৃৰ বাবে কলফুল বৰ উপকাৰী। কলডিল সিজাই তাৰ লগত দৈ মিলাই খালে অতিমাত্রা ৠতুস্রাৱত সকাহ দিয়ে। কিডনীৰ সমস্যা, হজম শক্তি বৃদ্ধি, পেটৰ সংক্রমণ ৰোধত ই সহায়ক। নিম্ন ৰক্তচাপৰ বাবে লাভজনক, কিন্তু উচ্চ ৰক্তচাপ থাকিলে কলডিল খোৱাৰ পৰা বিৰত থাকিব লাগে। কিয়নো কলডিলত থকা পটেছিয়াম উচ্চ ৰক্তচাপৰ বাবে ক্ষতিকাৰক। কলডিলে কোষ্ঠকাঠিন্য সমস্যা দূৰ কৰে। সেইবাবে গৰ্ভাৱস্থাত দেখা দিয়া কোষ্ঠকাঠিন্য সমস্যা দূৰ কৰাৰ বাবে কলফুল সিজাই খাবলৈ দিব লাগে। কলডিল সিজাই জালুকৰ লগত খালে আভোক তথা বদহজমী দূৰ হয়, তেজ পৰিস্কাৰ কৰে। প্রচুৰ পৰিমানে আয়ৰণ পোৱা যায় বাবে উঠি অহা ল’ৰা ছোৱালীক কলডিল খোৱাব লাগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিৰাট উপহাৰ! মিচেলক নিজে স্বাক্ষৰ কৰা জাৰ্চি প্ৰদান কৰিলে বিৰাট কোহলীয়ে

ভাৰত-নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হৈ যোৱা তিনিখনীয়া এদিনীয়া ছিৰিজত ডেৰিল...

গাজাত শান্তি ঘূৰাই অনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় গোটলৈ পাকিস্তানক আমন্ত্ৰণ ট্ৰাম্পৰ

গাজাত শান্তি ঘূৰাই অনাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে...

গাজাৰ ‘শান্তি ব’ৰ্ড’ৰ মঞ্চলৈ ভাৰতক আমন্ত্ৰণ জনাইছে ড’নাল্ড ট্ৰাম্পে

শুল্ক যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এইবাৰ গাজাত...

চুইজাৰলেণ্ডৰ ডাভোছৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

চুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগা...