অসমীয়া জাতিৰ আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক জীৱনলৈ নৱজাগৰণ কঢ়িয়াই অনা মহান বৈষ্ণৱ সাধক তথা সাহিত্যিক মহাপুৰুষ মাধৱদেৱৰ আজি তিৰোভাৱ তিথি। প্ৰতিবছৰে ভাদ মাহৰ শুক্লা নৱমীত মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথিত তেওঁক শ্ৰদ্ধা আৰু ভক্তিৰে সোঁৱৰণ কৰা হয়। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে সমগ্ৰ ৰাজ্যতে উখল-মাখল পৰিৱেশ। পুৱাৰে পৰা সত্ৰ-নামঘৰত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ। মহাপুৰুষজনাৰ ৪৩১ সংখ্যক তিৰোভাৱ তিথিত গুৰুজনাৰ অমৰ সৃষ্টি ‘নামঘোষা’ আৰু ‘ভক্তি ৰত্নাৱলী’ৰ পৱিত্ৰ ঘোষাৰ ধ্বনিৰে মুখৰিত হৈছে ৰাজ্যৰ ঐতিহাসিক সত্ৰ-নামঘৰ চৌহদ। সত্ৰনগৰী বৰপেটাৰ পৰা আৰম্ভ কৰি বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীলৈকে অগণন ভক্তৰ সমাগমেৰে উদযাপন কৰা হৈছে মহাপুৰুষজনাৰ তিৰোভাৱ তিথি। মহাপুৰুষজনাৰ জন্মস্থান লেটেকুপুখুৰীটো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে তিৰোভাৱ তিথি। পুৱাৰ শুভলগ্নৰ পৰাই খোল-তাল আৰু নাম-কীৰ্তনৰ অমিয়া সুৰেৰে সৃষ্টি কৰিছে এক আধ্যাত্মিক পৰিৱেশৰ।
মহাপুৰুষ শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰি একশৰণ নামধৰ্ম প্ৰচাৰত নিজকে উৎসৰ্গা কৰা গুৰুজনাৰ তিৰোভাৱ তিথিত কেৱল তেওঁক স্মৰণ কৰাই নহয়, তেওঁৰ আদৰ্শকো পুনঃস্মৰণ কৰাৰো দিন। তেওঁৰ এই আদৰ্শই অসমীয়া সমাজ সংস্কাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই উপলক্ষে সত্ৰ-নামঘৰসমূহত বর্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হৈছে গুৰুজনাৰ তিথি। অনুষ্ঠিত কৰা হৈছে নাম-প্ৰসংগ, কীৰ্তন, বৰগীতৰ লগতে ধৰ্মীয় আলোচনা সভা।
জাত-পাত, উচ্চ-নীচৰ ভেদাভেদ সামৰি সমাজত সমতা, ভাতৃত্ববোধ আৰু আৰু ঐক্যৰ বাণী প্ৰচাৰ কৰা মহাপুৰুষ মাধৱদেৱৰ শিক্ষা-আদৰ্শ আজিৰ দিনতো অতি প্ৰাসংগিক। হিংসা, বিদ্বেষ, অসহিষ্ণুতাৰে ভৰা সমাজত তেওঁৰ প্ৰেম, শান্তি আৰু মানৱতাৰ বাণীয়ে সমাজক সঠিক দিশেৰে আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰে। তেওঁৰ আদৰ্শক সাৰোগত কৰি সৎ পথেৰে আগবাঢ়ি যোৱাটোৱেই হ’ব তেওঁৰ তিৰোভাৱ তিথিত তেওঁলৈ আগবঢ়োৱা প্ৰকৃত শ্ৰদ্ধাঞ্জলি।
