প্ৰধানমন্ত্ৰী মোদীৰ সোণ ক্ৰয় হ্ৰাস কৰাৰ আহ্বানৰ পিছতে সোণৰ ষ্টকত ব্যাপক পতন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিতান্তই প্ৰয়োজন নহ’লে সোণ ক্ৰয়ৰ পৰা বিৰত থাকিবলৈ দেশবাসীক আহ্বান জনোৱাৰ পিছতে সোণৰ ষ্টকসমূহৰ মূল্যত ব্যাপক পতন ঘটিছে। সামাজিক মাধ্যম ইনষ্টাগ্ৰামৰ জৰিয়তে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিগৰাকী নাগৰিকেই ‘স্বদেশী’ আৰু ‘ভকেল ফৰ লোকেল’ৰ মন্ত্ৰ গ্ৰহণ কৰা উচিত। কেৱল আমোদ-প্ৰমোদৰ বাবে বিদেশ ভ্ৰমণ কৰা বা বিদেশত বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে ‘ৱেডিংস্ক ইন ইণ্ডিয়া’ (Weddings in India) মন্ত্ৰৰে দেশৰ ভিতৰতে সকলো সম্পন্ন কৰিব লাগে বুলি উল্লেখ কৰি তেওঁ অতি প্ৰয়োজনীয় নহ’লে সোণ কিনাৰ পৰাও বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে দেশে যিমানেই স্বদেশী আৰু আত্মনিৰ্ভৰশীলতাক অগ্ৰাধিকাৰ দিব, সিমানেই স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত যুৱপ্ৰজন্মৰ হাতত এখন ‘বিকশিত ভাৰত’ তুলি দিয়াৰ আত্মবিশ্বাস বৃদ্ধি পাব। আজিৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তেহে ভৱিষ্যত প্ৰজন্মৰ সপোন বাস্তৱায়িত হ’ব বুলি উল্লেখ কৰি তেওঁ ১৪০ কোটি ভাৰতীয়ৰ ঐক্যবদ্ধ শক্তিৰে দেশক নতুন উচ্চতালৈ লৈ যাবলৈ সকলোকে এই সংকল্পৰ অংশীদাৰ হ’বলৈ আহ্বান জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰমুজ প্ৰণালী আৰু ওমানৰ উপকূলৰ সমীপত টেংকাৰত আক্ৰমণ; সন্ধানহীন দুই ভাৰতীয় নাৱিক

১১ অক্টোবৰত হৰমুজ প্ৰণালী অঞ্চল আৰু ওমানৰ উপকূলৰ ওচৰত...

বিশ্বৰ প্ৰত্যাহ্বানসমূহৰ সমাধানৰ সামৰ্থ্য আছে ভাৰতীয় যুৱ প্ৰজন্মৰ; ভাৰতীয় যুৱ শক্তিৰ ওপৰত আস্থা প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

চেন্নাইৰ জয়গোপাল গাৰোডিয়া হিন্দু বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত...

আমিনগাঁৱত ১০ কোটি টকা মূল্যৰ য়াবা টেবলেট জব্দ;গ্ৰেপ্তাৰ সৰবৰাহকাৰী

কামৰূপ জিলাৰ আমিনগাঁৱত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য...