আজি ‘ক্ৰিকেটৰ ভগৱান’ শচীন টেণ্ডুলকাৰৰ ওপজা দিন

৬৬৪খন আন্তঃৰাষ্ট্ৰীয় মেচ
আন্তঃৰাষ্ট্ৰীয় মেচত ৩৪,৩৫৭ ৰান
কেৰিয়াৰত ২০১টা উইকেট
২০১১ৰ বিশ্বকাপ ক্ৰিকেট জয়
শতৰানৰ শতক অৰ্জন কৰা একমাত্ৰ ক্ৰিকেটাৰ
ভাৰতৰত্ন লাভ কৰা প্ৰথমখন খেলুৱৈ

ছাৰ ডন ব্ৰেডমেনৰ পিছত তেওঁক সৰ্বশ্ৰেষ্ঠ বেটছমেন হিচাপে ৰেটিং দিয়া হয়। টেণ্ডুলকাৰৰ উত্থান আছিল নব্বৈৰ দশকত ভাৰতৰ সমৃদ্ধিৰ যেন পৰিপূৰক। এই দশকটোত শচীনে যিদৰে ভাৰতীয়ৰ মনত সাঁচ বহুৱাইছিল, আন কোনো খেলুৱৈয়ে সেই স্থান দখল কৰিব পৰা নাছিল। প্ৰায় ডেৰ দশক ধৰি নিজৰ কেৰিয়াৰত অভিলেখৰ উপৰি অভিলেখ সৃষ্টি কৰিছিল, নতুন মাইলৰ খুঁটি স্থাপন কৰিছিল আৰু সাফল্যৰ অভূতপূৰ্ব শিখৰ চুমিছিল।

এদিনীয়া, টেষ্ট আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ তেণ্ডুলকাৰৰ নামত। এদিনীয়াত শচীন টেণ্ডুলকাৰৰ সৰ্বমুঠ ১৮,৪২৬ ৰান। শচীনৰ পিছতে আছে কুমাৰ সাংগাকাৰা আৰু বিৰাট কোহলিৰ স্থান। সামগ্ৰিকভাৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত টেণ্ডুলকাৰে ৩৪,৩৫৭ ৰান সংগ্ৰহ কৰিছে। এই তালিকাত শচীনৰ পিছতে আছে কুমাৰ সাংগাকাৰা, ৰিকি পণ্টিং, বিৰাট কোহলি আৰু মহেলা জয়ৱৰ্ধনেৰ নাম।

সামগ্ৰিকভাৱে টেণ্ডুলকাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শতৰানৰ শতক অৰ্জন কৰিছে। টেণ্ডুলকাৰৰ পিছতে আছে বিৰাট কোহলি। কোহলিৰ পিছতে আছে ৰিকি পণ্টিং, কুমাৰ ছাংগাকাৰা আৰু জেক কালিছ। ১৯৯৬ চনৰ পৰা ১৯৯৯ চনৰ মাজৰ ৪ বছৰত শচীনৰ কেৰিয়াৰ আছিল অনবদ্য। ভাৰতীয় ক্ৰিকেটত নতুন মাত্ৰা প্ৰদান কৰা শচীনক লৈ কত যে অভিধা মাষ্টাৰ ব্লাষ্টাৰ, ক্ৰিকেটৰ ভগৱান ইত্যাদি ইত্যাদি। ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰলৈ কোনো এজন খেলুৱৈক ভাৰত চৰকাৰে প্ৰদান কৰিছিল সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন। ১৯৭৩ চনৰ আজিৰ দিনটোত জন্মগ্ৰহণ কৰিছিল মহান ক্ৰিকেটাৰজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...